লিগ্ৰাণ্ড এমপাৱাৰিং স্ক'লাৰশ্বিপ প্ৰগ্ৰাম ২০২৩- ২৪ ৰ আৱেদন দি থকা হৈছে - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday 8 August 2023

লিগ্ৰাণ্ড এমপাৱাৰিং স্ক'লাৰশ্বিপ প্ৰগ্ৰাম ২০২৩- ২৪ ৰ আৱেদন দি থকা হৈছে


 

- বৈচিত্ৰ্য, লিংগ সমতা অন্তৰ্ভুক্তিৰ ওপৰত গুৰুত্ব


W7s news,,,,অসম,  ৮ আগষ্ট :  বৈদ্যুতিক আৰু ডিজিটেল নিৰ্মাণ আন্তঃগাঁথনি প্ৰদানকাৰী আৰু লাখ লাখ ভাৰতীয়ৰ ঘৰ  উজলোৱাৰ এক আগশাৰীৰ নাম  গ্ৰুপ লিগ্ৰাণ্ড ইণ্ডিয়াই ২০২৩-২৪ বৰ্ষৰ নতুন গোটৰ বাবে   'লিগ্ৰাণ্ড এমপাৱাৰিং স্ক'লাৰশ্বিপ প্ৰগ্ৰাম'ৰ বাবে আবেদন প্ৰক্ৰিয়া ঘোষণা কৰিছে ।   এই  বৃত্তিটোৱে সমগ্ৰ ভাৰতৰ যোগ্য ছোৱালী ছাত্ৰী, বিশেষভাৱে সক্ষম শিক্ষাৰ্থী, আৰু ট্ৰেন্সজেণ্ডাৰ শিক্ষাৰ্থীসকলৰ পৰা আবেদন বিচাৰিছে  ।GEEIS -ৰ (ডি আৰু আই প্ৰতিশ্ৰুতিৰ বাবে আন্তৰ্জাতিক প্ৰমাণপত্ৰ), দ্বাৰা প্ৰমাণিত এক সামাজিক দায়বদ্ধ সংগঠন হোৱাৰ বাবে , লিংগ সমতা কাৰ্যক গুৰুত্ব  দি আহিছে । ছোৱালীক শক্তিশালী কৰা শৈক্ষিক পদক্ষেপসমূহক সক্ৰিয়ভাৱে সমৰ্থন কৰিবলৈ ২০১৮ ত "  লিগ্ৰাণ্ড এমপাৱাৰিং স্ক'লাৰশ্বিপ"  স্থাপন কৰা হৈছিল।ইয়াৰ আৰম্ভণিৰ পৰা, কাৰ্যসূচীটোৱে সমগ্ৰ ভাৰতৰ স্বীকৃত মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়সমূহৰ পৰা অভিযান্ত্ৰিক, স্থাপত্য, বিজ্ঞান, প্ৰযুক্তি, বিত্ত আৰু অন্যান্য সম্পৰ্কিত ক্ষেত্ৰসমূহ অনুসৰণ কৰা ৪০০+ তকৈও অধিক ছোৱালী শিক্ষাৰ্থীক সমৰ্থন কৰিছে, যাৰ ভিতৰত আছে বিশেষভাৱে সক্ষম শিক্ষাৰ্থী আৰু ট্ৰেন্সজেণ্ডাৰ শিক্ষাৰ্থী।গ্ৰুপ  লিগ্ৰাণ্ড  ইণ্ডিয়াৰ মুখ্য কাৰ্যবাহী বিষয়া আৰু এমডি  শ্ৰী  টনি বেৰলেণ্ডে কয়, ” আমি শিক্ষাৰ শক্তি আৰু জীৱনসলনি কৰাৰ সামৰ্থ্যত বিশ্বাস কৰো।  লিগ্ৰাণ্ড এমপাৱাৰিং স্ক'লাৰশ্বিপ হৈছে এক বৈচিত্ৰ্যপূৰ্ণ আৰু সামগ্ৰিক শৈক্ষিক পৰিৱেশ গঢ়ি তোলাৰ প্ৰতি আমাৰ প্ৰতিশ্ৰুতিৰ এক প্ৰমাণ। যোগ্য ছোৱালী, বিশেষভাৱে সক্ষম আৰু ট্ৰেন্সজেণ্ডাৰ শিক্ষাৰ্থীসকলক শক্তিশালী কৰি আমি এক উজ্জ্বল আৰু অধিক ন্যায়সঙ্গত ভৱিষ্যত গঢ়ি তোলাৰ লক্ষ্য ৰাখিছো।"শিক্ষাৰ বাবে বিত্তীয় সহায় আগবঢ়োৱাৰ উপৰিও, লিগ্ৰাণ্ডে ২০২২ ৰ ছাত্ৰ পৰামৰ্শ কাৰ্যসূচী (Student Mentorship Program )আৰম্ভ কৰিছিল। এই কাৰ্যসূচীটো ভৱিষ্যতৰ মহিলা নেতৃবৃন্দক পৰামৰ্শ, আত্মবিশ্বাস গঢ়া, জীৱন দক্ষতা আৰু কেৰিয়াৰ নিৰ্দেশনা প্ৰদান কৰি সামগ্ৰিক বিকাশ  বৃদ্ধি কৰাৰ বাবে প্ৰস্তুত কৰা হৈছে। লিগ্ৰাণ্ড স্ক'লাৰশ্বিপৰ  ৫০ জনৰো অধিক হিতাধিকাৰীয়ে তেওঁলোকৰ পৰামৰ্শ কাৰ্যসূচী সম্পূৰ্ণ কৰিছে, আৰু বছৰি নতুন গোটবোৰক আদৰণি জনোৱা হয়।বৃত্তি কাৰ্যসূচীৰ বাবে আবেদন আৰু বাছনি প্ৰক্ৰিয়া সহজ কৰাৰ বাবে লিগ্ৰাণ্ডে   Buddy4Study নামৰ এক প্ৰতিষ্ঠিত সংগঠনৰ সৈতে  সহযোগিতা কৰে। আগ্ৰহী শিক্ষাৰ্থীসকলে Buddy4Study  পৰ্টেলৰ জৰিয়তে নাম ভৰ্তি কৰিব পাৰে।২০২৩-২৪ বৰ্ষৰ বাবে,  লিগ্ৰাণ্ড এমপাৱাৰিং স্ক'লাৰশ্বিপ কাৰ্যসূচীৰ লক্ষ্য হৈছে  ১০০ জন স্কোলাৰ (Scholar)ক সমৰ্থন কৰা। শিক্ষাৰ্থীসকলৰ শৈক্ষিক কাৰ্যসূচী সফলতাৰে সম্পূৰ্ণ নোহোৱালৈকে তেওঁলোকৰ প্ৰদৰ্শনৰ ওপৰত আধাৰ কৰি বৃত্তিৰ লাভালাভ  পাই থাকিব  । 

.

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here