বাজাজ ফাইনেন্স ফিক্সড ডিপজিটে অতিক্ৰম কৰিলে ৫০ হাজাৰ কোটি টকা - W7S News

Breaking News

demo-image

Home Top Ad

Responsive Ads Here

Post Top Ad

Saturday, 26 August 2023

demo-image

বাজাজ ফাইনেন্স ফিক্সড ডিপজিটে অতিক্ৰম কৰিলে ৫০ হাজাৰ কোটি টকা

Responsive Ads Here

 


W7s news,,,,গুৱাহাটী,  ভাৰতৰ অন্যতম আগশাৰীৰ নন-বেংকিং ফাইনেন্সিয়েল কোম্পানী,তথা বাজাজ ফিনচাৰ্ভৰ অংশ বাজাজ ফাইনেন্স লিমিটেডে কয় যে তেওঁলোকৰ ফিক্সড ডিপজিটছ  বুকখনে মাইলস্টোন অতিক্ৰম কৰিছে, ৫০ হাজাৰ কোটি  টকা।বাজাজ ফাইনেন্সৰ ডেৰ লাখ জমাকাৰী আছে । ইয়াৰ প্ৰতিজন জমাকাৰীয়ে ২.৮৭টা জমা ধন ৰাখিছে, আৰু মুঠ ১.৪ মিলিয়ন জমা ধন আছে। বাজাজ ফাইনেন্সে দীৰ্ঘম্যাদী ঋণ কাৰ্যসূচীৰ বাবে CRISIL, ICRA, CARE আৰু ইণ্ডিয়া ৰেটিংছৰ পৰা উচ্চতম ক্ৰে়ডিট স্কৰ AAA/Stable, আৰু হ্ৰস্বম্যাদী ঋণ কাৰ্যসূচীৰ বাবে CRISIL, ICRA, ইণ্ডিয়া ৰেটিংছৰ পৰা A1+, আৰু ইয়াৰ ফিক্সড ডিপজিট প্ৰগ্ৰেমৰ বাবে CRISIL আৰু ICRA ৰ পৰা AAA (Stable) ৰ ক্ৰেডিট ৰেটিং লাভ কৰিছে। বাজাজ ফাইনেন্সৰ ফিক্সড ডিপজিটছ এণ্ড ইনভেষ্টমেণ্টছৰ কাৰ্যবাহী উপ-সভাপতি শচীন ছিক্কাই কয় যে আমি আমাৰ গ্ৰাহকসকলৰ বাবে আকৰ্ষণীয় সুতৰ হাৰত দীৰ্ঘম্যাদী সঞ্চয়ৰ সমাধান আগবঢ়োৱাত মনোনিৱেশ কৰিছো। যোৱা দুবছৰত দুগুণ বৃদ্ধি পোৱা আমাৰ ফিক্সড ডিপ’জিট পৰ্টফলিঅৰ দ্ৰুত বৃদ্ধিয়ে বাজাজ ফিনচাৰ্ভ ব্ৰেণ্ডৰ প্ৰতি গ্ৰাহকৰ আস্থা, ডিজিটেলভাৱে ফিক্সড ডিপজিট বুকিং কৰাৰ সহজ প্ৰক্ৰিয়াই দেশজুৰি আমাৰ উপস্থিতিক দৰ্শাই।”বাজাজ ফাইনেন্সে ৪৪ মাহৰ  এফ ডিৰ ওপৰত সৰ্বোচ্চ সুতৰ হাৰ আগবঢ়াইছে। জ্যেষ্ঠ নাগৰিকৰ বাবে ৮.৬০% আৰু আন লোক সকলৰ বাবে বাবে ৮.৩৫% প্রযোজ্য কৰিছে।১০ বছৰৰ ভিতৰত কোম্পানীটোৱে নিজৰ জমা বহী ৬০% CAGR আৰু জমাকাৰীৰ সংখ্যা ৪৯% CAGR ৰে বৃদ্ধি কৰিছে।কোম্পানীটোৱে ১২ মাহৰ বাবে ৭.৪০% আৰু ২৪ মাহৰ বাবে ৭.৫৫% সুতৰ হাৰ আগবঢ়ায়। ৩৬ৰ পৰা ৬০ মাহৰ বাবে সুতৰ হাৰ ৮.০৫%। এই হাৰত জ্যেষ্ঠ নাগৰিকসকলক অতিৰিক্ত ০.২৫% প্ৰদান কৰা হয়।বাজাজ ফাইনেন্সৰ ৭৩ মিলিয়ন আৰু ইয়াৰ এপত ৪০.২ মিলিয়ন গ্ৰাহক আছে। কোম্পানীটোৱে নিজৰ ডিজিটেল চেনেলৰ জৰিয়তে বয়স অনুপাতে গ্ৰাহকে এফ ডিৰ পথ বাছি লোৱা দেখিবলৈ পাইছে বুলিও বাজাজ ফাইনেঞ্চৰ উপাধ্যক্ষ গৰাকীয়ে জানিবলৈ দিয়ে।

No comments:

Post a Comment

Post Bottom Ad

Contact Form

Name

Email *

Message *