অসমক গৌৰৱান্বিত কৰি নিউয়ৰ্ক ফেশ্বন সপ্তাহত গুৱাহাটী আইএনআইএফডিৰ শিক্ষাৰ্থীসকলৰ ডিজাইন প্ৰদৰ্শন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday 29 September 2023

অসমক গৌৰৱান্বিত কৰি নিউয়ৰ্ক ফেশ্বন সপ্তাহত গুৱাহাটী আইএনআইএফডিৰ শিক্ষাৰ্থীসকলৰ ডিজাইন প্ৰদৰ্শন


 


W7s news,,গুৱাহাটীঃ শেহতীয়াকৈ নিউয়ৰ্ক ফেশ্বন সপ্তাহত অনুষ্ঠিত হোৱা “ইণ্ডিয়ান ফেশ্বন ট্ৰাংক”ত নিহাৰিকা কাকতিৰ নেতৃত্ব আৰু পৰামৰ্শৰে আইএনআইএফডি গুৱাহাটীৰ ছাত্ৰী অপৰাজিতা হাছাম, দৃষ্টি আগৰৱালা, গজল পাটনী, হিমাংশী গৌৰ, নন্দিনী লাহতী, নিধি পাটনী, ৰিম্পা মণ্ডল, সঞ্জনা ৰাথী আৰু ছেজল ডালমিয়াই নিজে প্ৰস্তুত কৰি উলিওৱা ডিজাইন প্ৰদৰ্শন কৰি সমগ্ৰ অসমবাসীক গৌৰৱান্বিত কৰি তুলিছে। ইণ্টাৰ নেশ্যনেল ইনষ্টিটিউট অফ ফেশ্বন ডিজাইন (আইএনআইএফডি) আৰু লণ্ডন স্কুল অফ ট্ৰেণ্ডছ (এলএছটি)য়ে এয়া ৮ম বাৰৰ বাবে নিউয়ৰ্ক ফেশ্বন সপ্তাহৰ সময়ত "ইণ্ডিয়ান ফেশ্বন ট্ৰাংক"ৰ আয়োজন কৰে।অভিনৱ চিন্তাধাৰাৰে পুনৰ্ব্যৱহাৰযোগ্য প্লাষ্টিকৰ পৰা তৈয়াৰ কৰা অসমীয়া জাপিৰ সৈতে অসমৰ বহনক্ষম মুগা ৰেচমৰ পৰা প্ৰস্তুত কৰা পোছাকত অসমীয়া কাৰুশিল্প, পৰম্পৰা আৰু পৰিৱেশ-চেতনাৰ এক সুসংগত সমন্বয় প্ৰতিধ্বনিত হয়। পুনঃব্যৱহৃত প্লাষ্টিকৰ পৰা তৈয়াৰ কৰা প্ৰখ্যাত অসমীয়া জাপিৰ সৈতে মিল ৰাখি সচেতনভাৱে প্ৰস্তুত কৰা কাপোৰবিধৰ বাহু অংশ পাৰিপাৰ্শ্বিক বহনক্ষমতাৰ প্ৰতি দায়বদ্ধতাৰ প্ৰতীক হিচাপে উজ্বলি উঠিছে।পৰম্পৰাগত শিল্পকলা আৰু উন্নতমানৰ সূতাৰ সংমিশ্ৰণেৰে এনে এখন কাপোৰ প্ৰস্তুত কৰি উলিওৱা হৈছে যিয়ে অসমৰ চহকী সাংস্কৃতিক ঐতিহ্যক উদযাপন কৰাৰ লগে লগে মুগা ৰেচমৰ কালজয়ী সৌন্দৰ্য্যকো প্ৰদৰ্শন কৰি ইয়াক এক প্ৰকৃত শিল্প আৰু শৈলীৰ কাম হিচাপে উজ্জ্বীৱিত কৰি তোলাৰ লগতে পাৰিপাৰ্শ্বিকভাৱে দায়বদ্ধ ফেশ্বনৰ তাৎপৰ্যৰ ওপৰতো সমানে গুৰুত্ব আৰোপ কৰে।  আই ইএনআইএফডি গুৱাহাটী কেন্দ্ৰৰ সঞ্চালিকা  চিঙ্কি আগৰৱালাই কয়, "আমাৰ ডিজাইনাৰ শিক্ষাৰ্থীসকলে কঠোৰ পৰিশ্ৰমেৰে বিখ্যাত ফেশ্বন সপ্তাহ 'এনৱাইএফডব্লিউ'ত নিজৰ সৃষ্টিশীলতা প্ৰদৰ্শন কৰি দেশলৈ সুনাম কঢ়িয়াই অনাটো আমাৰ আপোন ৰাজ্যখনৰ বাবে এক গৌৰৱৰ বিষয়। আমাৰ ডিজাইনাৰসকলে সৃষ্টিশীল ডিজাইনৰ ওপৰত কাম কৰাৰ সময়ত যিকোনো সাজ-পোছাক ডিজাইন আৰু উৎপাদন কৰাৰ ক্ষেত্ৰত সংযোজিত হৈ থকা বাণিজ্যিক দিশটোৰ বিবেচনাৰ প্ৰতিও সজাগতা প্ৰদৰ্শন কৰে।”

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here