এইচ ডি এফ চি বেংকে আৰম্ভ কৰিলে ‘পুৰানি গাদ্দি’ ¬(Purani Gaadi) ‘নাই শ্বুৰুৱাট’ (Nayi Shuruaat) পদক্ষেপ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday 9 August 2023

এইচ ডি এফ চি বেংকে আৰম্ভ কৰিলে ‘পুৰানি গাদ্দি’ ¬(Purani Gaadi) ‘নাই শ্বুৰুৱাট’ (Nayi Shuruaat) পদক্ষেপ

 

৫০ হাজাৰ পৰিবহণকাৰী, ঠিকাদাৰ আৰু মধ্যস্থতাকাৰীৰ কাষ চাপিবলৈ লক্ষ্য


W7s news,,,গুৱাহাটী, ৯ আগষ্ট,: এইচ ডি এফ চি বেংকে দেশজোৰা অভিযান চলাইছে –‘পুৰানি গাদ্দি’  ¬(Purani Gaadi) ‘নাই শ্বুৰুৱাট (Nayi Shuruaat) । ২০২৩ ৰ ৭ আগষ্টৰ পৰা আৰম্ভ হোৱা এই এসপ্তাহজোৰা অভিযানৰ লক্ষ্য হৈছে ব্যৱহৃত বাণিজ্যিক বাহন আৰু ব্যৱহৃত নিৰ্মাণ সঁজুলি ক্ৰয়ৰ বাবে অগ্ৰিম ধন পৰিবহণকাৰী আৰু ঠিকাদাৰলৈ বৃদ্ধি কৰাএই পদক্ষেপৰ অংশ হিচাপে এইচডিএফচি বেংকে সমগ্ৰ দেশৰ প্ৰায় ৫০,০০০ পৰিবহণকাৰী, ঠিকাদাৰ, আৰু মধ্যস্থতাকাৰীৰ সৈতে যোগাযোগ কৰাৰ পৰিকল্পনা কৰিছে, বিশেষকৈ গ্ৰাম্য আৰু অৰ্ধনগৰীয়া এলেকাত । বেংগালুৰু, কলকাতা, আহমেদাবাদ, মুম্বাই, জয়পুৰ, চেন্নাই, প্ৰয়াগৰাজ, হায়দৰাবাদ, ইন্দোৰ, চেন্নাই, দিল্লী, বদোদৰা, কোচি, যোধপুৰ, পুনে, লুধিয়ানা, আৰু কৰ্ণাল আদি শাখাকে ধৰি সমগ্ৰ ভাৰতবৰ্ষত এই অভিযান চলোৱা হৈছে।এই সপ্তাহৰ ভিতৰত এইচডিএফচি বেংকে প্ৰধান পৰিবহণ কেন্দ্ৰসমূহত একাধিক বৃহৎ আৰু সৰু আকাৰৰ অনুষ্ঠানো অনুষ্ঠিত কৰিব আৰু ইয়াৰ সৈতে বেংকে ব্যৱহৃত বাণিজ্যিক বাহনৰ বিত্তীয় সাহায্য খণ্ডত বজাৰ অংশীদাৰিত্ব বৃদ্ধি কৰাৰ লক্ষ্য লৈছে।এইচ ডি এফ চি বেংকৰ গ্ৰুপ হেড - কমাৰ্চিয়েল এণ্ড ৰুৰেল বেংকিং ৰাহুল এছ শুক্লাই কয় যে, “আমি এই পদক্ষেপক লৈ উৎসাহিত, যত বেংকৰ বিষয়াসকলে দূৰৱৰ্তী স্থানত গ্ৰাহকৰ সৈতে যোগাযোগ কৰিব। ইয়াৰ দ্বাৰা হাজাৰ হাজাৰ চালকক ট্ৰাকৰ মালিক হোৱাত সহায়ক হব।”এইচ ডি এফ চি বেংকৰ পৰিবহণ আৰু আন্তঃগাঁথনি বিত্ত গোটৰ গ্ৰুপ হেড ৰাজিন্দৰ কুমাৰ বাব্বৰে কয় যে, “এই ছেগমেণ্টত নতুন গ্ৰাহক সংযোজন আৰু বজাৰ অংশীদাৰিত্ব বৃদ্ধি কৰাত ই বেংকটোক সহায় কৰিব। এই খণ্ডৰ অধিকাংশ পুঁজিয়েই অগ্ৰাধিকাৰ খণ্ড ঋণৰ অধীনত যোগ্যতা অৰ্জন কৰে।” এইচ ডি এফ চি বেংক বাণিজ্যিক পৰিবহণ খণ্ডৰ আগশাৰীৰ খেলুৱৈ আৰু ২০ বছৰতকৈও অধিক সময় ধৰি ব্যৱহৃত বাণিজ্যিক বাহন আৰু ব্যৱহৃত নিৰ্মাণ সঁজুলিৰ বিৰুদ্ধে ঋণ বৃদ্ধি কৰি আহিছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here