সিদ্ধগুৰু শ্ৰীসিদ্ধেশ্বৰ ব্ৰহ্মঋষিৰ উপস্থিতিত গুৱাহাটীত অমৃত মহোৎসৱৰ সামৰণি - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday 8 August 2023

সিদ্ধগুৰু শ্ৰীসিদ্ধেশ্বৰ ব্ৰহ্মঋষিৰ উপস্থিতিত গুৱাহাটীত অমৃত মহোৎসৱৰ সামৰণি

 


  ৰাজ্যপাল গুলাবচান্দ কাটাৰিয়াৰ অংশগ্ৰহণ 


W7s news,,,,গুৱাহাটী: 


তিৰুপতিৰ বিশ্ব ধৰ্ম চেতনা মঞ্চৰ অধীনৰ তিৰুপতিৰ শ্ৰী ব্ৰহ্মঋষি আশ্ৰমৰ   উদ্যোগত আৰু সিদ্ধগুৰু শ্ৰী সিদ্ধেশ্বৰ ব্ৰহ্মঋষি গুৰুদেৱৰ উপস্থিতিত গুৱাহাটীত আয়োজন কৰা  অমৃত মহোৎসৱৰ সফল সামৰণি পৰে। অমৃত মহোৎসৱ অভ্যৰ্থনা সমিতিৰ শুভকৰণ বোথ্ৰাই কয় যে আমি সকলোৱে অতি সৌভাগ্যৱান যে আমি এনে সিদ্ধগুৰুক মানৱ ৰূপত পাইছো, যি নিজে আমাৰ জীৱন সুৰক্ষিত কৰিবলৈ অহৰ্নিশে সাধনাত জড়িত হৈ আছে। শ্ৰী সিদ্ধেশ্বৰ ব্ৰহ্মৰ্শী গুৰুদেৱ এজন মহান সিদ্ধগুৰু, যাৰ সাতকুণ্ডলিনী, সাতটা চক্ৰ জন্মৰ পৰাই জাগ্ৰত হৈ আছে আৰু ব্ৰহ্ম লোক, বিষ্ণু লোক আৰু শিৱ লোক প্ৰাপ্ত কৰাৰ পিছত ব্ৰহ্মাঋষি হৈ পৰিছে।ইপিনে অসমৰ ৰাজ্যপাল গুলাবচান্দ কাটাৰিয়াই উক্ত অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি অমৃত মহোৎসৱ উদ্বোধন কৰে। ৰাজ্যপাল গৰাকীয়ে সিদ্ধগুৰুৰ আশীৰ্বাদ গ্ৰহণ কৰে। শ্ৰী ব্ৰহ্মঋষি আশ্ৰমৰ অধ্যক্ষ সৰলা বোথৰা কয় যে বিশ্বৰ কল্যাণৰ হকে কাম কৰি অহাৰ বাবে ব্ৰহ্মঋষি গুৰুদেৱে অষ্ট সিদ্ধি আৰু নৱ নিধি লাভ কৰিবলৈ সক্ষম হৈছে। শ্ৰী ব্ৰহ্মঋষি আশ্ৰমৰ ৰাষ্ট্ৰীয় মিডিয়া সভাপতি ৰবি পুগলিয়াই কয় যে এই অনুষ্ঠানৰ বাবে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা বহু সংখ্যক গুৰু ভক্ত গুৱাহাটীলৈ আহে। উক্ত অনুষ্ঠানত মেঘালয় চৰকাৰৰ মন্ত্ৰী এ এল হাক, শ্ৰীপাল জৈন, উদ্যোগপতি কৈলাশ লোহিয়া, শ্ৰী ব্ৰহ্মঋষি আশ্ৰমৰ অধ্যক্ষ সৰলা বোথৰা, অভ্যৰ্থনা সমিতিৰ কমল বাইড, নৱৰতন বাইড, শ্ৰী ব্ৰহ্মঋষি আশ্ৰমৰ মিডিয়া কোষৰ ৰাষ্ট্ৰীয় অধ্যক্ষ ৰবি পুগলীয়া, মনমল লোধা, অভ্যৰ্থনা সমিতিৰ পংকজ জালান আৰু সুভাষ সুৰানাকে ধৰি বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here