আন্তৰ্জাতিক গ্ৰাম্য মহিলা দিৱসত ১৮,০০০ মহিলা সবলীকৰণ ডালমিয়া ভাৰতৰ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday 16 October 2023

আন্তৰ্জাতিক গ্ৰাম্য মহিলা দিৱসত ১৮,০০০ মহিলা সবলীকৰণ ডালমিয়া ভাৰতৰ


 



W7s news,গুৱাহাটী, ১৫ অক্টোবৰ, ২০২৩:     ডালমিয়া ভাৰত গ্ৰুপে আন্তৰ্জাতিক গ্ৰাম্য মহিলা দিৱসত  ১৮,০০০ মহিলা  সৱলীকৰণৰ  কথা ঘোষণা কৰে।   আত্ম-সহায়ক গোট স্থাপনৰ জৰিয়তে, এই মহিলাসকলক দক্ষতা প্ৰশিক্ষণ আৰু বহনক্ষম জীৱিকা বিকাশৰ বাবে প্ৰশিক্ষণ প্ৰদান কৰা হয়। এন.আৰ.এল.এম.(NRLM), নাবাৰ্ড (NABARD) আদি বিভিন্ন সংগঠনৰ সহযোগত ডালমিয়া ভাৰতে কৃষি আৰু অনা-কৃষি খণ্ডত ক্ষুদ্ৰ উদ্যোগ বিকাশ, হস্তশিল্প উৎপাদনৰ দৰে বিভিন্ন প্ৰশিক্ষণৰ আয়োজন কৰে।  ডালমিয়া ভাৰত গ্ৰুপে  ভাৰতৰ  ১২ খন ৰাজ্যত এই প্ৰশিক্ষণ আৰম্ভ কৰে। অসম আৰু মেঘালয় ৰাজ্যত, ডালমিয়া ভাৰতে পশুপালন, কাঠফুলা খেতি, কৃষি-নিউট্ৰি বাগিচা, টেইলাৰিং, সৌন্দৰ্য সেৱা আৰু বহুতো ক্ষেত্ৰত দক্ষতা বিকাশ আৰু উদ্যোগ প্ৰশিক্ষণৰ আয়োজন কৰে।  ডালমিয়া ভাৰতে নাবাৰ্ডৰ (NABARD)সহযোগত এছএইচজি (SHG) মহিলাসকলক ক্ষুদ্ৰ উদ্যোগ বিকাশৰ বাবে ছাগলী প্ৰতিপালন দক্ষতাৰে শক্তিশালী কৰাৰ বাবে প্ৰশিক্ষণ প্ৰদান কৰিছে। ইয়াৰ উপৰিও,  উষা (USHA) ইণ্টাৰনেচনেলৰ অংশীদাৰীত্বত 'চিলাই স্কুল' কাৰ্যসূচী চিলাইৰ জৰিয়তে উপাৰ্জনত উদগনি দি অসম আৰু মেঘালয়ৰ মহিলাসকলক সমৰ্থন কৰে। পুষ্টি, স্বাস্থ্য  প্ৰশিক্ষণ, 'কৃষি নিউট্ৰি গাৰ্ডেন' কৰ্মশালাৰ   যোগেদি  মহিলাসকলক খাদ্য প্ৰক্ৰিয়াকৰণত ক্ষুদ্ৰ ব্যৱসায় স্থাপন কৰাৰ জ্ঞান প্ৰদান কৰে।  এই ক্ষেত্ৰত ডালমিয়া ভাৰতে ১২০০   মহিলা সক্ৰিয় কৰি তুলিছে।  ইয়াৰ জৰিয়তে মহিলাসকলে 8,০০০ টকাৰ পৰা ১০,০০০  টকালৈকে মাহিলী উপাৰ্জন কৰি আৰ্থিকভাৱে স্ব নিৰ্ভৰশীল হ'ব, তেওঁলোকৰ ব্যক্তিগত কল্যাণ আৰু পৰিয়ালক সমৰ্থন কৰাৰ সামৰ্থ্য যথেষ্ট উন্নত কৰিব।প্ৰতি বছৰে  ১৫ অক্টোবৰত পালন কৰা আন্তৰ্জাতিক গ্ৰাম্য মহিলা দিৱসত কৃষি, খাদ্য সুৰক্ষা আৰু গ্ৰাম্য বিকাশত গ্ৰাম্য মহিলাৰ গুৰুত্বপূৰ্ণ ভূমিকা উদযাপন কৰা হয়। ই তেওঁলোকক শক্তিশালী কৰা, অসমতা দূৰ কৰা, আৰু লিংগ সমতা আৰু বহনক্ষম বিকাশৰ বাবে বিশ্বব্যাপী লক্ষ্যৰ সৈতে সংগতি ৰখাৰ প্ৰয়োজনীয়তাৰ ওপৰত আলোকপাত কৰে। আন্তৰ্জাতিক গ্ৰাম্য মহিলা দিৱসত কোম্পানীৰ পদক্ষেপ সন্দৰ্ভত মন্তব্য কৰি ডালমিয়া ভাৰত ফাউণ্ডেচনৰ মুখ্য কাৰ্যবাহী বিষয়া  মিঃ অশোক কুমাৰ গুপ্তাই কয়, “ উন্নয়নশীল দেশবোৰৰ গ্ৰাম্য মহিলাসকলে খাদ্য সুৰক্ষা আৰু অৰ্থনৈতিক বিকাশত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে কিন্তু গুৰুতৰ তুচ্ছকৰণৰ সন্মুখীন হয়, যাৰ ভিতৰত আছে সীমিত ভূমিৰ মালিকানা, উচ্চ নিৰক্ষৰতাৰ হাৰ আৰু পুৰুষৰ তুলনাত অ-সম উপাৰ্জন। এনে  কাৰ্যসূচীৰ জৰিয়তে  ডালমিয়া ভাৰত গ্ৰাম্য মহিলাসকলক উন্নত কৰাৰ বাবে সমৰ্পিত , যি সকলে ঘৰুৱা দায়িত্ব বোৰ পৰিচালনা কৰাৰ লগতে তেওঁলোকৰ উপাৰ্জন বৃদ্ধি কৰে।“

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here