W7s news,,,,গুৱাহাটী, : অসম ভিত্তিক অ'টিটি প্লেটফৰ্ম নিৰি৯ ক ২০২৩ চনৰ ২৬ আগষ্ট তাৰিখে মুম্বাইত অনুষ্ঠিত হোৱা এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানত বছৰটোৰ উদীয়মান ডিজিটেল প্লেটফৰ্ম হিচাপে টাইম২ লিপ নেচনেল বঁটা প্ৰদান কৰা হয়।বিকেচি মুম্বাইত অনুষ্ঠিত এমএছএমই ষ্টাৰ্টআপ ইন’ভেশ্যন ছামিট এণ্ড এৱাৰ্ডছৰ তৃতীয় সংস্কৰণ অনুষ্ঠানত ভাৰত চৰকাৰৰ এমএছএমইৰ সঞ্চালিকা প্ৰধান ড০ এছ গ্লোৰী স্বৰূপাই প্ৰদান কৰা এই বঁটাটি নিৰি মিডিয়াৰ সঞ্চালিকা ড০ জুনমণি দেৱী খাউণ্ডে গ্ৰহণ কৰে। নিৰি ৯ ৰ পৰিচালক ড০ জুনমণি দেৱী খাউণ্ডে অনুষ্ঠানটোত ভাষণ প্ৰদান কৰি কয়, "এয়া মোৰ আৰু নিৰি ৯ ৰ সৈতে জড়িত হৈ থকা পৰিশ্ৰমী দলটিৰ বাবে এক গৌৰৱৰ মুহূৰ্ত, এই বঁটা প্ৰাপ্তিৰ লগে লগে আমাৰ দায়িত্ব বৃদ্ধি পাইছে আৰু অনাগত দিনত আমি আমাৰ মঞ্চত নিশ্চিতভাৱে একাধিক ভাষাত উন্নত মানদণ্ডৰ সমল উপলব্ধ কৰিবলৈ যথাসাধ্য চেষ্টা কৰিম।""ইয়াৰোপৰি, মই আমাৰ অঞ্চলৰ থলুৱা কাহিনীসমূহ বিকশিত কৰাৰ ওপৰতো গুৰুত্ব দিম আৰু চলচ্চিত্ৰ নিৰ্মাতাসকলৰ সৈতে তেওঁলোকৰ সৃষ্টিশীলতা প্ৰদৰ্শনৰ মঞ্চ প্ৰদান কৰাৰ বাবে কাম কৰিম", তেওঁ লগতে কয়।এই অনুষ্ঠানতেই নিৰি মিডিয়াৰ আহিবলগীয়া হিন্দী ফিচাৰ ছবি "কুকি"ৰ ট্ৰেইলাৰ বিশিষ্ট ব্যক্তি, অতিথি আৰু সংবাদ মাধ্যমৰ সন্মুখত মুকলি কৰা হয়।অনুষ্ঠানটোত অভিনেত্ৰী নিশঙ্কা খাউণ্ড আৰু মুখ্য অভিনেত্ৰী ৰিতিশা খাউণ্ড, সংগীত পৰিচালক তপন দত্ত সহিতে ছবিখনৰ পৰিচালক প্ৰণৱ ডেকাও উপস্থিত আছিল।
No comments:
Post a Comment