W7s news,,,গুৱাহাটী: ২০২৩ৰ ৭ আগষ্টত নাবাৰ্ডৰ দ্বাৰা প্ৰচাৰিত কৃষক উৎপাদক সংস্থাসমূহৰ বাবে এক্সেছ ডেভেলপমেন্ট ছাৰ্ভিচৰ দ্বাৰা এদিনীয়া কৰ্মশালা ও আলোচনাচক্ৰৰ আয়োজন কৰা হয়। MANDI-Mainstreaming Agriculture through Networks and Development Initiatives ৰ অধীনত মাষ্টাৰকাৰ্ড চেণ্টাৰ ফৰ ইনক্লুছিভ গ্ৰ’থৰ সৈতে সহযোগিতা স্থাপনেৰে এই এফ পি অ’ সমূহৰ পৰিৱেশতন্ত্ৰ আৰু মূল্য শৃংখল শক্তিশালী কৰি তেওঁলোকৰ বহনক্ষম আৰু বাণিজ্যিকভাৱে কাৰ্য্যক্ষম বিকাশ নিশ্চিত কৰিব পৰাকৈ সহায় আৰু হেণ্ডহল্ডিং সেৱা প্ৰদান কৰি আহিছে এক্সেছ ডেভেলপমেন্ট ছাৰ্ভিচেজে । কৰ্মশালাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি শোভা বৰ্দ্ধন কৰে নাবাৰ্ড, অসম আঞ্চলিক কাৰ্যালয়ৰ চি জি এমে আৰু ইয়াত অংশগ্ৰহণ কৰে ৮০ জন এফ পি অ' প্ৰতিনিধি, নাবাৰ্ডৰ জিলা উন্নয়ন প্ৰবন্ধকে । এটা এফ পি অ’ৰ বিভিন্ন দিশ যেনে ডেভেলপিং ইনপুট লিংকেজ, ক্ৰেডিট আৰু ফাইনেন্সিয়েল ইনক্লুজন, আউটপুট লিংকেজ আৰু মাৰ্কেট এক্সেছ ইত্যাদিৰ ওপৰত অধিবেশনৰ আয়োজন কৰা হয়। ক্ৰপ স্মাৰ্ট এগ্ৰিকালচাৰেল ছাৰ্ভিচেজৰ স্বত্বাধিকাৰী অমৰজিৎ লহকৰে অংশগ্ৰহণকাৰীসকলক ইনপুট লিংকেজৰ প্ৰয়োজনীয়তা আৰু এটা সমৃদ্ধিশালী ইনপুট ব্যৱসায় স্থাপনৰ ক্ষেত্ৰত গঢ়ি তুলিব পৰা বিভিন্ন কৌশলৰ বিষয়ত ভাষণ প্ৰদান কৰে, নিউট্ৰিগো নেচুৰা এগ্ৰ’টেক লিমিটেডৰ সঞ্চালক ধৃতিমান ডেকা আৰু নেদাৰলেণ্ড ভিত্তিক সামাজিক উদ্যোগ aQystaৰ অপাৰেচন মেনেজাৰ ইডা ভান গ্ৰেভেনব্ৰুকে তেওঁলোকৰ GROWN ফাৰ্ম ইনকিউবেচন কাৰ্যসূচীৰ অধীনত এফ পি অ'ৰ কৃষক শ্বেয়াৰহোল্ডাৰসকলৰ উৎপাদিত সামগ্ৰীৰ বাবে কাৰ্য্যকৰী বজাৰ সংযোগ স্থাপনৰ ক্ষেত্ৰত আউটপুট সংযোগ আৰু বজাৰ প্ৰৱেশ আৰু আগুৱাই যোৱাৰ পথৰ বিষয়ে বিশদভাৱে মন্তব্য আগবঢ়ায় । ক্ৰেডিট লিংকেজ আৰু ফাইনেন্সিয়েল ইনক্লুজনৰ প্ৰয়োজনীয়তা সম্পৰ্কে ভাষণ আগবঢ়ায় সম্মুনাটিৰ প্ৰজেক্ট লীড পংকজ বৰ্মনে । এই অনুষ্ঠানতে নাবাৰ্ডৰ দ্বাৰা প্ৰসাৰিত বাস্কা ব্লক ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী আৰু নিউট্ৰিগো নেচুৰা এগ্ৰ’টেকৰ মাজত বুজাবুজি চুক্তি স্বাক্ষৰ কৰা হয় । বাকছা জিলা বিটিএডিৰ বাবে গ্ৰহণ কৰা এই প্ৰথমখন বুজাবুজি চুক্তিক এফ পি চিৰ বহনক্ষম বজাৰ সংযোগ নিশ্চিত কৰাৰ বাবে কল্পনা কৰা হৈছে। এই বুজাবুজিৰ চুক্তিৰ অধীনত এফ পি চিৰ পৰা আলোচনাযোগ্য মূল্যত নিউট্ৰিগো নেচুৰা এগ্ৰ’টেকে বিভিন্ন কৃষি আৰু উদ্যান শস্যৰ উৎপাদিত সামগ্ৰী ক্ৰয় কৰিব।
Post Top Ad
Responsive Ads Here
Monday, 7 August 2023

Home
-
-গুৱাহাটী
নাবাৰ্ডৰ দ্বাৰা প্ৰচাৰিত কৃষক উৎপাদক সংস্থাসমূহৰ বাবে এক্সেছ ডেভেলপমেন্ট ছাৰ্ভিচৰ উদ্যোগত এদিনীয়া কৰ্মশালা
নাবাৰ্ডৰ দ্বাৰা প্ৰচাৰিত কৃষক উৎপাদক সংস্থাসমূহৰ বাবে এক্সেছ ডেভেলপমেন্ট ছাৰ্ভিচৰ উদ্যোগত এদিনীয়া কৰ্মশালা
Subscribe to:
Post Comments (Atom)
Post Bottom Ad
Responsive Ads Here
Author Details
Templatesyard is a blogger resources site is a provider of high quality blogger template with premium looking layout and robust design. The main mission of templatesyard is to provide the best quality blogger templates which are professionally designed and perfectlly seo optimized to deliver best result for your blog.
No comments:
Post a Comment