লাউডোবা মীন পালন সমবায় সমিতিৰ উদ্যোগত 'বৰশীবোৱা প্ৰতিযোগিতা - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday 6 September 2023

লাউডোবা মীন পালন সমবায় সমিতিৰ উদ্যোগত 'বৰশীবোৱা প্ৰতিযোগিতা

 


W7s news গুৱাহাটী


: লাউডোবা মীন পালন সমবায়  সমিতিৰ উদ্যোগত পোন প্ৰথমবাৰৰ বাবে আয়োজন কৰা হৈছে বৰশীবোৱা প্ৰতিযোগিতা। বুধবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত লাউডোবা মীন পালন সমবায়  সমিতিৰ উদ্যোগত অনুষ্ঠিত এখন সংবাদ মেলত এইকথা সদৰী কৰে সমিতিৰ সম্পাদক নৱ কুমাৰ বিশ্বাসে। তেওঁ লগতে কয়- অহা ৩০ ছেপ্টেম্বৰত গোৱালপাৰা জিলাৰ ধূপধৰাৰ অন্তৰ্গত লাউডোবা গাওঁত থকা ২২ বিঘা আয়তনৰ পুখুৰীত এই প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। এই প্ৰতিযোগিতাখনত প্ৰথম পুৰস্কাৰ ৪ লাখ টকা,দ্বিতীয় পুৰস্কাৰ ২ লাখ টকা, তৃতীয় পুৰস্কাৰ ১ লাখ টকা, চতুৰ্থ পুৰস্কাৰ ৫০ হাজাৰ টকা আৰু নিচুকনি বঁটা হিচাপে আগবঢ়োৱা হ'ব ১০ হাজাৰ টকাকৈ ৪০ জন প্ৰতিযোগীক।   আগ্ৰহী অংশগ্ৰহণকাৰীসকলে তিনি হাজাৰ টকাকৈ ভৰ্তি মাচুল দি প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব লাগিব। এই প্ৰতিযোগিতাখন ৩০ ছেপ্টেম্বৰৰ পুৱা ৯ বজাৰ পৰা  দিনৰ ২ বজালৈ অনুষ্ঠিত হ'ব। আগহীসকলে ৮৬৩৮৮৬২৭০৬ নম্বৰত যোগাযোগ কৰিব পাৰিব। ইতিমধ্যে উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্যৰ প্ৰতিযোগীয়ে এই প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে যোগাযোগ কৰিছে। দেশৰ বিবিভিন্ন ৰাজ্যৰ পৰা অহা প্ৰায় ২ হাজাৰ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিব বুলি আশা কৰা হৈছে। ' সংবাদ মেলত প্ৰতিযোগীতাখন পৰিচালনাৰ দায়িত্বত থকা পৱিত্ৰ শীল, বিক্ৰম সিংহ উপস্থিত থাকে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here