কামাখ্যা মটৰ্ছত বৈদ্যুতিক চানৰুফৰ সৈতে নতুন টাটা পাঞ্চ মুকলি - W7S News

Breaking News

demo-image

Home Top Ad

Responsive Ads Here

Post Top Ad

Wednesday, 6 September 2023

demo-image

কামাখ্যা মটৰ্ছত বৈদ্যুতিক চানৰুফৰ সৈতে নতুন টাটা পাঞ্চ মুকলি

Responsive Ads Here

 


W7s news গুৱাহাটীঃ ভাৰতৰ আগশাৰীৰ অট'ম'টিভ ব্ৰেণ্ড টাটা মটৰ্ছে আজি গুৱাহাটীৰ কামাখ্যা গেটস্থিত কামাখ্যা মটৰ্ছত বৈদ্যুতিক চানৰুফৰ সৈতে নতুন টাটা পাঞ্চ মুকলি কৰে। 


এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অৱদেশ থাওচেন (ফিল্ড অফিচাৰ, পিবিবি) আৰু ৰিপুঞ্জয় ডেকা (এবিএম মহিন্দ্ৰা ফাইনেন্স)। ইয়াৰলগতে সিদ্ধাৰ্থ শৰ্মা (আঞ্চলিক প্ৰবন্ধক -  টাটা মটৰ্চ পেচেঞ্জাৰ ভেহিকেলচ), ৰোহিত মালহোত্ৰা (এমডি কামাখ্যা মটৰ্ছ), উপেন শৰ্মা (জিএম কামাখ্যা মটৰ), অঞ্জন বৰুৱা (টেৰিটৰী চেলছ মেনেজাৰ), প্ৰখ্যাত বৰুৱা (চিনিয়ৰ মেনেজাৰ টাটা মটৰ্ছ পেচেঞ্জাৰ ভেহিকেলছ লিমিটেড), ঋষি খেমকা (চিনিয়ৰ মেনেজাৰ টাটা মটৰ্চ পেচেঞ্জাৰ ভেহিকেলচ) এই কাৰ্যসূচীত উপস্থিত থাকে।


চলিত বৰ্ষৰ আৰম্ভণিতে টাটাই বজাৰত মুকলি কৰিছিল তেওঁলোকৰ সম্পূৰ্ণ নতুন এছ ইউ ভি পাঞ্চ। বৰ্তমান এই গাড়ীখন ৫ ষ্টাৰ ছেফটি ৰেটিংৰে এই ছেগমেণ্টৰ আটাইতকৈ নিৰাপদ গাড়ী হিচাপে পৰিচিত। 



এই টাটা পাঞ্চৰ মুখ্য আকৰ্ষণ হ'ল বৈদ্যুতিক চানৰুফ যিটো এই খণ্ডটোৰ আটাইতকৈ নতুন সংস্কৰণ।


ই প্ৰাকৃতিকভাৱে এস্পিৰেটেড পেট্ৰ'ল ইঞ্জিনৰ দ্বাৰা চালিত যি 88 পিএছ আৰু 115 এনএম পিক টৰ্ক উৎপন্ন কৰে। ইঞ্জিনটো 5-স্পীড মেনুৱেল আৰু 5-


স্পীড এএমটি গিয়াৰবক্স বিকল্পৰ সৈতে উপলব্ধ ।

No comments:

Post a Comment

Post Bottom Ad

Contact Form

Name

Email *

Message *