'ব্ৰীজিং ব্ৰহ্মপুত্ৰ' মুকলি* - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday 13 October 2023

'ব্ৰীজিং ব্ৰহ্মপুত্ৰ' মুকলি*


 


W7s news,,,*গুৱাহাটী, :* সুদীৰ্ঘ ১০ বছৰৰ বিৰতিৰ পিছত উত্তৰ পূৰ্ৱাঞ্চলৰ খ্যাতনামা ফেশ্বন ডিজাইনাৰ দীপাংকৰ কাশ্যপে তেওঁৰ নৱতম কালেকশ্বন মুকলি কৰে ৷ 'ব্ৰীজিং ব্ৰহ্মপুত্ৰ' নামাংকিত এই কালেশ্বনটো অলপতে ডেহৰাডুনত অনুষ্ঠিত হোৱা 'ডেহৰাডুন ফেশ্বন উইক’ৰ মঞ্চত মুকলি কৰা হয়৷ কালেশ্বনটোত সন্নিৱিষ্ট কৰা হৈছে কটনৰ প্ৰিণ্টেড শ্বৰ্ট আৰু লং কূৰ্তা তথা বিভিন্ন নীলা প্ৰিণ্টৰ ছাৰ্ট৷ এই কালেশ্বনটো ব্ৰহ্মপুত্ৰ বীচ্চ ওৱেৰৰ দ্বাৰা অনুপ্ৰাণিত৷ কেতবোৰ কটনৰ ষ্ট'লো কালেশ্বনটোত সন্নিৱিষ্ট কৰা হৈছে৷ দুৰ্গোৎসৱৰ প্ৰাকক্ষণত এই কালেশ্বনৰ সমূহ পোছাক বজাৰত উপলব্ধ হ’ব৷ বিশেষকৈ যুৱ প্ৰজন্মক লক্ষ্য কৰিয়েই পোছাকসমূহ ডিজাইন কৰা হৈছে বুলি ডিজাইনাৰ গৰাকীয়ে জনায়৷ কলকাতাৰ প্ৰখ্যাত ফেশ্বন ফটোগ্ৰাফী সংস্থা এন কে লাইট এণ্ড শ্বেড-এ শ্বুট কৰা এই বিশেষ কালেশ্বনটোৰ ফটোশ্বুটত অংশগ্ৰহণ কৰে কলকাতাৰ ছুপাৰমডেল ৰঞ্জিত ৰাহিলৰ লগতে নীল, বিভাস, ভাস্কৰ আৰু অভিষেকে৷ তুষাৰ শ্বাহৰ মে’কআপত কালেশ্বনটোৰ ফটোশ্বুট কৰা হয় কলকাতাৰ ঐতিহ্যমণ্ডিত বেৰিষ্টাৰ বাবু বাৰীত৷

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here