ভাৰতৰ অৰ্থনীতিৰ বিকাশত শক্তি যোগাইছে অভ্যন্তৰীণ জলপথেঃ অভ্যন্তৰীণ জলপথৰ উন্নয়নৰ বাবে ২০১৪ চনৰ পৰা চৰকাৰৰ ৫,২০০ কোটিতকৈ অধিক বিনিয়োগ: সৰ্বানন্দ সোণোৱাল - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Thursday 31 August 2023

ভাৰতৰ অৰ্থনীতিৰ বিকাশত শক্তি যোগাইছে অভ্যন্তৰীণ জলপথেঃ অভ্যন্তৰীণ জলপথৰ উন্নয়নৰ বাবে ২০১৪ চনৰ পৰা চৰকাৰৰ ৫,২০০ কোটিতকৈ অধিক বিনিয়োগ: সৰ্বানন্দ সোণোৱাল

 

 


উত্তৰ-পূব ভাৰতৰ আভ্যন্তৰীণ জলপথৰ উন্নয়নৰ বাবে বিনিয়োগ কৰা হৈছে ১,৭০০ কোটি টকা : সৰ্বানন্দ সোণোৱাল


কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গুৱাহাটীত অনুষ্ঠিত গ্ল’বেল মেৰিটাইম ইণ্ডিয়া সন্মিলন, ২০২৩ৰ ৰোড শ্ব’ত ভাষণ


উত্তৰ-পূৰ্বাঞ্চলৰ সকলো ৰাজ্যৰ লগতে বাংলাদেশ চৰকাৰ আৰু ভূটান ৰয়েল চৰকাৰৰ প্ৰতিনিধিৰ ৰোড শ্ব’ত অংশগ্ৰহণ


কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ মহিলা উদ্যোগীসকলক সামুদ্ৰিক উদ্যোগত সুযোগ বিচাৰিবলৈ আহ্বান


 


W7s news


গুৱাহাটী: গ্ল’বেল মেৰিটাইম ইণ্ডিয়া সন্মিলন, ২০২৩ (জি এম আই এছ)ৰ ৰোড শ্ব’আজি আনুষ্ঠানিকভাৱে উদ্বোধন কৰে কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ আৰু আয়ুস মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।


 


জি এম আই এছ, ২০২৩ৰ মূল ভূমিকা পালন কৰি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে বিশেষতঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত অভ্যন্তৰীণ জলপথ বিকল্প পৰিবহণ পদ্ধতি হিচাপে কেনেদৰে বিকশিত হৈছে সেই বিষয়ে আলোকপাত কৰে।


 


এই উপলক্ষে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়- ‘অভ্যন্তৰীণ জলপথসমূহে ভাৰতীয় অৰ্থনীতিৰ বৃদ্ধিত শক্তি যোগাইছে৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী নেতৃত্বত অভ্যন্তৰীণ জলপথ খণ্ডই অনন্য উত্থান লাভ কৰিছে, কাৰণ ২০১৪ চনৰ পৰা চৰকাৰে ৫,২০০ কোটি বিনিয়োগ কৰিছে৷ বিগত ৯ বছৰৰ এই খণ্ডত পূৰ্বৰ ২৮ বছৰত কৰা বিনিয়োগৰ তুলনাত ২০০ শতাংশ অধিক বিনিয়োগ হৈছে৷ ফলত মোদী চৰকাৰৰ অধীনত অভ্যন্তৰীণ জলপথসমূহ জৰুৰীভাৱে উন্নীত কৰা হৈছে৷ এই স্বচ্ছ, কাৰ্যক্ষম আৰু অৰ্থনৈতিক পৰিবহণ পদ্ধতি ভাৰতৰ অন্তৰ্ভাগৰ অৰ্থনৈতিক সম্ভাৱনা মুকলি কৰাত গুৰুত্বপূৰ্ণ হ'ব। অভ্যন্তৰীণ জলপথত বিনিয়োগ কৰি আৰু আমাৰ চহকী আৰু জটিল জলপথ ব্যৱস্থাক শক্তিশালী কৰি আমি উদ্যোগৰ বাবে এক সহযোগিতামূলক পৰিৱেশ তন্ত্ৰ সৃষ্টিৰ প্ৰক্ৰিয়াত আছোঁ, যি আমাৰ চুবুৰীয়া দেশসমূহৰ মাজত অধিক সহযোগিতাক লাভান্বিত কৰিব। ইয়াৰ দ্বাৰা দক্ষিণ এছিয়া অঞ্চলৰ সকলো দেশৰ লগতে ভাৰতৰ ৰাজ্যসমূহৰ বাবে বিশাল বাণিজ্যিক সম্ভাৱনাৰ দ্বাৰ মুকলি হ’ব।”


 


বন্দৰৰ উন্নয়নৰ ভূমিকাৰ আলোকপাত কৰি সৰ্বানন্দ সোণোৱালে কয়, ‘প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত চৰকাৰে ভাৰতীয় বন্দৰসমূহক বিশ্বমানৰ কৰি তোলা অনা, বৃহত্তৰ ঔদ্যোগিকীকৰণ, উৎপাদন আৰু সহজ-সৰল ব্যৱসায়ৰ সুবিধা প্ৰদান কৰাৰ লক্ষ্য লৈছে। ভাৰত দ্ৰুতগতিত সম্প্ৰসাৰিত হোৱা সামুদ্ৰিক ৰাষ্ট্ৰসমূহৰ ভিতৰত অন্যতম হৈ পৰিছে আৰু ভাৰতীয় হিচাপে আমি বিৱৰ্তন আৰু ৰূপান্তৰৰ দ্বাৰা চিহ্নিত এই যুগৰ অংশ হোৱাৰ বাবে অপৰিসীম গৌৰৱ অনুভৱ কৰিছোঁ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বৰ দ্বাৰা পৰিচালিত হৈ আমি কেৱল প্ৰয়োজনীয় দক্ষতা আহৰণ কৰাই নহয়, বিশ্বৰ মঞ্চত পাৰদৰ্শিতা দেখুৱাবলৈ শক্তিও আহৰণ কৰিছোঁ। ভাৰতৰ বন্দৰসমূহৰ আধুনিকীকৰণে উপকূলীয় জনগোষ্ঠী, উপকূলীয় জিলা সমগ্ৰ জাতিটোৰ উন্নতি নিশ্চিত কৰিব। ভাৰতীয় বন্দৰসমূহক বিশ্বমানলৈ উন্নীত কৰি, বন্দৰ-চালিত অৰ্থনীতিয়ে বৰ্ধিত  ঔদ্যোগিকীকৰণ, উৎপাদন আৰু ব্যৱসায় কৰাত সৰলতাৰে প্ৰসাৰ ঘটায়।”


 


গ্ল’বেল মেৰিটাইম ইণ্ডিয়া সন্মিলন, ২০২৩ত অনুষ্ঠিত ৰোড শ্ব’ত অসম চৰকাৰৰ পৰিবহণ, মীন আৰু আবকাৰী বিভাগৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্য, উদ্যোগ আৰু বাণিজ্য, ৰাজহুৱা উদ্যোগ-সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বৰা, অৰুণাচল প্ৰদেশ চৰকাৰৰ জলসম্পদ মন্ত্ৰী মামা নাটুং, নাগালেণ্ড চৰকাৰৰ বিধায়ক তথা উপদেষ্টা (পৰিবহণ আৰু কাৰিকৰী শিক্ষা) টেমজেন মেনবা, বন্দৰ, জাহাজ আৰু জলপথ বিভাগৰ সচিব টি কে ৰামচন্দ্ৰণ, ৰাষ্ট্ৰীয় শ্বিপিং ব’ৰ্ড (এন এছ বি)ৰ অধ্যক্ষ সঞ্জীৱ ৰঞ্জন আই এ এছ, আই ডব্লিউ এ আইৰ অধ্যক্ষ সঞ্জয় বন্দোপধ্যায়কে ধৰি বাণিজ্য ক্ষেত্ৰৰ বহু আঞ্চলিক তথা ৰাষ্ট্ৰীয় পদাধিকাৰী উপস্থিত থাকে৷


 


জি এম আই এছত চুবুৰীয়া দেশ ভূটান আৰু বাংলাদেশেও অংশগ্ৰহণ কৰিছিল৷ দেশকেইখনক প্ৰতিনিধিত্ব কৰে গুৱাহাটীস্থিত বাংলাদেশৰ সহকাৰী উচ্চায়ুক্ত ৰুহুল আমিন, বাংলাদেশৰ অভ্যন্তৰীণ জলপথ পৰিবহণ কৰ্তৃপক্ষৰ যুটীয়া সম্পাদক মহম্মদ মনোৱাৰ উজ জামানৰ লগতে গুৱাহাটীৰ ৰয়েল ভূটানৰ কনছুলেট জেনেৰেলৰ ভাইচ কনছুল ফুৰ্পা চেৰিঙে।


 


তেওঁৰ অধিৱেশনৰ সময়ত ভাষণ প্ৰদান কৰি এম অ’পি এছ ডব্লিউৰ সম্পাদক টি কে ৰামচন্দ্ৰই কয়- “উত্তৰ-পূবক প্ৰায়ে আমাৰ জাতিৰ অন্বেষিত স্বৰ্গ বুলি কোৱা হয়। এই অঞ্চলটো বৰ্ণাঢ্য প্ৰাকৃতিক দৃশ্য, সজীৱ সংস্কৃতি, চহকী জৈৱ-বৈচিত্ৰ্য আৰু প্ৰচুৰ নদীৰে ধন্য, যিয়ে পৰিৱৰ্তনশীল সমাধানৰ লাভ উঠাবলৈ আৰু এছিয়-প্ৰশান্ত মহাসাগৰীয় ৰাষ্ট্ৰসমূহৰ সৈতে বৃদ্ধি পোৱা সহযোগিতাক লাভান্বিত কৰাৰ ভৌগোলিক সুবিধা প্ৰদান কৰে।”


 


তেওঁ অঞ্চলটোক বৃদ্ধি আৰু সংযোগৰ চিহ্নলৈ ৰূপান্তৰৰ বাবে চৰকাৰৰ প্ৰচেষ্টাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে। অঞ্চলটোত চলি থকা প্ৰকল্প সন্দৰ্ভত ভাষণ দি ৰামচন্দ্ৰই কয়- ‘উত্তৰ-পূব অঞ্চলৰ ভিতৰত সংযোগ বৃদ্ধিৰ লক্ষ্যৰে ২০টা প্ৰকল্প ইতিমধ্যে আমি চিনাক্ত কৰিছো। এই প্ৰকল্পসমূহৰ ভিতৰত আছে বৰ্তমানৰ টাৰ্মিনেলসমূহৰ আধুনিকীকৰণ, নতুন টাৰ্মিনেল স্থাপন, প্ৰথম আৰু শেষ মাইলৰ সংযোগৰ উন্নতি, ঔদ্যোগিকীকৰণ, নদী বন্দৰ, আৰু দক্ষতা বিকাশ আদি। পূব জলপথ গ্ৰীডৰ কামে ম্যানমাৰ, মালয়েছিয়া আৰু থাইলেণ্ডকে ধৰি সমগ্ৰ দক্ষিণ এছিয়া অঞ্চলৰ অৰ্থনৈতিক অৱস্থানক পুনৰ সজীৱ কৰি তুলিব।”


বক্তৃতাত ভাৰতীয় আভ্যন্তৰীণ জলপথ কৰ্তৃপক্ষৰ অধ্যক্ষ সঞ্জয় বন্দোপাধ্যায়ে বিত্তীয় বৰ্ষ ’২৩ত ৰাষ্ট্ৰীয় জলপথৰ ওপৰত সৰ্বকালৰ সৰ্বাধিক মালবাহী জাহাজৰ চলাচলৰ বিষয়ে আলোকপাত কৰি কয় যে এই কৃতিত্ব হৈছে ২০১৪ চনৰ পৰা আই ডব্লিউ এ আইৰ অগ্ৰগতিৰ ফলশ্ৰুতি৷ তেওঁ কয়- ‘কৰ্তৃপক্ষই দাখিল কৰা প্ৰতিবেদন অনুসৰি ২০১৪-১৫ চনত জলপথৰ জৰিয়তে পৰিবহণ কৰা সামগ্ৰীৰ পৰিমাণ আছিল ৩০.৪০ নিযুত টন। তাৰ পিছৰ পৰা বৃদ্ধিৰ হাৰ হৈছে ৩১৫%। বিশ্ব বাণিজ্যৰ স্থিতিস্থাপকতা পৰীক্ষা কৰা এটা বছৰত আমাৰ ৰাষ্ট্ৰীয় জলপথৰ জৰিয়তে মালবাহী জাহাজ চলাচলৰ বৃদ্ধি আমাৰ পদক্ষেপৰ ফল আৰু ভাৰতৰ অন্তৰ্দেশীয় জলপথ ব্যৱস্থাৰ শক্তিৰ প্ৰমাণ।”


 


ৰোড শ্ব’ত গুৱাহাটীত ৰয়েল ভূটানৰ উচ্চায়ুক্ত আৱাসৰ উপ-কনছুল ফুৰ্পা ছেৰিংকে ধৰি আন্তঃৰাষ্ট্ৰীয় প্ৰতিনিধিসকলে ভাষণ প্ৰদান কৰে৷ তেওঁলোকে সামূহিক সামুদ্ৰিক দৃষ্টিভংগীৰ তাৎপৰ্যৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ লগতে গুৱাহাটীস্থিত বাংলাদেশৰ সহকাৰী উচ্চায়ুক্ত ৰুহুল আমিনে  সমুদ্ৰ ক্ষেত্ৰত সংযোগ বৃদ্ধিৰ দিশত আঞ্চলিক সহযোগৰ বিষয়ে আলোকপাত কৰে৷  ভাৰত আৰু বাংলাদেশৰ মাজত সহযোগিতা বৃদ্ধিৰ কিছু গুৰুত্বপূৰ্ণ বন্দৰ প্ৰকল্পৰ ওপৰতো তেওঁ আলোকপাত কৰে। এই অনুষ্ঠানত বি আই ডব্লিউ টি এৰ (পৰিকল্পনা আৰু পৰিচালনা)ৰ যুটীয়া সম্পাদক, সদস্য মহম্মদ মনোৱাৰ উজ জামানেও ভাষণ প্ৰদান কৰে।


 


উল্লেখযোগ্য প্ৰকল্পসমূহৰ ভিতৰত আছে জলমাৰ্গ বিকাশ আৰু অৰ্থ গংগা প্ৰকল্প, যাৰ বাবে আছে ৪,৬৩৪ কোটি টকাৰ আকৰ্ষণীয় বাজেট। তদুপৰি ২০২০-২১ চনত ব্ৰহ্মপুত্ৰ নদী (এন ডব্লিউ-২)ৰ উন্নয়নৰ বাবে ৪৭৪ কোটি টকা প্ৰদান কৰা হৈছে৷ পাণ্ডুত জাহাজ মেৰামতিৰ সুবিধাৰ বাবেও উল্লেখযোগ্য আবণ্টন ২০৮ কোটি টকালৈকে বিস্তৃত। এই পুঁজিৰ ভিতৰত আছে বৰাক নদী (এন ডব্লিউ-১৬) আৰু ভাৰত-বাংলাদেশ প্ৰট’কল পথৰ দৰে নতুন ৰাষ্ট্ৰীয় জলপথৰ উন্নয়নৰ বাবে ১৪৮ কোটি টকা তথা এন ডব্লিউ-৩, এন ডব্লিউ-৪, এন ডব্লিউ-৫ৰ লগতে আন ১৩টা ৰাষ্ট্ৰীয় জলপথৰ বাবে সামগ্ৰিকভাৱে ২৬৭ কোটি টকা৷ এই বৰ্ধিত পুঁজিয়ে ৰাষ্ট্ৰীয় জলপথৰ ব্যাপক উন্নয়নৰ বাবে নতুন পদক্ষেপৰ অনুঘটক হিচাপে কাম কৰিছে।


 


এই অনুষ্ঠানত আন্তঃগাঁথনিৰ কাৰিকৰী অধিৱেশন অনুষ্ঠিত হয়, য’ত উত্তৰ-পূবৰ ৰাজ্যসমূহৰ কাৰিকৰী বিশেষজ্ঞসকলে আলোচনা কৰে৷ লগতে অভ্যন্তৰীণ জলপথৰ সুবিধাজনক ব্যৱস্থাৰ জৰিয়তে অৰ্থনৈতিক বিকাশ আৰু আঞ্চলিক বাণিজ্যৰ সম্ভাৱনাৰ উপৰি সুযোগসমূহৰ ওপৰত বিশেষজ্ঞ আলোচনাত মিলিত হয়৷ উদ্বোধনী অধিবেশনৰ পিছত বাণিজ্যিক আলোচনা অনুষ্ঠিত হয়, য’ত বাণিজ্যিক আৰু ব্যৱসায়িক সংস্থাসমূহে অঞ্চলটোৰ অভ্যন্তৰীণ জলপথসমূহৰ সুযোগসমূহ অন্বেষণ কৰিবলৈ মিলিত হয়৷


 


গ্ল’বেল মেৰিটাইম ইণ্ডিয়া সন্মিলন, ২০২৩ৰ মূল কাৰ্যক্ৰমৰ অংশ হিচাপে মন্ত্ৰ্যালয়ে আয়োজন কৰা ধাৰাবাহিক ৰোড শ্ব’ৰ ভিতৰত পঞ্চম গুৱাহাটীত অনুষ্ঠিত হৈছে৷ দিল্লীৰ ভাৰত মণ্ডপমত ২০২৩ বৰ্ষৰ ১৭-১৯ অক্টোবৰত মূল কাৰ্যসূচী অনুষ্ঠিত হ’ব৷ পূৰ্বে কলকাতা, মঙলদৈ, বিশাখাপট্টনম আৰু গোৱাত অনুৰূপ ৰোড শ্ব’ আয়োজন কৰা হৈছিল। গুৱাহাটীৰ পিছত চেন্নাই, ভুবনেশ্বৰ, বাৰানসী, কোচি, আহমেদাবাদ আৰু বাংগালুৰুত ৰোড শ্ব’ৰ পৰিকল্পনা কৰা হৈছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here