উত্তৰ পূবৰ আকাশ আছে আমাৰ নজৰত ; বৰঝাৰৰ বায়ু সেনাৰ ঘাটিত যুদ্ধ বিমান , হেলিকপ্টাৰৰ প্ৰদৰ্শনীত ইষ্টাৰ্ণ এয়াৰ কমাণ্ডৰ মূৰব্বী এয়াৰ মার্শাল এছ পি ধাৰকাৰ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Sunday 15 October 2023

উত্তৰ পূবৰ আকাশ আছে আমাৰ নজৰত ; বৰঝাৰৰ বায়ু সেনাৰ ঘাটিত যুদ্ধ বিমান , হেলিকপ্টাৰৰ প্ৰদৰ্শনীত ইষ্টাৰ্ণ এয়াৰ কমাণ্ডৰ মূৰব্বী এয়াৰ মার্শাল এছ পি ধাৰকাৰ

 



W7s news গুৱাহাটী:: উত্তৰ পূবৰ ৰাজ্যকেইখন  চীন, ম্যানমাৰ, ভূটান, বাংলাদেশআদি ৰাষ্ট্ৰই আগুৰি  থাকিলেও ভাৰতীয় বায়ু সেনাই  নজৰত ৰাখিছে উত্তৰ-পূবৰ আকাশ। উত্তৰ-পূবৰ আকাশত কোনো বিদেশী বিমান প্ৰৱেশ কৰিলেও তাক অত্যাধুনিক ৰাডাৰে তৎক্ষণাত ধৰা পেলাব পাৰে। এই কথা সদৰি কৰিছে ভাৰতীয় বায়ু সেনাৰ শ্বিলংস্থিত ইষ্টাৰ্ণ কমাণ্ডৰ এয়াৰ অফিচাৰ কমাণ্ডৰ-ইন-চিফ এয়াৰ মাৰ্শ্বাল এছ পি ধাৰকাৰৰ। আজি বিয়লি গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ বৰঝাৰস্থিত ১৯ উয়ংঙৰ ভাৰতীয় বায়ু সেনাৰ ঘাটিত আয়োজিত যুদ্ধ বিমান , হেলিকপ্টাৰৰ প্ৰদৰ্শনীত মুখ্য অতিথি হিচাপে ভাগ লৈ সাংবাদিকৰে সৈতে হোৱা এক মত বিনিম়য় অনুষ্ঠানত এই ঘোষণা কৰে এয়াৰ মার্শাল এছ পি ধাৰকাৰে। এয়াৰ মাৰ্শ্বাল ধাৰকাৰে কয় আমি তথ্য পোৱা অনুসৰি চীন দেশে প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ সমীপত  বিমানঘাটী, হেলিপেড আদি নিৰ্মাণ কৰিছে । আমিও তেওঁলোকে যাতে আকাশী সীমা উলংঘন কৰিব নোৱাৰে তাৰ বাবে  অৰুণাচল প্ৰদেশত বিমান, হেলিকপ্টাৰ আদিৰ উৰণ - অবতৰণৰ বাবে  এডভান্স লেংণ্ডিং খাউণ্ড, বিমানঘাটী,  হেলিপেড নিৰ্মাণ কৰিছো । ভাৰতীয় সেনাৰ বিভিন্ন চাউনিতো হেলিপেড নিৰ্মাণ কৰ হৈছে যাতে চীনৰ সৈতে মোকাবিলা কৰিব পাৰি ৷ হাছিমাৰাত থকা বায়ু সেনাৰ ঘাটীত অত্যাধুনিক যুদ্ধ বিমান ৰাফালৰ শক্তিশালী স্কোৱাদ্ৰণ মজুত ৰখা হৈছে। উত্তৰ পূবৰ বিভিন্ন বায়ু সেনাৰ ঘাটীবোৰত যুদ্ধ বিমান, হেলিকেপ্টাৰ, অত্যাধুনিক অস্ত্র-শস্ত্র মজুত ৰখা হৈছে।  উত্তৰ-পূবৰ আকাশ ৰক্ষা কৰিবলৈ ভাৰতীয় বায়ু সেনা ২৪ ঘণ্টাই অহৰহ  সষ্টম হৈ থাকে বুলি এয়াৰ মাৰ্শ্বাল এছ পি ধাৰকাৰে সদৰি কৰে। ইফালে বিয়লি ১.৩০ বজাৰ পৰা ২.৩০ বজালৈ অনুষ্ঠিত যুদ্ধ বিমান প্রদর্শনীত অত্যাধুনিক যুদ্ধ বিমান ৰাফেল আৰু এছ ইউ-৩০, ডৰ্ণিয়াৰে বিভিন্ন কলা- কৌশল প্ৰদৰ্শন কৰে। অৱশ্যে বিমান প্ৰদৰ্শনীৰ বিশেষ আকর্শণ আছিল চাৰিখন চাৰং শ্ৰেণীৰ হেলিকপ্তাৰৰ বিশেষ কলা কৌশল প্ৰদৰ্শন ।  অনুষ্ঠানত ভাৰতীয় বায়ু সেনাৰ ইষ্টাৰ্ণ কমাণ্ডৰ মহিলা কল্যাণ সংস্থাৰ ক্ষেত্ৰীয় অধ্যক্ষা মিতা ভাৰ্গব, ১৯ উয়ংঙৰ এয়াৰ অফিচাৰ কমাণ্ডি এয়াৰ কমডৰ এছ এছ প্ৰভুবনকে ধৰি বায়ু সেনা , ভাৰতীয় সেনা আৰু অসম আৰক্ষীৰ কেবাজনো উচ্চপদস্থ বিষয়া, এন চি চি কেডেট, বহু ছাত্ৰ - ছাত্ৰী উপস্থিত আছিল ।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here