W7s news গুৱাহাটী : গুৱাহাটীৰ কৃষ্ণনগৰস্থিত নৰ্তন কলা কেন্দ্ৰৰ শিক্ষানুষ্ঠাত সোমবাৰে 'নৃত্যকলাৰ দিন' উদ্ যাপন কৰা হয়। সত্ৰীয়া নৃত্যৰ ৰাষ্ট্রীয় স্বীকৃতিত প্রভূত বৰঙণি আগবঢ়োৱা ৰামকৃষ্ণ তালুকদাৰৰ ৬০ সংখ্যক ওপজা দিন উপলক্ষে আয়োজন কৰা 'নৃত্যকলাৰ দিন'ৰ বিশেষ অনুষ্ঠানত নৃত্যচার্য, পদ্মশ্ৰী যতীন গোস্বামী, বায়নাচাৰ্য ঘনকান্ত বৰবায়ন মুখ্য অতিথি হিচাপে উপস্থিত থাকে। ভাষণত
নৃত্যচার্য, পদ্মশ্ৰী যতীন গোস্বামীয়ে কয়-ৰামকৃষ্ণ
তালুকদাৰে সত্ৰীয়া নৃত্য আগবঢ়াই নিয়াৰ বাবে বহু বৰঙণি আগবঢ়াইছে। তেওঁৰ অনুসন্ধিৎসু মন এটা আছে। সময় সাপেক্ষ চিন্তা কৰা বাবে তেওঁক শ্ৰদ্ধা কৰোঁ। তেওঁৰ ওপজা দিনত শুভেচ্ছা জনালোঁ। তেওঁ এনেদৰে আগবাঢ়ি যাওঁক।' অনুষ্ঠানত বায়নাচাৰ্য ঘনকান্ত বৰবায়নে কয়-ৰামকৃষ্ণ তালুকদাৰ নৃত্য কলা জগতৰ এটি পৰিচিত নাম । ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় স্তৰত নৃত্যক প্ৰসাৰ প্ৰচাৰ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই অন্য শিল্পী সকলৰ তালিকাত ৰামকৃষ্ণ তালুকদাৰৰ স্থান একক আৰু অনন্য । সত্ৰীয়া নৃত্যৰ ৰাষ্ট্রীয় স্বীকৃতিত প্রভূত বৰঙণি আগবঢ়োৱা ৰামকৃষ্ণ তালুকদাৰক ভাৰত চৰকাৰে সংগীত নাটক একাডেমী বঁটাৰে সম্মানিত কৰিছে। তেওঁৰ জন্মদিনটো 'নৃত্য কলা'ৰ দিন হিচাপে উদ্ যাপন কৰাৰ বাবে ধন্যবাদ জনালোঁ। মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ পূণ্য তিথিত ৰামকৃষ্ণ তালুকদাৰৰ জন্ম। তেওঁক ওপজা দিনৰ শুভেচ্ছা জনালোঁ। তেওঁ এনেদৰে ভাল কামেৰে আগবাঢ়ি যাওঁক।'
অনুষ্ঠানত বিশিষ্ট সত্ৰীয়া নৃত্যৰ শিল্পী ৰামকৃষ্ণ তালুকদাৰে কয়-মোৰ বাবে আজি গৌৰৱব দিন, অতি আনন্দৰ দিন। আজিৰ দিনটোত মোক শুভেচ্ছা জনোৱা প্ৰতিজন গুণমুগ্ধক ধন্যবাদ জনালোঁ।' এই কাৰ্যসূচী ডেমক্ৰেচী লাইভ আৰু ৰামকৃষ্ণ ভালুকদাৰৰ অনেক গুণমুগ্ধ, শিষ্যসকলে সহযোগিতা আগবঢ়ায়। অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে দ্বিজেন দাস, সত্যেন তালুকদাৰৰ লগতে তেওঁৰ বহু সংখ্যক সদস্য, গুণমুগ্ধ উপস্থিত থাকে।
No comments:
Post a Comment