৬ আগষ্টত সিদ্ধগুৰু শ্ৰীসিদ্ধেশ্বৰ ব্ৰহ্মঋষিৰ উপস্থিতিত গুৱাহাটীত অমৃত মহোৎসৱ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday 4 August 2023

৬ আগষ্টত সিদ্ধগুৰু শ্ৰীসিদ্ধেশ্বৰ ব্ৰহ্মঋষিৰ উপস্থিতিত গুৱাহাটীত অমৃত মহোৎসৱ


   


 মুখ্য অতিথি হিচাপে থাকিব ৰাজ্যপাল গুলাবচান্দ কাটাৰিয়া 


W7s news,,,গুৱাহাটী:  তিৰুপতিৰ বিশ্ব ধৰ্ম চেতনা মঞ্চৰ অধীনৰ তিৰুপতিৰ শ্ৰী ব্ৰহ্মঋষি আশ্ৰমৰ   উদ্যোগত আৰু সিদ্ধগুৰু শ্ৰী সিদ্ধেশ্বৰ ব্ৰহ্মঋষি গুৰুদেৱৰ উপস্থিতিত গুৱাহাটীত আয়োজন কৰা হৈছে অমৃত মহোৎসৱৰ।শ্ৰী ব্ৰহ্মঋষি আশ্ৰমৰ আন্তঃৰাষ্ট্ৰীয় অধ্যক্ষা  সৰলা বোথ্ৰাই কয় যে গুৰুদেৱৰ ঐশ্বৰিক আশীৰ্বাদৰ বাবে অহা ৬ আগষ্টত মাছখোৱাৰ আই টি এ প্ৰকল্পত বিয়লি ৪:১৫ বজাত এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে।গুৰুদেৱৰ কাৰ্যসূচী সন্দৰ্ভত আজি পোষ্টাৰ আৰু নিমন্ত্ৰনী আলোচনী উন্মোচন কৰা হয়। অমৃত মহোৎসৱ অভ্যৰ্থনা সমিতিৰ শুভকৰণ বোথ্ৰাই কয় যে আমি সকলোৱে অতি সৌভাগ্যৱান যে আমি এনে সিদ্ধগুৰুক মানৱ ৰূপত পাইছো, যি নিজে আমাৰ জীৱন সুৰক্ষিত কৰিবলৈ অহৰ্নিশে সাধনাত জড়িত হৈ আছে। শ্ৰী সিদ্ধেশ্বৰ ব্ৰহ্মৰ্শী গুৰুদেৱ এজন মহান সিদ্ধগুৰু, যাৰ সাতকুণ্ডলিনী, সাতটা চক্ৰ জন্মৰ পৰাই জাগ্ৰত হৈ আছে আৰু ব্ৰহ্ম লোক, বিষ্ণু লোক আৰু শিৱ লোক প্ৰাপ্ত কৰাৰ পিছত ব্ৰহ্মাঋষি হৈ পৰিছে।ইপিনে অসমৰ ৰাজ্যপাল গুলাবচান্দ কাটাৰিয়াই উক্ত অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। মহোৎসৱ অভ্যৰ্থনা সমিতিৰ নৱৰতন বাইদে কয় যে কেৱল প্ৰৱেশ পত্ৰৰ জৰিয়তেহে এই ডিভাইন উৎসৱত অংশগ্ৰহণ কৰিব পাৰিব।তিৰুপতিৰ শ্ৰী ব্ৰহ্মঋষি আশ্ৰমৰ ৰাষ্ট্ৰীয় মিডিয়া   সভাপতি ৰবি পুগলিয়াই কয় যে বিশ্বৰ কল্যাণৰ হকে কাম কৰি অহাৰ বাবে ব্ৰহ্মঋষি গুৰুদেৱে অষ্ট সিদ্ধি আৰু নৱ নিধি লাভ কৰিবলৈ সক্ষম হৈছে।অভ্যৰ্থনা সমিতিৰ পংকজ জালান আৰু সুভাষ সুৰানাই কয় যে এই অনুষ্ঠানৰ বাবে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা বহু সংখ্যক গুৰু ভক্ত গুৱাহাটীলৈ আহিব। মনমল লোধাই কয় যে গুৱাহাটী চহৰখনে '' শ্ৰী সিদ্ধেশ্বৰ ব্ৰহ্মঋষি গুৰুদেৱৰ ঐশ্বৰিক দৰ্শন লাভ কৰাৰ সৌভাগ্য লাভ কৰিছে, যাৰ দৰ্শনে কেৱল জীৱনৰ দিশ আৰু অৱস্থা দুয়োটা সলনি কৰিব পাৰে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here