আজাৰাৰ ৰাণীত অৰ্বাণ ৰছাই 'খাতিৰদাৰী' উদ্বোধন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Sunday 15 October 2023

আজাৰাৰ ৰাণীত অৰ্বাণ ৰছাই 'খাতিৰদাৰী' উদ্বোধন


 


খাদ্য প্ৰেমীসকলে এটা চালৰ তলত মাল্টি কুইজিন ফুড, মিঠাই আৰু বেকাৰী সামগ্ৰী লাভ  কৰিব 



W7s news,,,গুৱাহাটী, ১৫ অক্টোবৰ: গুৱাহাটীৰ পাশ্বৱৰ্তী আজৰাৰ ৰাণীত অনুষ্ঠানিক ভাবে মুকলি কৰা হয় এ ফাইন ডাইন ৰেষ্টুৰেণ্ট 'খাতিৰদাৰী'। দ্যা অৰ্বাণ ৰছাই'খাতিৰদাৰী' ৰেষ্টুৰেণ্ট খন আজি অনুষ্ঠানিক ভাবে উদ্ধোধন কৰে প্ৰাগ নিউজৰ চি এম ডি সঞ্জীৱ নাৰায়ণে। উক্ত অনুষ্ঠানত ৰেষ্টুৰেণ্ট খনৰ অংশীদাৰ যোগেশ উপাধ্যায়, দীপংকৰ বৰুৱা,ধীৰাজ খট্টৰৰ লগতে বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে।  

উদ্বোধনী অনুষ্ঠানত  মুখ্য অতিথি  নাৰায়ণে কয় যে গুৱাহাটীৰ উপকণ্ঠত বিশেষকৈ ৰাণী অঞ্চলত ৰেষ্টুৰেণ্ট দ্ৰুতগতিত মুকলি হোৱাৰ ফলত ইয়াত থকা লোকসকলে খাদ্যৰ প্ৰতি থকা তেওঁলোকৰ আকৰ্ষণ আৰু অধিক বৃদ্ধি পাব।এনে পৰিস্থিতিত দীৰ্ঘদিন ধৰি মাল্টি কুইজিন ফাইন ডাইন ৰেষ্টুৰেণ্টৰ অভাৱ আছিল, যিটো আজি 'খাতিৰদাৰী' দ্য আৰ্বান ৰছাই মুকলি হোৱাৰ পিছত সেই অভাৱ পূৰণ হ'ল। 

অনুষ্ঠানটোত ৰেষ্টুৰেণ্টৰ অংশীদাৰ যোগেশ উপাধ্যায়ে কয় যে ১৬০০ বৰ্গফুটৰ এই ৰেষ্টুৰেণ্টখনত এক সুন্দৰ ডাইনিং এলেকাত ৬০জনত কৈ অধিক লোকৰ বহাৰ ক্ষমতা আছে।ৰেষ্টুৰেণ্ট খনৰ মেনুত ভেজিটেৰিয়ান আৰু নন-ভেজিটেৰিয়ান দুয়োটাৰ ব্যৱস্থা ৰখা হৈছে। ৰেষ্টুৰেণ্টখনৰ ভিতৰভাগ সম্পূৰ্ণ স্বাস্থ্যকৰ পৰিৱেশৰ সৈতে এক অতি আধুনিক ৰূপত সজাই তোলা হৈছে।'খাতিৰদাৰী' ৰেষ্টুৰেণ্টৰ বিশেষত্ব হৈছে ভাৰতীয় খাদ্যৰ সম্পূৰ্ণ সোৱাদ লোৱাৰ সুবিধা থকাৰ লগতে ভাৰতীয়, চীনা, দক্ষিণ ভাৰতীয়, উত্তৰ ভাৰতীয়, মহাদেশীয়, মকটেল ইত্যাদিৰ সৈতে স্বকীয়তাৰ সোৱাদ লব পাৰিব খাদ্য প্ৰেমিকে। ইয়াৰ বাহিৰেও গ্ৰাহকসকলে আমাৰ ৰেষ্টুৰেণ্টত সতেজ মিঠাই, স্নেক্স আৰু বেকাৰী সামগ্ৰী লাভ কৰিব।আনহাতে অংশীদাৰ দীপংকৰ বৰুৱাই কয় যে আমাৰ ৰেষ্টুৰেণ্টত সৰু সৰু উৎসৱ উদযাপনৰ বাবে বিশেষকৈ জন্মদিন, বাৰ্ষিকী, কিটি পাৰ্টি আদিৰ দৰে অনুষ্ঠান উপভোগ কৰিবলৈ প্ৰি-বুকিংৰ সুবিধা আছে। অতি সোনকালেই 'খাতিৰদাৰী' ৰেষ্টুৰেণ্ট চুইগি আৰু জোমাটোত উপলব্ধ হ'ব যাতে যিকোনো লোকে ঘৰত বহি খাতিৰদাৰীৰ সুস্বাদু খাদ্য, মিঠাই আৰু বেকাৰী সামগ্ৰী সোৱাদ কৰিবলৈ সক্ষম হয়। অংশীদাৰ ধীৰাজ খট্টৰে কয় যে আমি গুৱাহাটীৰ সকলো খাদ্য প্ৰেমীক আমাৰ ফাইন ডাইনিং ৰেষ্টুৰেণ্টলৈ যাবলৈ অনুৰোধ জনোৱা হল যাতে কেৱল 'খাতিৰদাৰী' অৰ্বাণ ৰছাইত অনন্য আৰু মুখত পানী দিয়া ৰন্ধনপ্ৰণালী জুতি লব পাৰে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here