দিল্লীৰ শ্ৰী ৰাম কলেজ অৱ কমাৰ্চত স্থান লাভ মডাৰ্ণ ইংলিছ স্কুলৰ শিক্ষাৰ্থীৰ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday 7 August 2023

দিল্লীৰ শ্ৰী ৰাম কলেজ অৱ কমাৰ্চত স্থান লাভ মডাৰ্ণ ইংলিছ স্কুলৰ শিক্ষাৰ্থীৰ


 

W7s news,,গুৱাহাটী, : কাহিলীপাৰাৰ মডাৰ্ণ ইংলিছ স্কুলে অত্যন্ত গৌৰৱেৰে সমগ্ৰ দেশৰ বিভিন্ন প্ৰখ্যাত শিক্ষানুষ্ঠানত ছাত্ৰ-ছাত্ৰীসকলে লাভ কৰা ব্যতিক্ৰমী সাফল্যৰ কথা ঘোষণা কৰিছে। শেহতীয়াকৈ প্ৰতিষ্ঠানটোৰ পৰা দ্বাদশ শ্ৰেণী উত্তীৰ্ণ ছাত্ৰ জ্যোতিষ্মান দাসে ভাৰতৰ অন্যতম প্ৰতিষ্ঠিত মহাবিদ্যালয়, দিল্লী বিশ্ববিদ্যালয়ৰ সৈতে সম্পৰ্কিত আৰু দেশৰ শ্ৰেষ্ঠ কমাৰ্চ কলেজসমূহৰ ভিতৰত প্ৰথম স্থানত অধিষ্ঠিত নতুন দিল্লীৰ শ্ৰী ৰাম কলেজ অৱ কমাৰ্চত বাণিজ্য বিভাগৰ স্নাতক শাখাত অধ্যয়নৰ বাবে স্থান লাভ কৰিছে। ডাৰ্ণ ইংলিছ স্কুলৰ আন কৃতি শিক্ষাৰ্থীসকলেও হায়দৰাবাদৰ চিম্বায়’ছিছ ল স্কুল, এন আই টি শিলচৰ, নতুন দিল্লীৰ কমলা নেহৰু কলেজ, বেংগালুৰুৰ ক্ৰাইষ্ট ইউনিভাৰ্চিটি, সোনিপটৰ জিন্দাল গ্ল’বেল ল স্কুল আদিৰ দৰে বিভিন্ন বিভাগৰ শ্ৰেষ্ঠ প্ৰতিষ্ঠানসমূহত স্থান লাভ কৰিবলৈ সক্ষম হৈছে। এই সাফল্য সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰি কাহিলীপাৰাৰ মডাৰ্ণ ইংলিছ স্কুলৰ অধ্যক্ষা  জোনালী দাসে কয়, "আমাৰ শিক্ষাৰ্থীসকলে অতি পৰিশ্ৰমৰ ফলত লাভ কৰা উৎকৃষ্ট সাফল্যৰ বাবে আমি অত্যন্ত গৌৰৱান্বিত।" লগতে তেওঁ কয়, "এই সফলতাসমূহে তেওঁলোকৰ কঠোৰ পৰিশ্ৰম, সংকল্প আৰু আমাৰ প্ৰতিষ্ঠানত তেওঁলোকৰ হকে আমি প্ৰদান কৰা মূল্য-সংযোজিত শিক্ষাক প্ৰতিফলিত কৰে। ভৱিষ্যতে তেওঁলোকে বাছনি কৰা পথত উৎকৃষ্টতা প্ৰদৰ্শন কৰি যোৱাৰ প্ৰচেষ্টা অব্যাহত ৰাখিব আৰু সমাজলৈ ইতিবাচক অৱদান আগবঢ়াব বুলি আমি নিশ্চিত।"

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here