*গুৱাহাটীৰ মডাৰ্ন ইংলিছ স্কুলৰ উদ্যোগত আৰু সদৌ অসম টাইকোৱাণ্ডো সন্থাৰ সহযোগত অনুষ্ঠিত হ’বলগীয়া দ্বিতীয় সদৌ অসম আন্তঃবিদ্যালয় টাইকোৱাণ্ডো চেম্পিয়নশ্বিপ
২০২৩ত অংশগ্ৰহণ কৰিব ৭৫০তকৈ অধিক শিক্ষাৰ্থীয়ে*
W7s news গুৱাহাটী : সদৌ অসম টাইকোৱাণ্ডো সন্থাৰ সহযোগত মডাৰ্ণ ইংলিছ স্কুলে সগৌৰৱে বছৰটোৰ বহু প্ৰত্যাশিত অনুষ্ঠান দ্বিতীয় সদৌ অসম আন্তঃবিদ্যালয় টাইকোৱাণ্ডো চেম্পিয়নশ্বিপ ২০২৩ আয়োজনৰ কথা ঘোষণা কৰিছে। তিনিদিনীয়াকৈ অনুষ্ঠিত হ'ব লগা এই প্ৰতিযোগিতাত ৭৫০ গৰাকীতকৈ অধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰিব। ২৫ আগষ্ট পৰা শুভাৰম্ভ হোৱা তিনিদিনীয়া প্ৰতিযোগিতাখন ২৭ আগষ্টত অন্ত পৰিব। এই মেগা চেম্পিয়নশ্বিপ আৰু ইয়াৰ উপকাৰিতাৰ বিষয়ে উল্লেখ কৰি মডাৰ্ণ ইংলিছ স্কুলৰ অধ্যক্ষা জোনালী দাসে কয় যে, "২০২৩ চনৰ দ্বিতীয় সদৌ অসম আন্তঃবিদ্যালয় টাইকোৱাণ্ডো চেম্পিয়নশ্বিপ আয়োজন কৰি আমি সন্মানবোধ কৰিছোঁ। প্ৰতিনিয়ত সমৰ্থন আৰু উৎসাহ যোগাই অহাৰ বাবে মই সদৌ অসম টাইকোৱাণ্ডো সন্থালৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। এই অনুষ্ঠান কেৱল এখন প্ৰতিযোগিতাই নহয়; চেম্পিয়নশ্বিপৰ লগতে এই আয়োজন এক সৌহাৰ্দ্যৰ মনোভাৱ আৰু উৎকৃষ্টতাৰ সন্ধানৰ প্ৰতীক। যোৱা বৰ্ষৰ উদ্বোধনী অনুষ্ঠানটোৰ সফল সামৰণিৰ পিছত আমি সকলো অংশগ্ৰহণকাৰী, প্ৰশিক্ষক আৰু অংশগ্ৰহণকাৰীসকলৰ বাবে আন এক স্মৰণীয় আৰু প্ৰভাৱশালী অভিজ্ঞতা সৃষ্টি কৰিবলৈ সাজু হৈছো। অনুশাসন আৰু সন্মানৰ ওপৰত গুৰুত্ব প্ৰদানৰ লগতে টাইকোৱাণ্ডো খেলে আমাৰ বিদ্যালয়ৰ মূল্যবোধৰ সৈতে সম্পূৰ্ণৰূপে সংগতি ৰাখে।একেদৰে এনে প্ৰতিযোগিতাৰ মাজেৰে আমি দক্ষতা আৰু দৃঢ়তাৰ প্ৰদৰ্শন উপভোগ কৰিবলৈও অত্যন্ত উৎসাহী। এই চেম্পিয়নশ্বিপ বিভিন্ন প্ৰান্তৰ যুৱপ্ৰজন্মৰ মাজত শাৰীৰিক সুস্থতা, অনুশাসন আৰু খেলুৱৈসুলভ মনোভাৱ প্ৰচাৰ-প্ৰসাৰৰ প্ৰতি আমাৰ সমৰ্পণৰ এক প্ৰমাণ।"
প্ৰতিযোগিতাখনৰ বিষয়ে মডাৰ্ন ইংলিছ স্কুলৰ পিজিটি-শাৰীৰিক শিক্ষা আৰু টাইকোৱাণ্ডো খেলৰ প্ৰশিক্ষক অভিজিৎ গগৈয়ে কয় যে,“এইবেলি অনুষ্ঠিত হোৱা ২০২৩ চনৰ দ্বিতীয় সদৌ অসম আন্তঃবিদ্যালয় টাইকোৱাণ্ডো প্ৰতিযোগিতাত অংশগ্ৰহণকাৰীৰ সংখ্যা বৃদ্ধি হোৱা দেখা পাই মই যথেষ্ট আনন্দিত হৈছোঁ।যোৱা বৰ্ষৰ তুলনাত এই বছৰ অংশগ্ৰহণকাৰীৰ সংখ্যা বৃদ্ধি সঁচাকৈয়ে অনুপ্ৰেৰণাদায়ক। ই শিক্ষাৰ্থীসকলৰ মাজত টাইকোৱাণ্ডো খেলৰ প্ৰতি ক্ৰমাৎ বৃদ্ধি পোৱা উৎসাহক প্ৰতিফলিত কৰে। গুৱাহাটীৰ মডাৰ্ন ইংলিছ স্কুলৰ উদ্যোগত আৰু সদৌ অসম টাইকোৱাণ্ডো সন্থাৰ সহযোগত অনুষ্ঠিত হোৱা দ্বিতীয় সদৌ অসম আন্তঃবিদ্যালয় টাইকোৱাণ্ডো চেম্পিয়নশ্বিপ ২০২৩ অসমৰ উদীয়মান খেলুৱৈসকলৰ বাবে এখন গুৰুত্বপূৰ্ণ মঞ্চ। এই অনুষ্ঠানটোৱে কেৱল টাইকোৱাণ্ডো খেলতে নহয়, জীৱনৰ বাবেও গুৰুত্বপূৰ্ণ অনুশাসন, দলীয় কাম আৰু অধ্যৱসায় কঢ়িয়াই আনে।"
দ্বিতীয় সদৌ অসম আন্তঃবিদ্যালয় টাইকোৱাণ্ডো প্ৰতিযোগিতা ২০২৩ত বিভিন্ন শাখাত প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ’ব। প্ৰতিযোগিতাত থাকিব বিভিন্ন বয়সৰ গোট আৰু দক্ষতাৰ স্তৰ, যাতে প্ৰতিজন অংশগ্ৰহণকাৰীয়ে জিলিকি উঠাৰ সুযোগ পায়। এই অনুষ্ঠানটোৱে কেৱল ক্ৰীড়া প্ৰতিভা বা এথলেটিচিজনক উদযাপন কৰাই নহয়, লগতে একতা আৰু স্বাস্থ্যকৰ প্ৰতিযোগিতাৰ গুৰুত্বৰ কথাও সোঁৱৰাই দিব।"
অনুষ্ঠানটোত ভাৰত চৰকাৰৰ অধীনস্থ আইঅ'এফএছ আৰু ভাৰতৰ উত্তৰ-পূব আঞ্চলিক কেন্দ্ৰৰ (গুৱাহাটী) প্ৰতিৰক্ষা তথা ক্ৰীড়া প্ৰাধিকৰণ মন্ত্ৰালয়ৰ উপ-সঞ্চালক প্ৰাণজিৎ ভাগৱতী, আন্তঃৰাষ্ট্ৰীয় ৰেফাৰী আলী আহমেদ জাফৰী, দীনেশ গুপ্তা আৰু মডাৰ্ণ ইংলিছ স্কুলৰ সঞ্চালক পংকজ দাস উপস্থিত থাকে।
No comments:
Post a Comment