বিশ্বৰ ডিজিটেলাইজেশ্যন বৃদ্ধিৰ অবিশ্বাস্য সুযোগ থকা আমাৰ আত্মসহায়ক গোট, এফপিঅৰ বাবে আঁচনি গ্ৰহণ কৰা হ'ব - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday 6 September 2023

বিশ্বৰ ডিজিটেলাইজেশ্যন বৃদ্ধিৰ অবিশ্বাস্য সুযোগ থকা আমাৰ আত্মসহায়ক গোট, এফপিঅৰ বাবে আঁচনি গ্ৰহণ কৰা হ'ব

 

মন্থন ২০২৩ এছডিই সন্মিলনত ৰাজীৱ চন্দ্ৰশেখৰ




W7s news,,,,,গুৱাহাটী: উত্তৰ-পূৰ্বাঞ্চলৰ উদ্যোগীকৰণৰ ক্ষেত্ৰখনৰ বিকাশৰ লক্ষ্যৰে অয়োজন কৰা তিনিদিনীয়া দক্ষতা বিকাশ আৰু উদ্যোমিতা সন্মিলন "মন্থন-২০২৩" যোৱা ১ ছেপ্তম্বৰত উদ্বোধন কৰে দক্ষতা বিকাশ আৰু উদ্যোগীকৰণ আৰু ইলেক্ট্রনিকছ আৰু তথ্য প্রযুক্তি বিভাগৰ ৰাজ্যিক মন্ত্ৰী ৰাজীৱ চন্দ্ৰশেখৰ আৰু শিক্ষা আৰু বৈদেশিক পৰিক্ৰমা বিভাগৰ ৰাজ্যিক মন্ত্ৰী ৰাজকুমাৰ ৰঞ্জন সিঙে । গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় এই সন্মিলন ।ৰাজ্য চৰকাৰ, শিক্ষানুষ্ঠান, ঔদ্যোগিক সংস্থা প্রতিষ্ঠান, নীতি নির্ধারক, নিগম আৰু আটাইতকৈ গুৰুত্বপূৰ্ণভাৱে হিতাধিকাৰীসকলক একত্ৰিত কৰি উত্তৰ-পূব ভাৰতত দক্ষতা আৰু উদ্যোগীকৰণৰ ওপৰত আলোচনা কৰিবলৈ অংশীদাৰসকলৰ শক্তিসমূহক একত্ৰিত কৰাটোৱেই এই সন্মিলনৰ লক্ষ্য। অহা কেইদিনমানৰ ভিতৰত এই অনুষ্ঠানটোৱে সহযোগিতাৰ মনোভাৱ, উত্তম পদ্ধতিসমূহ ভাগ-বতৰা কৰা আৰু দক্ষতা আৰু উদ্যোগীকৰণৰ ক্ষেত্ৰত প্ৰচেষ্টাক সাকাৰ ৰূপ দিব।দক্ষতা বিকাশ আৰু উদ্যোগীকৰণ তথা ইলেক্ট্রনিকছ আৰু তথ্য প্ৰযুক্তিৰ মাননীয় ৰাজ্যিক মন্ত্ৰী ৰাজীৱ চন্দ্ৰশেখৰ আৰু শিক্ষা আৰু বৈদেশিক পৰিক্ৰমা মাননীয় মন্ত্ৰী  ৰাজকুমাৰ ৰঞ্জন সিঙে ভাষণ আগবঢ়াই।এই অনুষ্ঠানটোত নিম্নোক্ত বিষয়সমূহৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰা হৈছে উদ্যোগীকৰণ আৰু দক্ষতা বিকাশৰ ক্ষেত্ৰত উত্তৰ-পূব অঞ্চলৰ বাবে এম এছ ডি ইৰ দৃষ্টিভংগী প্ৰচাৰ কৰা আৰু সামগ্রিক পৰিৱেশ তন্ত্ৰক শক্তিশালী কৰা।এন ই আৰৰ বাবে এম এছ ডি ইৰ বিশেষ পেকেজৰ সুবিধাসমূহৰ বিষয়ে আলোচনা কৰা। আঞ্চলিক নেটৱৰ্ক শক্তিশালী কৰা, উত্তৰ-পূৰ্বাঞ্চলৰ উদ্যোগীকৰণ আৰু দক্ষতা বিকাশৰ পৰিৱেশ ব্যৱস্থাক বিকশিত কৰাৰ বাবে উদ্ভাৱনী কৌশল আৰু পদক্ষেপ গ্ৰহণ কৰা ।এই অনুষ্ঠানত সামগ্রিক পেকেজৰ জৰিয়তে অঞ্চলটোৰ যুৱক-যুৱতীসকলৰ সামৰ্থ্য গঢ়ি তোলাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰি দক্ষতা বিকাশ আৰু উদ্যোগীকৰণ বৃদ্ধিৰ এমএছডিইৰ দৃষ্টিভংগী পুনৰবাৰ উল্লেখ কৰা হয়। দ্বিতীয়তে সামগ্রিক উদ্যোগীকৰণ পৰিৱেশ তন্ত্ৰ উত্তৰ-পূবত উপলব্ধ আর্থিক সহায় বিভিন্ন অংশীদাৰে আগবঢ়োৱা জীৱিকাৰ সুযোগ অঞ্চলটোত ষ্টার্টআপৰ প্ৰতি ধাউতি বৃদ্ধি কৰা অংশীদাৰসকলৰ মাজত সহযোগিতাৰে এক শক্তিশালী উদ্যোগীকৰণৰ পৰিৱেশ গঢ়ি তোলাৰ বিষয়েও আলোচনা কৰা হয়।সন্মিলনৰৰ প্ৰথম দিনটোত এম এছ ডি ইয়ে ইলেক্ট্রিক বাহন সেৱা টেকনিচিয়ান সৌৰ পেনেল স্থাপন টেকনিচিয়ান আৰু বৈদ্যুতিক টেকনিচিয়ানৰ বাবে তিনিটা আবাসিক দক্ষতা প্রশিক্ষণ কাৰ্যসূচী আৰম্ভ কৰা হয়। এই কাৰ্যসূচীসমূহ ভাৰতীয় উদ্যোমিতা প্রতিষ্ঠান (আই আই ই) আৰু আই আই টি গুৱাহাটীৰ কৌশলগত অংশীদাৰিত্বৰ অংশ। তদুপৰি ট্ৰাইছামৰ অধীনত জনজাতীয় প্রার্থীসকলে প্ৰস্তুত কৰা বিভিন্ন সামগ্রীও মুকলি কৰা হয়। । এই অনুষ্ঠানত কেন্দ্রীয় মন্ত্রালয় ৰাজ্য চৰকাৰ ঔদ্যোগিক সংস্থা শিক্ষাবিদ, নীতি নির্ধারক উদ্যোগী, ষ্টার্ট-আপ, তৃণমূল পৰ্যায়ৰ সংস্থা আদিৰ প্ৰতিনিধিকে ধৰি অংশগ্ৰহণকাৰীৰ গোটক একত্ৰিত কৰা হয়।উদ্বোধনী অনুষ্ঠানত ভাষণ দি দক্ষতা বিকাশ আৰু উদ্যোগীকৰণ আৰু ইলেক্ট্রনিকছ আৰু তথ্য প্ৰযুক্তিৰ মাননীয় ৰাজ্যিক মন্ত্রী ৰাজীৱ চন্দ্ৰশেখৰে কয়, "যোৱা বছৰত উত্তৰ-পূৰ্বাঞ্চললৈ যথেষ্ট পৰিৱৰ্তন আহিছে। আন্তঃগাঁথনিহীন অঞ্চলৰ পৰা আমি এতিয়া এনে এটা ৰাষ্ট্ৰৰ গোটত অর্ন্তভুক্ত হ'লো যিয়ে দ্রুতগতিত আধুনিক আন্তঃগাঁথনি গঢ়ি তুলিছে যাৰ জৰিয়তে জীৱনক ৰূপান্তৰিত কৰিছে, পূর্বে সংযোগহীন শ শ আৰু হাজাৰ হাজাৰ নাগৰিকক সংযোগ কৰিছে ।" তেওঁ এইবুলিও কয় যে চাকৰি আৰু সুযোগৰ বাবে দক্ষতাই হৈছে আটাইতকৈ গুৰুত্বপূৰ্ণ যোগ্যতা । যেতিয়া আমি এই সুযোগবোৰ চাওঁ ভাৰতীয় প্ৰতিভাৰ বিশ্বব্যাপী চাহিদা আছে। অৰ্থনীতিৰ দ্বাৰা সৃষ্টি হোৱা চাকৰিৰ বাবে নতুনকৈ দক্ষ যুৱক-যুৱতীসকলৰ চাহিসা বাঢ়িছে । আধুনিক আন্তঃগাঁথনিৰ সৈতে উদ্যোগীকৰণ, বিনিয়োগ, ব্যৱসায় আৰু চাকৰিৰ সৃষ্টিৰে নতুন ভাৰত, নতুন সুযোগ, নতুন দক্ষতা আৰু নতুন নিয়োজন গঢ়ি তোলাটোৱেই হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ডাঙৰীয়াৰ সপোন ।শিক্ষা আৰু বৈদেশিক পৰিক্ৰমা বিভাগৰ মাননীয় ৰাজ্যিক মন্ত্ৰী ৰাজকুমাৰ ৰঞ্জন সিঙে কয় "উত্তৰ-পূব অঞ্চলৰ বাবে অনুষ্ঠিত মন্থন সন্মিলনত উপস্থিত থাকিবলৈ পায় গৌৰৱ অনুভৱ কৰিছো । এই সমাবেশে আমাৰ সবলীকৰণৰ দায়বদ্ধতাক সূচায়। আমাৰ মাননীয় প্রধানমন্ত্রী নৰেন্দ্ৰ মোডীৰ দূৰদৰ্শী নেতৃত্বৰ বাবেই উত্তৰ-পূব এতিয়া ভাৰতৰ বিকাশৰ কাহিনীৰ এক সমৃদ্ধিশালী অংশ। 'জীৱন ৰূপান্তৰ ভৱিষ্যত গঢ়ি তোলাৰ দৰে পদক্ষেপৰ জৰিয়তে আমি অঞ্চলটোৰ যুৱক- যুৱতীসকলক উদ্যোগ-প্রস্তুত দক্ষতাৰে সৱলীকৰণ কৰি এক শক্তিশালী পৰিৱেশ তন্ত্ৰ গঢ়ি তুলিছো। আমি একেলগে উত্তৰ- পূব ভাৰতৰ বাবে এক উজ্জ্বল ভবিষ্যত গঢ়ি তুলিছো।"

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here