গুৱাহাটী প্ৰেছ ক্লাবত কাৰ্ডিয়াক এৰেষ্টৰ সজাগতা শিবিৰ সম্পন্ন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday 7 August 2023

গুৱাহাটী প্ৰেছ ক্লাবত কাৰ্ডিয়াক এৰেষ্টৰ সজাগতা শিবিৰ সম্পন্ন

 


ভাৰতত প্ৰতি মিনিটত হঠাতে হৃদক্ৰিয়া বন্ধ হৈ মৃত্যুমুখত পৰে একাধিক ব্যক্তিয়েঃ ডাঃ অৰুণ ডেকা


W7s news গুৱাহাটীঃ গুৱাহাটী প্ৰেছ ক্লাবত সোমবাৰে ইণ্ডিয়ান ছ’চাইটি অব্ এনাষ্টাচিঅ’লজিষ্টৰ গুৱাহাটী শাখাৰ উদ্যোগত হঠাতে হৃদক্ৰিয়া বন্ধ হ’লে আমাৰ প্ৰাথমিক কৰ্তব্য সম্পৰ্কীয় এক সজাগতা শিবিৰ অনুষ্ঠিত হয়৷ অনুষ্ঠানৰ আঁত ধৰে গুৱাহাটী প্ৰেছ ক্লাবৰ সাধাৰণ সম্পাদক সঞ্জয় ৰায়ে৷ লগতে বিশেষজ্ঞ ডাঃ অৰুণ ডেকা, ডাঃ ৰেছু গুপ্তা আৰু ডাঃ ডেইজী গগৈক গুৱাহাটী প্ৰেছ ক্লাবৰ তৰফৰ পৰা ফুলাম গামোচাৰে আদৰণি জনোৱা হয়৷ উক্ত শিবিৰত ইণ্ডিয়ান ছ’চাইটি অব এনাষ্টাচিঅ’লজিষ্টৰ গুৱাহাটী শাখাৰ সম্পাদক ডাঃ অৰুণ ডেকাই কয় যে হঠাতে হৃদক্ৰিয়া বন্ধ হৈ হোৱা মৃত্যুৰ হাৰ পৃথিৱীত প্ৰতি মিনিটত শতাধিক আৰু ভাৰতত এই হাৰ একাধিক৷ গতিকে ভাৰতত যিহেতু হৃদক্ৰিয়াত আক্ৰান্তৰ হাৰ বাঢ়ি আছে সেয়ে আমি সকলোৱে সজাগ হ’ব লাগে সজাগতাহে ইয়াৰ পৰা পৰিত্ৰাণৰ একমাত্ৰ উপায়৷ তেওঁ এজন ব্যক্তি আক্ৰান্ত হোৱাৰ পৰা হাস্পতাললৈ নিয়ালৈকে মাজৰ সময়খিনিত ল’ব লগা ব্যৱস্থা সম্পৰ্কে বিস্তৃত ব্যাখ্যা আগবঢ়ায়৷ আন দুগৰাকী  বিশেষজ্ঞয়ো  বিভিন্ন পৰামৰ্শ আৰু কাৰ্যপ্ৰণালী বিতং ব্যাখ্যা আগবঢ়ায়৷  দিনৰ ১১-৩০ বজাত কেৱল সাংবাদিক আৰু সংবাদ কৰ্মীৰ বাবে আয়োজিত উক্ত অনুষ্ঠানত গুৱাহাটী প্ৰেছ ক্লাবৰ বিষয়ববীয়াসকলৰ উপৰি বিভিন্ন সংবাদ প্ৰতিষ্ঠানৰ অৰ্ধশতাধিক সাংবাদিক আৰু সংবাদ কৰ্মী উপস্থিত থাকি উপকৃত হয়৷

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here