গৃহিনীৰ দীৰ্ঘদিনীয়া সপোন পুৰণ হ'ব : অভিনেত্ৰী বৰ্ষা ৰাণী বিষয়া
W7s news
গুৱাহাটী, : ৰাজধানী গুৱাহাটী মহানগৰীৰ আদাবাৰীত ইণ্টেৰিয়ৰ ফৰুমৰ দ্বাৰা শ্লিক মডিউলাৰ কিটচেন আৰু ৱাৰ্ডৰব শ্ব'ৰূম আজি আনুষ্ঠানিকভাৱে মুকলি কৰা হয়। উত্তৰ-পূৱৰ এহৈ শ্লিক মডিউলাৰ কিটচেন আৰু ৱাৰ্ডৰব শ্ব'ৰূম আজি আনুষ্ঠানিক ভাবে মুকলি কৰে অভিনেত্ৰী বৰ্ষা ৰাণী বিষয়াই। এই সন্দৰ্ভত আজি অভিনেত্ৰী গৰাকীয়ে ভাষণ প্ৰসংগত কয় যে শ্লিক মডিউলাৰ কিটচেন আৰু ৱাৰ্ডৰব শ্ব'ৰূমে অসম তথা উত্তৰ-পূৱৰ গৃহিনী সকলৰ দীৰ্ঘদিনীয়া অভাৱ আৰু সপোন পূৰ্ণ কৰিব। নিজৰ পচন্দ অনুসৰি গৃহীনিয়ে ৰান্ধনীশাল লগতে ঘৰ সজাই তুলিব পাৰিব। জনপ্রিয় ইন্টেৰিঅ'ৰ ডিজাইনাৰ তথা শ্লিক মডিউলাৰ কিটচেন আৰু ৱাৰ্ডৰব শ্ব'ৰূমৰ স্বত্তাধিকাৰী প্ৰকাশ আগৰৱালাই ভাষণ প্ৰসংগত কয় যে এই শ্ব'ৰূম উত্তৰ- পূৱৰ গ্ৰাহকসকলৰ আকৰ্ষণৰ কেন্দ্ৰ বিন্দু হৈ পৰিব। কিয়নো প্ৰতিগৰাকী লোক কিম্বা গৃহীনিৰ পচন্দ্ৰ কিটচেনৰ সা-সামগ্ৰী লগতে ৱাৰ্ডৰব
উপলব্ধ হ'ব এই শ্ব'ৰূমত। লগতে অন্যান্য ফিট কৰা আচবাব যেনে ক্ৰকেৰী ইউনিট, টিভি ইউনিট, মন্দিৰ, ষ্টাডি টেবুল আদিৰ উপলব্ধ হ'ব এই শ্ব'ৰূমত। কেৱল এয়াই নহয় নিজৰ সপোনৰ কিটচেন সজাবলৈ সক্ষম হ'ব এই শ্ব'ৰূমৰ জড়িয়তে ।
শ্লিক মডিউলাৰ কিটচেনৰ সকলো ধৰণৰ আটক ধুনীয়া আৰু নতুনত্বৰ সংযোজন ঘটা সা-সামগ্ৰীসমূহ পাবলৈ সক্ষম হ'ব এই শ্ব'ৰূমত। ইপিনে আগন্তুক দুৰ্গা পূজা আৰু কালি পূজা উপলক্ষে গ্ৰাহকসকলৰ বাবে বিশেষ অফাৰৰ কথা ঘোষণা কৰিছে আগৰৱালাই। আদাবাৰীত শ্লিক মডিউলাৰ কিটচেন শ্ব'ৰূমত প্ৰতিগৰাকী গ্ৰাহকে ৰেহাই লাভ কৰিব পাৰিব। অতি কম মূল্যৰ বিনিময়ত প্ৰতি গৰাকী গ্ৰাহকে মডিউলাৰ কিটচেনৰ সা-সামগ্রী ক্রয় কৰিবলৈ সক্ষম হ'ব বুলিয়ো তেওঁ উল্লেখ কৰে। ইপিনে উক্ত উদ্বোধনী অনুষ্ঠানত অংশ গ্রহণ কৰি কোম্পানীৰ সেনিয়ৰ মেনেজাৰ (মাৰ্কেটিঙৰ) অনুজ গুপ্তা কয় যে বজাৰৰ প্ৰয়োজনীয়তা আৰু গ্ৰাহকৰ পচন্দৰ প্ৰতি লক্ষ্য ৰাখি মডিউলাৰ কিটচেনে অত্যাধুনিক ডিজাইনৰ কিটচেন লগত ৱাৰ্ডৰবৰ সামগ্ৰী প্ৰস্তুত কৰি উলিয়াইছে। সমগ্র দেশতেই শ্লিক মডিউলাৰ কিটচেনে আৰু ৱাৰ্ডৰব এক জনপ্রিয়তা অৰ্জন কৰিছে। অতি কম সময়ৰ ভিতৰত উত্তৰ-পূৱৰ বজাৰখনো দখল কৰিবলৈ সক্ষম হ'ল বুলি গুপ্তই দাবী কৰে । কোম্পানীৰ সেনিয়ৰ মেনেজাৰ (বিক্ৰী) জ্যোতির্ময় সিঙে কয় যে সামগ্ৰী প্ৰস্তুতকৰণৰ ক্ষেত্ৰত শ্লিক কিটচেন সমগ্র দেশতেই শীর্ষ স্থান দখল কৰিবলৈ সক্ষম হৈছে। উন্নত মানদণ্ডৰ আৰু ৰুচি সম্পন্ন সা-সামগ্রী গ্রাহকক যোগান ধৰাই কোম্পানীটোৰ মূল উদ্দেশ্য বুলি সিঙে জানিবলৈ দিয়ে। আজিৰ উদ্বোধনী অনুষ্ঠানত কোম্পানীৰ অনান্য বিষয়া উপস্থিত থাকি ভাষণ প্ৰদান কৰে।
No comments:
Post a Comment