দিছপুৰ প্ৰেছ ক্লাবত 'নয়া ঠাহৰ'ৰ পূজা সংখ্যা উন্মোচন - W7S News

Breaking News

demo-image

Home Top Ad

Responsive Ads Here

Post Top Ad

Monday, 16 October 2023

demo-image

দিছপুৰ প্ৰেছ ক্লাবত 'নয়া ঠাহৰ'ৰ পূজা সংখ্যা উন্মোচন

Responsive Ads Here


 


W7s news গুৱাহাটী:শাৰদীয় দূর্গোৎসৱৰ প্ৰাক্ক্ষণত দিছপুৰ প্ৰেছ ক্লাবত 'নয়া ঠাহৰ'ৰ পূজাৰ বিশেষ সংখ্যা উন্মোচন কৰা হয়। বিশিষ্ট সাংবাদিক অমল গুপ্তৰ সম্পাদনাত  তথা একক প্ৰচেষ্টাত এইবাৰ 'নয়া ঠাহৰ'ৰ সপ্তদশ পূজা সংখ্যা উন্মোচন কৰে বিশিষ্ট সাহিত্যক ড০ জয়শ্ৰী গোস্বামীয়ে। উন্মোচন ভাষণত তেওঁ কয় '-ঠাহৰ' আলোচনীখনৰ সৈতে মই জন্মলগ্নৰে সৈতে  জড়িত। আলোচনীখনত মই বহু বাৰ লিখিছোঁ । এই আলোচনীখনে এতিয়া :নয়া ঠাহৰ' নাম পালে। আলোচনীখনৰ এইবাৰৰ পুজা সংখ্যাত ভালেমান গুৰুত্বপূৰ্ণ লেখা সন্নিবিষ্ট কৰা হৈছে। অমল গুপ্তৰ মানুহৰ প্ৰতি যথেষ্ট শ্ৰদ্ধা, আন্তৰিকতা আৰু মৰম আছে। তেওঁ প্ৰতিবছৰে এই আলোচনীখন বৰ আগ্ৰহেৰে প্ৰকাশ কৰি আহিছে। তেওঁৰ জীবনলৈ অহা ঘাট-প্ৰতিঘাটক নেওচিও সমাজৰ বাবে সেৱা আগবঢ়াই আছে। আজিৰ যুগত মানুহে দিব পৰা আটাইতকৈ মূল্যবান সম্পদে হৈছে সময়। তেওঁৰ সু-স্বাস্থ্য আৰু দীর্ঘায়ু কামনা কৰিলোঁ।' সভাত বিশিষ্ট অতিথি হিচাপে

অংশগ্ৰহণ কৰি তেজপুৰ বিশ্ববিদ্যালয়ৰ ভাষাতত্ব আৰু ভাষা প্ৰযুক্তি বিভাগৰ সহকাৰী অধ্যাপকড০ অৰূপ কুমাৰ নাথে কয়- বঙালী ভাষা এটা অতি সমৃদ্ধ ভাষা। অসমত প্ৰায় ২২ ৰ ২৫ শতাংশ লোকে বঙালী ভাষা মাতৃ ভাষা হিচাপে কয়। তেওঁলোকৰ মাতৃভাষাৰ প্ৰতি শ্ৰদ্ধা অতুলনীয়। অন্য ভাষা ভাষীলোকে তেওঁলোকৰ পৰা এইকথা অনুসৰণ কৰিব পাৰে। নিজৰ নিজৰ  ভাষা সংস্কৃতি জীয়াই ৰাখিবলৈ সকলোবে দায়বদ্ধ হ'ব লাগে।ভাষা হেৰুৱালে যিকোনো জাতিৰ আত্মপৰিচয় নোহোৱা হৈ যায়। সেই বাবে সকলো জাতি-জনগোষ্ঠীয়ে নিজৰ মাতৃভাষাক নিৰবছিন্ন ভাবে আগবঢ়াই নিব লাগে। ভাৰতবৰ্ষৰ দৰে দেশত বহু ভাষিকতা এক সমৃদ্ধিশালী সম্পদ । এই সম্পদক শিক্ষা ব্যৱস্থাৰ জৰিয়তে ধৰি ৰখিটো চৰকাৰ তথা জনসাধাৰণৰ কৰ্তব্য। ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২২ এ এই ক্ষেত্ৰত ফলপ্ৰসু আঁচনি হাতত লৈছে যেন লাগিছে, যদিহে মাতৃভাষা ভিত্তিক বহুভাষিক শিক্ষা ব্যৱস্থাক সফল ৰূপায়ন দিব পৰা যায়। এইক্ষেত্ৰত আমি যথষ্ট আশাবাদী। এই আলোচনীখনৰ দীৰ্ঘায়ু কামনা কৰিলোঁ। লগতে প্ৰবীণ সাংবাদিক অমল গুপ্তক শুভেচ্ছা জনালোঁ। তেওঁ এনেদৰে সাংবাদিকতাৰ লগতে সাহিত্যৰ ক্ষেত্ৰখনো সমৃদ্ধ কৰক।'সভাত জ্যেষ্ঠ সাংবাদিক তথা দিছপুৰ প্ৰেছ ক্লাবৰ সাধৰাণ সম্পাদক কুঞ্জ মোহন ৰায়ে প্ৰবীণ সাংবাদিক অমল গুপ্তক শুভেচ্ছা জনোৱাৰ লগতে তেওঁৰ সু-স্বাস্থ্য কামনা কৰে।সভাত বিশিষ্ট সাংবাদিক তথা 'নয়া ঠাহৰ' আলোচনীৰ সম্পাদক অমল গুপ্তই আলোচনীখন প্ৰকাশৰ আঁৰৰ কথা তথা ১৭ বছৰীয়া যাত্ৰাৰ কথা কয়। আলোচনীখনৰ এইবাৰৰ সংখ্যাত পৰিবেশ সচেতনতা,প্লাষ্টিকৰ ব্যৱহাৰৰ অপকাৰীতা আদি কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় সন্নিবিষ্ট কৰা হৈছে বুলি কয়।সাংবাদিক অনুপমা ডেকাই আঁত ধৰা সভাখনত জ্যেষ্ঠ সাংবাদিক অৰূপ চক্ৰৱৰ্তী, পিয়ালী ঘোষ দে, দীপাঞ্জলি ডেকা, নকুল ৰয়,সমাজকর্মী বিক্ৰমজিত দে আদি উপস্থিত থাকে।সভাৰ আৰম্ভণিতে গীত পৰিবেশন কৰে নিবেদিতা বাসু ৰায় আৰু অভিলাষা চক্ৰৱৰ্তীয়ে। সভাত  নৃত্য পৰিবেশন কৰে শ্ৰেয়সী ৰায়ে।সভাখনত বহু সংখ্যক লোক উপস্থিত থাকে।উল্লেখ‍্য, বিশিষ্ট সাংবাদিক অমল গুপ্তই বিগত ১৭ বছৰ ধৰি শাৰদীয় দুৰ্গাপূজাৰ সময়ত 'নয়া ঠাহৰ'ৰ পূজাৰ বিশেষ সংখ্যা প্ৰকাশ কৰি আহিছে।

No comments:

Post a Comment

Post Bottom Ad

Contact Form

Name

Email *

Message *