এয়াৰটেল পেমেণ্টছ বেংকে মুকলি কৰিলে ইক'-ফ্ৰেণ্ডলী ডেবিট কাৰ্ড - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday 9 August 2023

এয়াৰটেল পেমেণ্টছ বেংকে মুকলি কৰিলে ইক'-ফ্ৰেণ্ডলী ডেবিট কাৰ্ড


 

ইক'-ফ্ৰেণ্ডলী  গ্রাহকৰ পুৰস্কাৰদায়ক ডেবিট কাৰ্ড মুকলি কৰা  প্রথম ভাৰতীয় বেংক



W7s news,গুৱাহাটী, : বেংকিং অনুজ্ঞাপত্ৰৰে পৰিসৰত কাম কৰা ভাৰতৰ একমাত্ৰ লাভজনক মাল্টি-ছেগমেণ্ট ফিনটেক, এয়াৰটেল পেমেণ্টছ বেংকে চেভিংছ বেংক একাউণ্টৰ সৈতে নতুন আৰু বৰ্তমানৰ গ্ৰাহকৰ বাবে ইক'-ফ্ৰেণ্ডলী   ডেবিট কাৰ্ড মুকলি কৰে   গ্রাহকৰ পুৰস্কাৰদায়ক ইক'-ফ্ৰেণ্ডলী  ডেবিট কাৰ্ড মুকলি কৰা প্রথম ভাৰতীয় বেংক । এই পদক্ষেপৰ দ্বাৰা এয়াৰটেল পেমেন্ট বেংক প্রথম ভাৰতীয়  বেংক হিচাপে পৰিগণিত হৈছে।ডেবিট কাৰ্ডসমূহ আৰ-পিভিচি মেটেৰিয়েলত তৈয়াৰ কৰা হব, ইক’-ফ্ৰেণ্ডলী মেটেৰিয়েলত। এই ইক'-ফ্ৰেণ্ডলী   সামগ্ৰী ব্যবহাৰৰ লগে লগে এয়াৰটেল পেমেণ্টছ বেংকে পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰত অগ্রণী ভূমিকা লোৱা পৰিলে হৈছে। উৎপাদিত ৫০,০০০ কাৰ্ডৰ প্ৰতিটো গোট, বজাৰত সাধাৰণতে ব্যৱহৃত গতানুগতিক পিভিচি কাৰ্ডৰ তুলনাত ৩৫০ কিলোগ্ৰাম কাৰ্বন নিৰ্গমন  হ্ৰাস পাব। তদুপৰি, আৰ-পিভিচি কাৰ্ডৰ উৎপাদনৰ ফলত হাইড্ৰ’কাৰ্বনৰ ব্যৱহাৰ ৪৩% হ্ৰাস পাব, যাৰ ফলত উৎপাদনৰ সময়ত পেট্ৰলিয়াজাত সামগ্রী ব্যৱহাৰ  হ্ৰাস পাব।বেংকৰ ইতিবাচক পদক্ষেপে পানী সংৰক্ষণতো অৰিহণা যোগাব, যাৰ ফলত প্ৰতিটো গোটত আকৰ্ষণীয় ৬৬ লাখ লিটাৰ পানী ৰাহি হব । সম্পদৰ এই উল্লেখযোগ্য সংৰক্ষনে পৰিৱেশ সংৰক্ষণৰ প্রতি অধিক সূচল কৰি তুলিছে।এয়াৰটেল পেমেণ্টছ বেংকে ক্লাছিক ভেৰিয়েণ্টৰ অধীনত দুখন কাৰ্ড আগবঢ়াইছে– পাৰ্চনেলাইজড ক্লাছিক কাৰ্ড আৰু ইনষ্টা ক্লাছিক কাৰ্ড। গ্ৰাহকে এয়াৰটেল থেংকচ এপৰ পৰা পাৰ্ছনেলাইজড কাৰ্ড অৰ্ডাৰ কৰিব পাৰিব, আনহাতে চলিত ত্ৰৈমাসিকৰ শেষৰ ফালে নিৰ্বাচিত এলেকাৰ বেংকিং পইণ্টত ইনষ্টা কাৰ্ড উপলব্ধ হব। এই কাৰ্ডসমূহৰ পুৰস্কাৰদায়ক, য'ত আছে ১০,০০০ টকা পৰ্যন্ত ই-কমাৰ্চৰ সুবিধা, লগতে আছে ভাৰতৰ প্ৰধান চহৰসমূহত বিনামূলীয়া ৱান ডাইন।মুকলিৰ বিষয়ে কোৱাৰ সময়ত এয়াৰটেল পেমেণ্টছ বেংকৰ মুখ্য পৰিচালন বিষয়া গণেশ অনন্তনাৰায়ণনে কয় যে, “পুনঃব্যৱহৃত পিভিচি ব্যৱহাৰ কৰি নিৰ্মিত আমাৰ নতুন পৰিৱেশ-বন্ধুত্বপূৰ্ণ ডেবিট কাৰ্ড প্ৰৱৰ্তন কৰি আমি আনন্দিত হৈছো। এয়াৰটেল পেমেণ্টছ বেংকে বহনক্ষম ভৱিষ্যতৰ বাবে দায়িত্বশীল ব্যৱহাৰ আৰু উৎপাদনত বিশ্বাস কৰে। এই কাৰ্ডসমূহে বহনক্ষমতাৰ বাবে আমাৰ সমৰ্থন আৰু নিৰাপদ আৰু সুবিধাজনক বেংকিং অভিজ্ঞতা প্ৰদানৰ প্ৰতিশ্ৰুতি প্ৰদৰ্শন কৰে। আমাৰ লক্ষ্য হৈছে বিত্তীয় উদ্যোগত ইতিবাচক পৰিৱৰ্তন আনি আমাৰ গ্ৰাহকসকলক এক নিৰৱচ্ছিন্ন আৰু সুৰক্ষিত পেমেণ্ট অভিজ্ঞতা প্ৰদান কৰি ভাৰতক সুলভ আৰু অন্তৰ্ভুক্ত বেংকিং প্ৰদান কৰা।”অতি সোনকালে বেংকটোৱে ইক’ফ্ৰেণ্ডলী মেটেৰিয়েলত আৰু কাৰ্ড লৈ আহিব।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here