#হৃদৰোগ মানৱ সমাজৰ বাবে অশনি সংকেতঃ ডাঃ চন্দন মোদক# - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Thursday 28 September 2023

#হৃদৰোগ মানৱ সমাজৰ বাবে অশনি সংকেতঃ ডাঃ চন্দন মোদক#


# বিশ্ব হৃদ দিৱস উপলক্ষে “দ্য হাৰ্ট , সহৃদয় গোষ্ঠী”ৰ সজাগতামূলক কাৰ্যসূ


চী#


W7s news গুৱাহাটী: “হৃদৰোগ বিশ্ববাসীৰ বাবে  অশনি সংকেত হৈ পৰিছে ৷ এইক্ষেত্ৰত জনসাধাৰণ সজাগ-সচেতন নহ’লে অনাগত সময়ত হৃদৰোগ মানৱ সমাজৰ বাবে অধিক ভয়াৱহ হৈ উঠিব পাৰে ৷”— এই মন্তব্য “দ্য হাৰ্ট, সহৃদয় গোষ্ঠী”ৰ সভাপতি , হৃদৰোগ বিশেষজ্ঞ ডাঃ চন্দন মোদকৰ ৷ সমগ্ৰ পৃথিৱীজুৰি কাইলৈ উদ্‌যাপিত হ’বলগীয়া “বিশ্ব হৃদ দিৱস” উপলক্ষে আজি গুৱাহাটী প্ৰেছ ক্লাৱত আয়োজন কৰা এখন সংবাদমেলত এইদৰে কয় তেওঁ ৷ তেওঁ উল্লেখ কৰে যে  এইবেলি বিশ্ব হৃদ দিৱসৰ মূল বিষয় নিৰ্ধাৰণ কৰা হৈছে “use heart, know heart” ৷ কিয়নো সকলো মানুহৰ হৃদযন্ত্ৰ জন্মৰ পৰা জীৱনৰ অন্তিম পৰ্যায়লৈ ব্যৱহৃত হৈ থাকে ৷ সেয়ে হৃদযন্ত্ৰৰ বিষয়ে সকলো মানুহে অন্ততঃ প্ৰাথমিক কিছু কথা জানিব পাৰিলে ভাল ৷ ক্ৰমবৰ্ধমান হৃদৰোগ প্ৰতিৰোধৰ বাবে এয়া অত্যন্ত দৰকাৰী ৷ সম্প্ৰতি বিশ্বত হৃদৰোগ ব্যাপক হাৰত বাঢ়ি অহাৰ তথ্য উল্লেখ কৰি ডাঃ মোদকে লগতে কয়—“আমেৰিকাত প্ৰতি ৩৩ ছেকেণ্ডত এজন লোক হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু মুখত পৰে ৷ বিগত ২০২১ চনত দেশখনত ৬৯৫০০০ গৰাকী মানুহৰ হৃদৰোগত মৃত্যু হৈছে ৷ ভাৰতবৰ্ষতো নীৰৱ ঘাতক হৃদৰোগ দিনে দিনে বাঢ়ি আহিছে ৷ ১৯৯০ চনৰ পৰা ২০২০ চনৰ ভিতৰত ভাৰতত হৃদৰোগত মৃত্যুৰ পৰিসংখ্যা ২.২৬ মিলিয়নৰ পৰা ৪.৭৭ মিলিয়নলৈ বৃদ্ধি পাইছে ৷ লক্ষণীয় এয়ে যে আমাৰ দেশত গ্ৰাম্য জনজীৱনৰ তুলনাত নগৰীয়া জনজীৱনত হৃদৰোগীৰ সংখ্যা অধিক ৷ এই সময়ছোৱাত গ্ৰামাঞ্চলত ১.৬% ৰ পৰা ৭.৪%লৈ আৰু নগৰাঞ্চলত ১%ৰ পৰা ১৩.২% লৈ হৃদৰোগ বৃদ্ধি পাইছে ৷” বিশ্ব স্বাস্থ্য সংস্থাৰ এক পৰাসংখ্যা সদৰী কৰি তেওঁ পুনৰ কয় যে বিশ্ব স্বাস্থ্য সংস্থাই প্ৰকাশ কৰা তথ্য অনুসৰি  ভাৰতত ৪০-৬৯ বয়সৰ ভিতৰত ৪৫% লোকৰ মৃত্যুৰ কাৰণ হৃদৰোগ ৷ তদুপৰি ৫০% হৃদ আক্ৰান্ত লোকৰ ২৫% লোক ৪০ বছৰ বা ইয়াৰ অনুৰ্ধৰ হোৱাটো উদ্বিগ্নতাৰ বিষয় ৷ শংকাৰ কাৰণ এয়ে যে বিশ্বৰ প্ৰায় ৬০% হৃদ আক্ৰান্ত ভাৰতৰ ৷ এয়া আমাৰ দেশৰ স্বাস্থ্যখণ্ডৰ  বাবে এক গধুৰ বোজা ৷ ধপাত-সুৰা সেৱনৰ নিচা , উচ্চ ৰক্তচাপ , মধুমেহ ৰোগ , বৰ্তমানৰ বিভিন্ন চাপযুক্ত জীৱনশৈলী , কেৱল জিভাৰ জুতিৰ বাবে গ্ৰহণ কৰা স্বাস্থ্যৰ পৰিপন্থী আহাৰ , ব্যায়াম তথা প্ৰয়োজনীয় শাৰীৰিক শ্ৰমৰ প্ৰতি আওকান , মেদবহুলতা আৰু প্ৰকৃতিৰ সন্তুলনহীনতা সমগ্ৰ বিশ্বৰ লগতে ভাৰতবৰ্ষ তথা অসমতো ক্ৰমবৰ্দ্ধিত  হৃদৰোগৰ অন্যতম কাৰণ ৰূপে বিবেচিত হোৱা বুলি কয় তেওঁ ৷ উল্লেখ্য যে এই বিষয়ে সজাগতা সৃষ্টি কৰি জনসাধাৰণক স্বাস্থ্যৰ প্ৰতি সচেতন কৰাৰ লক্ষ্যৰে প্ৰতিবছৰে ২৯ চেপ্তেম্বৰত বিশ্ব হৃদ দিৱস উদ্‌যাপন কৰি অহা হৈছে ৷ ইয়াৰে সংগতি ৰাখি কাইলৈ ৰাজ্যখনৰ আগশাৰীৰ স্বেচ্ছাসেৱী সংস্থা “দ্য হাৰ্ট, সহৃদয় গোষ্ঠী”য়ে গুৱাহাটী মহানগৰীত এটি স্বাস্থ্য সজাগতা শোভাযাত্ৰা উলিয়াব ৷ দিছপুৰ হাস্পতালৰ পৰা পুৱা ৫ঃ৩০ বজাত আৰম্ভ হৈ সচিবালয়ৰ সন্মুখেৰে গনেশগুৰি হৈ পুনৰ দিছপুৰ হাস্পতাললৈ আহিব শোভাযাত্ৰা ৷ একদৰে সংস্থাটোৱে বিয়লি ১ঃ৩০ বজাত ধুবুৰীতো ৰূপসী বিমান বন্দৰৰ পৰা এটি সজাগতা সমদল উলিয়াব বুলি সদৰী কৰে ডাঃ মোদকে ৷

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here