প্ৰথমবাৰৰ বাবে চাহৰ পৰা প্ৰস্তুত কৰা সুৰা মুকলি কৰিবলৈ সাজু হৈছে উদ্যোগী আল্পনা শইকীয়া - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday 1 September 2023

প্ৰথমবাৰৰ বাবে চাহৰ পৰা প্ৰস্তুত কৰা সুৰা মুকলি কৰিবলৈ সাজু হৈছে উদ্যোগী আল্পনা শইকীয়া


 



W7s news,,,গুৱাহাটী, ১ ছেপ্টেম্বৰঃ চাহক এক নতুন ৰূপ প্ৰদান কৰি গুৱাহাটীৰ উদ্যোগী আল্পনা শইকীয়াই অসমৰ চাহপাতৰ পৰা উৎপাদন কৰা সুৰা প্ৰৱৰ্তন কৰিবলৈ সাজু হৈছে। অসমক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ লৈ যাব পৰা নতুন কিবা এটা সৃষ্টি কৰাৰ কৌতূহলেৰে আল্পনা শইকীয়াই তেওঁৰ মূলধন আৰু ব্যক্তিগত গৱেষণাৰ দ্বাৰা নৰা বগৰী, কল, আঙুৰ, তৰমুজ, আনাৰস আদি ফলৰ পৰা সুৰা তৈয়াৰ কৰাৰ পিছত প্ৰথমবাৰৰ বাবে চাহৰ পৰা সুৰা সৃষ্টি কৰিছে।২০১৭ ত গৱেষকসকলে সকলো প্ৰকাৰৰ লাভালাভ আৰু সতেজতা বজাই ৰাখি চাহৰ পৰা উন্নত মানৰ সুৰা তৈয়াৰ কৰিব পাৰি বুলি প্ৰমাণ কৰিছিল যদিও আজিপৰ্যন্ত কোনেও চাহৰ পৰা প্ৰস্তুতকৃত সুৰাৰ বাণিজ্যিকীকৰণ কৰিবলৈ চেষ্টা কৰা নাই। ২০১৯ চনত, অসম চৰকাৰে হেৰিটেজ ৱাইনৰ বাবে অনুজ্ঞাপত্ৰ প্ৰৱৰ্তন কৰিছিল। কিন্তু চাহ ৱাইন এই শ্ৰেণীত অন্তৰ্ভুক্ত হোৱা নাছিল আৰু বৰ্তমান আল্পনাই হৈছে পোনপ্ৰথমবাৰৰ বাবে চাহৰ পৰা প্ৰস্তুতকৃত সুৰাৰ বাবে অনুজ্ঞাপত্ৰ বিচাৰি আবেদন কৰা প্ৰথমগৰাকী মহিলা।“কেইটামান আনুষ্ঠানিকতাৰ বাহিৰে আমাৰ প্ৰায় সকলো আইনী প্ৰক্ৰিয়া সম্পন্ন কৰা হৈছে আৰু চাহৰ পৰা প্ৰস্তুতকৃত সুৰাৰ সোৱাদ লোৱা আমাৰ নিকটৱৰ্তীসকলৰ পৰা আমি ভাল প্ৰতিক্ৰিয়া লাভ কৰিছো। আমাৰ এই সামগ্ৰীবিধে বজাৰত এক বিশিষ্ট স্থান লাভ কৰিব আৰু অন্যান্য অসম ভিত্তিক সামগ্ৰীৰ দৰে চাহৰ পৰা প্ৰস্তুতকৃত সুৰাকো বিশ্বব্যাপী স্বীকৃতি দিয়া হ'ব বুলি আমি আশাবাদী।" আল্পনা শইকীয়াই কয়। একাধিক প্ৰক্ৰিয়া, বিভিন্ন পৰীক্ষা-নিৰীক্ষা আৰু ইতিবাচক প্ৰতিক্ৰিয়াৰ পিছত অসমত চাহৰ পৰা ৱাইন উৎপাদন কৰা প্ৰথমগৰাকী মহিলা হৈ পৰিব আল্পনা শইকীয়া। চাহৰ পৰা প্ৰস্তুতকৃত সুৰাই এতিয়া বাণিজ্যিক অনুজ্ঞাপত্ৰ লাভ কৰিবলৈ সম্পূৰ্ণৰূপে সাজু হৈছে আৰু এই বিশেষ সামগ্ৰীবিধ অতি সোনকালে বজাৰত উপলব্ধ হ'ব বুলি আশা কৰা হৈছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here