'W7s news : ‘হেলথ্ চিটি হাস্পতাল’ৰ উদ্যোগত আৰু মানসিক স্বাস্থ্যৰ সজাগতা তথা সমাজৰ মানসিক স্বাস্থ্যৰ ইতিবাচক উত্তৰণৰ ক্ষেত্ৰত কাম কৰি অহা “মন নিৰাময়” নামৰ সংস্থাৰ সহযোগত মঙলবাৰে “বিশ্ব মানসিক স্বাস্থ্য দিৱস” উদ্যাপন কৰা হয়। মূলত জনসাধাৰণৰ মাজত মানসিক স্বাস্থ্য সম্বন্ধে সজাগতা সৃষ্টি কৰি সমাজৰ পৰা মানসিক স্বাস্থ্যৰ লগত জড়িত কলঙ্ক আঁতৰোৱাৰ উদ্দেশ্য সমগ্ৰ বিশ্বতে ১০ অক্টোবৰ দিনটো বিশ্ব মানসিক স্বাস্থ্য দিৱস হিচাপে পালন কৰিবলৈ চিহ্নিত কৰা হৈছে। এই বছৰৰ এই দিৱসৰ মূল বিষয় হৈছে-“মানসিক স্বাস্থ্য বিশ্বজনীন মানৱ অধিকাৰ”।খানাপাৰাৰ ‘হেলথ্ চিটি হাস্পতাল' প্ৰাঙ্গনত অনুষ্ঠিত এই সজাগতা দিৱসৰ সম্ভাষণ ভাষণ আগবঢ়ায় চিকিৎসালয়ৰ শৈক্ষিক সঞ্চালক ডাঃ বিজু চৌধুৰীয়ে। মূল বিষয় পৰ্যালোচনা কৰি চিকিৎসালয়ৰ মানসিক ৰোগ বিভাগৰ মুৰব্বী চিকিৎসক তথা ‘মন নিৰাময়’ৰ সাধাৰণ সম্পাদক - ডাঃ অন্বেষক দাসে বক্তৃতা প্ৰদান কৰে। খ্যাতনামা চিকিৎসক আৰু ব্যক্তিগত খণ্ডৰ স্থানীয় চিকিৎসালয়খনৰ চিকিৎসা সঞ্চালক ডাঃ (প্ৰফেচাৰ) ভৱানী প্রসাদ চক্ৰৱৰ্ত্তীয়ে ‘চিকিৎসাৰ বহু বিভাগ উপলব্ধ আৰু উচ্চ চিকিৎসা বিভাগ সন্নিবিষ্ট চিকিৎসালয়ত মানসিক স্বাস্থ্যৰ গুৰুতত্বা' শীৰ্ষক ভাষণ প্ৰদান কৰে। অনুষ্ঠানৰ আন এক আকর্ষনীয় তথা চিন্তাগধুৰ আলোচনাত অভিনেতা কপিল বৰা, অভিনেত্রী তথা স্তম্ভ লেখিকা বৰ্ণালী পূজাৰী, জিলা শিশু সুৰক্ষা বিষয়া কিশোৰী বৰুৱা আৰু ‘এনাজৰী’নামৰ সামাজিক সংস্থাৰ প্ৰতিষ্ঠাপক মিলন দত্তই অংশগ্ৰহণ কৰে ।অনুষ্ঠানৰ শেষত চিকিৎসা মনোবিজ্ঞানী জয়শ্রী দাসে শলাগৰ শৰাই আগবঢ়ায় । ডাঃ অতুন বৰঠাকুৰ, ডাঃ বিকাশ চৌধুৰী, পৰাগজ্যোতি দত্ত আদি কৰি কেইবাজনো চিকিৎসক, বিষয়া কৰ্মচাৰী, চিকিৎসালয়খনৰ সেৱা আগবঢ়োৱা নাৰ্চ, ৰোগী-অভিভাৱকৰ উপস্থিতিত আয়োজিত এনেধৰণৰ অনুষ্ঠানে মানসিক স্বাস্থ্য সম্বন্ধে সমাজত সুস্থ বাতাবৰণৰ সৃষ্টি কৰিব বুলি সকলোৱে মত পোষণ কৰে ৷
Post Top Ad
Responsive Ads Here
Wednesday, 11 October 2023

‘হেলথ্ চিটি হাস্পতাল আৰু মন নিৰাময়'ৰ উদ্যোগত বিশ্ব মানসিক স্বাস্থ্য দিৱস পালন
Subscribe to:
Post Comments (Atom)
Post Bottom Ad
Responsive Ads Here
Author Details
Templatesyard is a blogger resources site is a provider of high quality blogger template with premium looking layout and robust design. The main mission of templatesyard is to provide the best quality blogger templates which are professionally designed and perfectlly seo optimized to deliver best result for your blog.
No comments:
Post a Comment