ব্লেক টাইগাৰ চিমেণ্ট আৰু ছেক্টৰ ২, নুনমাটি গ্ৰাউণ্ড ইউনাইট টু চেলিব্ৰেট 'দিল চে ক্ৰিকেট' অনুষ্ঠান গুৱাহাটীত - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday 14 October 2023

ব্লেক টাইগাৰ চিমেণ্ট আৰু ছেক্টৰ ২, নুনমাটি গ্ৰাউণ্ড ইউনাইট টু চেলিব্ৰেট 'দিল চে ক্ৰিকেট' অনুষ্ঠান গুৱাহাটীত

 


W7s newsগুৱাহাটী : ছেক্টৰ ২, নুনমাটি গ্ৰাউণ্ড আৰু ব্লেক টাইগাৰ চিমেণ্ট-শনিবাৰে ভাৰত বনাম পাকিস্তান বিশ্বকাপ ক্ৰিকেট খেলখনৰ এক ৰোমাঞ্চকৰ লাইভ স্ক্ৰীণিং অনুষ্ঠান আয়োজন কৰিবলৈ সন্মিলিত প্ৰচেষ্টা হাতত লয়। এই 'দিল চে ক্ৰিকেট' অনুষ্ঠানটোৱে গুৱাহাটীৰ অত্যুৎসাহী ক্ৰিকেটপ্ৰেমী লোকসকলক এক বিশাল পৰ্দাত এই ৰোমাঞ্চকৰ খেলখন চাবৰ বাবে একে ঠাইতে সমবেত কৰে। বন্ধু তথা পৰিয়ালবৰ্গৰ বাবে এক পাহৰিব নোৱাৰা অভিজ্ঞতা হিচাপে গঢ়ি তোলা এই অনুষ্ঠানটো কেতবোৰ ৰুচিপূৰ্ণ খাদ্যৰ দোকানৰ লগতে প্ৰাণোচ্ছল চিয়েৰলীডাৰসকলৰ যোগেদি সজাই-পৰাই তোলা হয়।অনুষ্ঠানটোৰ সন্দৰ্ভত বক্তব্য ৰাখি ব্লেক টাইগাৰ চিমেণ্টৰ মেনেজিং পাৰ্টনাৰ  সঞ্জয় কুমাৰ গুপ্তাই কয়, "দিল চে ক্ৰিকেট' আছিল এই খেলটোৰ প্ৰতি থকা এক অংশগ্ৰহণমূলক আৱেগত সমাজখনক একে ঠাইতে সমবেত কৰোৱা, ক্ৰিকেট উদ্দীপনাৰ এক প্ৰকৃত উদযাপন। এই ৰোমাঞ্চকৰ অভিজ্ঞতাৰ বাবে ছেক্টৰ ২, নুনমাটি গ্ৰাউণ্ডৰ সৈতে সহযোগিতা কৰিবলৈ পাই আমি শিহৰিত হৈ পৰিছোঁ আৰু ভৱিষ্যতেও এনে ধৰণৰ ৰাজহুৱা অনুষ্ঠানৰ সৌষ্ঠৱ বৃদ্ধি কৰাৰ অধিক সুযোগ লাভ কৰিম বুলি আমি আশাবাদী।"


ঐক্যবদ্ধতা আৰু ক্ৰীড়াসুলভ মানসিকতাৰ এক সংস্কৃতি গঢ়ি তোলাৰ প্ৰতি থকা তেওঁলোকৰ প্ৰতিশ্ৰুতি সুদৃঢ় কৰি তোলা এই অনুষ্ঠানটোৱে ক্ৰীড়া, ৰাজহুৱা অনুষ্ঠান আৰু অংশীদাৰী সৌহাৰ্দ্যৰ এক সুসংগত সমন্বয়ৰ কথাকে বুজায়।২০১৭ চনত মুকলি কৰা ব্লেক টাইগাৰ চিমেণ্ট হৈছে গোল্ডষ্টোন চিমেণ্টছ লিমিটেডৰ (জিএছচিএল) আগশাৰীৰ ব্ৰেণ্ড আৰু ই হৈছে উত্তৰ-পূৰ্বাঞ্চলত অতি ক্ষিপ্ৰতাৰে গঢ়ি উঠা চিমেণ্টৰ ব্ৰেণ্ড। ব্লেক টাইগাৰ চিমেণ্টক এটা আগশাৰীৰ ব্ৰেণ্ড হিচাপে দেখিবলৈ পোৱা যায় আৰু গুণগত মানদণ্ডৰ ক্ষেত্ৰত এক উৎকৃষ্ট চিমেণ্ট হিচাপে জনা যায়। মেঘালয়ৰ পূব জয়ন্তীয়া পাহাৰ জিলাৰ এখন গাওঁ মুচিয়াং লামাৰে (পুৰণি)ত কোম্পানীটোৰ নিজৰ নিৰ্মাণ কাৰখানা আছে, যাৰ প্ৰতি বছৰে ১ নিযুত টন গ্ৰে' চিমেণ্ট (এমটিপিএ) ইনষ্টল কৰাৰ ক্ষমতা আছে আৰু ২০২৭ চনৰ ভিতৰত ৫ নিযুত এমটিপিএ-ত উপনীত হোৱাৰ এক সপোন আছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here