গুৱাহাটীত বেনেলি | কীৱেৰ এক্সক্লুছিভ শ্ব'ৰুম উদ্বোধন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday 10 October 2023

গুৱাহাটীত বেনেলি | কীৱেৰ এক্সক্লুছিভ শ্ব'ৰুম উদ্বোধন

 


 


~ ষ্টেট অৱ দা আৰ্ট শ্ব’ৰুমটোত প্ৰতিষ্ঠানটোৰ সমগ্ৰ ১২৫চিচি - ৫০০চিচি প্ৰিমিয়াম মডেল ৰেঞ্জ  প্ৰদৰ্শন কৰা  হৈছে ~


 


W7s news গুৱাহাটী: বেনেলি | কীৱে ইণ্ডিয়াই গুৱাহাটীত উদ্বোধন কৰিলে নতুন ডীলাৰশ্বিপ। এই  ডীলাৰশ্বিপটো  গুৱাহাটী, অসম – ৭৮১০২৯ ৰ  ডি.এন.টাৱাৰ, বশিষ্ঠ চাৰিআলি, ৰাষ্ট্ৰীয় ঘাইপথ- ৩৭, মেঘা প্লাজাৰ বিপৰীতে  অৱস্থিত। সম্পূৰ্ণ নতুন অত্যাধুনিক শ্ব’ৰুমটো গুৱাহাটী আৰু ইয়াৰ আশে-পাশে থকা বেনেলি | কীৱে ৰাইডাৰক বিক্ৰী, সেৱা আৰু স্পেয়াৰ সমৰ্থন আগবঢ়াব পৰাকৈ ডিজাইন কৰা হৈছে।


 


আপোনাৰ মটৰ্ছ এল এল পিৰ বেনাৰৰ অধীনত মুকলি কৰা এই 3S সুবিধাটো পৰিচালনা কৰে বেনেলি | কীৱে  গুৱাহাটীৰ ডীলাৰ প্ৰিন্সিপাল শ্ৰী মুকেশ কুমাৰ সিঙে। এই নতুন আউটলেটৰ সৈতে বেনেলি | কীৱে ইণ্ডিয়াই সমগ্ৰ ভাৰততে টাচ্চ পইণ্টৰ এক শক্তিশালী নেটৱৰ্ক গঢ়ি তুলিছে। এই শ্বৰুমত বেনেলিৰ ৰেঞ্জৰ ছুপাৰবাইকৰ লগতে শেহতীয়াকৈ মুকলি কৰা হাংগেৰীৰ মাৰ্কী কীৱেৰ সামগ্ৰীসমূহো প্ৰদৰ্শন কৰা হৈছে। শ্ব’ৰুমটোত  লগতে প্ৰকৃত ব্যৱসায়িক সামগ্ৰী আৰু এক্সেছৰিজৰ আকৰ্ষণীয় ৰেঞ্জো প্ৰদৰ্শন কৰা হৈছে।


 


উদ্বোধনী অনুষ্ঠানত ভাষণ দি বেনেলি | কীৱে  ইণ্ডিয়াৰ পৰিচালন সঞ্চালক বিকাশ ঝাবাখে কয়, “সমগ্ৰ ভাৰততে আমাৰ গ্ৰাহকৰ কাষ চাপিবলৈ আমাৰ ডিলাৰশ্বিপ নেটৱৰ্ক দ্ৰুতগতিত সম্প্ৰসাৰণ কৰিছো। এই সম্প্ৰসাৰণৰ  জৰিয়তে তেওঁলোকে বেনেলি আৰু কীৱেৰ দৰে বিখ্যাত ব্ৰেণ্ডৰ ক্লাছ লিডিং ছুপাৰবাইকৰ অভিজ্ঞতা লাভ কৰাৰ  লগতে অতুলনীয় গ্ৰাহক সেৱাও উপভোগ কৰিব পাৰে। আমি আপোনাৰ মটৰ্ছৰ সৈতে সহযোগিতা স্থাপন কৰি আনন্দিত হৈছো, আৰু  যিহেতু গ্ৰাহক প্ৰথম দৃষ্টিভংগীৰ প্ৰতি থকা তেওঁলোকৰ নীতিসমূহ প্ৰতিষ্ঠানটোৰ মূলমন্ত্ৰৰ সৈতে খাপ খাই পৰিছে, গতিকে তেওঁলোকৰ জৰিয়তে এই ব্ৰেণ্ডটোৰ পৰিচিত সেৱা গ্ৰাহকক আগবঢ়াব পাৰিম বুলি আমি নিশ্চিত।


 


উদ্বোধনী অনুষ্ঠানত মন্তব্য কৰি বেনেলি | কীৱে - গুৱাহাটীৰ  ডীলাৰ প্ৰিন্সিপাল শ্ৰী মুকেশ কুমাৰ সিঙে  কয়, “বেনেলি | কীৱে ইণ্ডিয়াৰ সৈতে জড়িত হ’বলৈ  পাই আমি নথৈ  আনন্দিত হৈছো। মালিকীস্বত্বৰ সৰ্বোত্তম অভিজ্ঞতা প্ৰদান কৰিব পৰাকৈ বেনেলি | কীৱে গুৱাহাটীক কোম্পানীটোৱে বিশ্ব মানদণ্ড অনুসৰি প্ৰশিক্ষণ দিয়া  হেতুকে আমাৰ গ্ৰাহকমুখী ব্যৱস্থাৰ দ্বাৰা আমি আমাৰ সকলো গ্ৰাহকক সমস্যামুক্ত প্ৰিমিয়াম বিক্ৰী আৰু সেৱাৰ  অভিজ্ঞতা প্ৰদানৰ লক্ষ্য  লৈছোঁ।"


নতুনকৈ মুকলি কৰা শ্ব'ৰুমত বেনেলি |


 


কীৱেৰ সমগ্ৰ গামুট প্ৰদৰ্শন কৰা হৈছে।


 


কীৱে ৰেঞ্জত ১২৫চিচিৰ পৰা ৩০০চিচিলৈকে ৮টা মডেল অন্তৰ্ভুক্ত কৰা হৈছে, যাৰ মূল্য ১.২০ লাখৰ পৰা ৪.২৯ লাখলৈ (সকলো মূল্য এক্স-শ্ব’ৰুম, ভাৰত) নিৰ্ধাৰণ কৰা হৈছে। ইয়াৰ ভিতৰত অন্তৰ্ভুক্ত আছে এছ আৰ১২৫ (ৰেট্ৰ’ ক্লাছিক), এছ আৰ২৫০ (নিঅ’–ৰেট্ৰ’), কে-লাইট ২৫০ভি (আৰ্বান ক্ৰুজাৰ), কে৩০০ এন (ষ্ট্ৰীট নেকেড স্প’ৰ্ট), কে৩০০ আৰ (ছুপাৰস্প’ৰ্ট), ভি৩০২চি (ববাৰ), ছিক্সটিছ ৩০০আই (ৰেট্ৰ’ স্কুটাৰ), ভিয়েষ্টে ৩০০ (মেক্সি স্কুটাৰ)।


 


বেনেলি ৰেঞ্জত ৫০০চিচি শাখাত ৪টা মডেল অন্তৰ্ভুক্ত কৰা হৈছে, যাৰ মূল্য প্ৰাৰম্ভিক  ৫.৬০ লাখৰ পৰা ৫.৬০ লাখ টকালৈ নিৰ্ধাৰণ কৰা হৈছে (সকলো  মূল্য  এক্স-শ্ব’ৰুম, ভাৰত)। ইয়াৰ ভিতৰত লিঅ’নচিনো ৫০০ (ষ্ট্ৰীট স্ক্ৰেম্বলাৰ), টি আৰ কে ৫০২ (গ্ৰেণ্ড ট্যুৰাৰ), টি আৰ কে ৫০২এক্স (এডভেঞ্চাৰ ট্যুৰাৰ), ৫০২চি (আৰ্বান ক্ৰুজাৰ)।


 


অতিৰিক্ত সুবিধাসমূহ:


●       বেনেলিৰ ৫০০ চিচি মডেল ৰেঞ্জৰ বাবে নূন্যতম বুকিং মূল্য হৈছে ১০,০০০ টকা আৰু কীৱে মডেল ৰেঞ্জৰ ন্যূনতম বুকিং মূল্য ১০০০ টকাৰ পৰা আৰম্ভ আৰু মডেল বিশেষ।


●       শ্ব’ৰুমত গৈ নাইবা india.benelli.com বা keeway-india.com. ত লগ ইন কৰি বুকিং কৰিব পাৰিব।


●       কীৱেৰ সকলো সামগ্ৰীত ২ বছৰৰ সীমাহীন কিলোমিটাৰ ষ্টেণ্ডাৰ্ড ৱাৰেণ্টিৰ সুবিধা


●       বেনেলিৰ ৫০০চিচি মডেল ৰেঞ্জত ৩ বছৰৰ সীমাহীন কিলোমিটাৰ ষ্টেণ্ডাৰ্ড ৱাৰেণ্টি


●       বেনেলি | কীৱে গ্ৰাহকৰ বাবে ২৪x৭ ৰোড ছাইড এছিষ্টেন্স।


 


বেনেলি এণ্ড কীৱেই একেলগে সমগ্ৰ ভাৰতৰ আবেগিক মটৰিং অনুৰাগীসকলৰ বাবে সমস্যামুক্ত মালিকীস্বত্বৰ সুবিধাৰ সৈতে এক উত্তেজনাপূৰ্ণ প্ৰডাক্ট লাইন-আপ প্ৰদান কৰে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here