ৰেডিকো খেইটানে মুকলি কৰিলে ৮ পি এম প্ৰিমিয়াম ব্লেক হুইস্কিৰ সুন্দৰ নতুন অৱতাৰ, অতুলনীয় সফলতা আৰু স্বতন্ত্ৰ পেকেজিং প্ৰদৰ্শন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Thursday 3 August 2023

ৰেডিকো খেইটানে মুকলি কৰিলে ৮ পি এম প্ৰিমিয়াম ব্লেক হুইস্কিৰ সুন্দৰ নতুন অৱতাৰ, অতুলনীয় সফলতা আৰু স্বতন্ত্ৰ পেকেজিং প্ৰদৰ্শন

 ৰেডিকো খেইটানে মুকলি কৰিলে ৮ পি এম প্ৰিমিয়াম ব্লেক হুইস্কিৰ সুন্দৰ নতুন অৱতাৰ, অতুলনীয় সফলতা আৰু স্বতন্ত্ৰ পেকেজিং প্ৰদৰ্শন


W7s news,অসম,৩১ জুলাই, ২০২৩: সমৃদ্ধিশালী ভাৰতীয় সুৰা বজাৰৰ এক আগশাৰীৰ প্ৰতিষ্ঠান ৰেডিকো খেইটানে দেশজুৰি গ্ৰাহকক আকৰ্ষণৰ লক্ষ্যৰে ৮পিএম প্ৰিমিয়াম ব্লেক হুইস্কিৰ নতুন পেকেজিং ডিজাইন মুকলিৰে ইয়াৰ অসাধাৰণ জয়লাভত আনন্দিত হৈ পৰিছে। তিনি বছৰ ধৰি ধাৰাবাহিকভাৱে এক নিযুততকৈ অধিক কেছ বিক্ৰী কৰাৰ ট্ৰেক ৰেকৰ্ড থকা এই ব্ৰেণ্ডটোৱে উল্লেখযোগ্যভাৱে কম সময়ৰ ভিতৰতে দ্ৰুতগতিত বহু কোটিপতি প্ৰতিষ্ঠানৰ মৰ্যাদালৈ উন্নীত হৈছে। "ব্লেক" শব্দটোৰ অন্তৰ্ভুক্তিয়ে এই  ইয়াৰ বিখ্যাত মাতৃ ব্ৰেণ্ড ৮পিএম হুইস্কিৰ পৰা পৃথক কৰি তোলে নিখুঁতভাৱে  পেকেজিঙে ইয়াৰ চাইড পেনেলত কিংবদন্তি ৮ ৰেয়াৰ নোটছৰ কাহিনীটো গৌৰৱেৰে প্ৰদৰ্শন কৰে, যিয়ে হুইস্কিৰ ব্যক্তিত্ব আৰু ব্যতিক্ৰমী মানদণ্ডৰ প্ৰতি অটল দায়বদ্ধতাৰ প্ৰমাণ হিচাপে কাম কৰে।পেকেজিঙে কলাত্মকভাৱে ৮টা ৰেয়াৰ নোটছক প্ৰতিফলিত কৰি তুলিছে, য’ত বিভিন্ন সোৱাদৰ এক সুন্দৰ সংযোজন ঘটিছে আৰু যিয়ে ৰসিকসকলক আন কোনো ধৰণৰ সোৱাদে আগবঢ়াব নোৱাৰা এক সংবেদনশীল যাত্ৰাত বিলীন হোৱাৰ সুবিধা দিয়ে। ইয়াত "মাল্টি"ৰ ৰূপত মাল্ট আৰু খাদ্য শস্যৰ সূক্ষ্ম সুগন্ধি, "ফ্ৰুটি"ত ফলৰ ৰস, "ফ্ল'ৰেল"ত এলডাৰফ্লাৱাৰ আৰু হিদাৰৰ আনন্দদায়ক মিশ্ৰণ,"স্পাইচি"ত ভাৰতীয় মছলাৰ সুগন্ধ, "ড্ৰাইড ফ্ৰুটছ"ত কিচমিচ আৰু প্ৰুনৰ লোভনীয় উপস্থিতি, "স্মোকি"ত পিটৰ ধোঁৱাৰ সামান্য আভাস, "ছুইট"ত মেপল ছিৰাপ, মৌ আৰু ভেনিলাৰ আকৰ্ষণীয় মিশ্ৰণ আৰু "উডি"ত টোষ্ট কৰা ওক কাঠৰ সূক্ষ্ম ফিনিচিঙৰ সোৱাদৰ সুন্দৰ মিশ্ৰণে ৮পিএম প্ৰিমিয়াম ব্লেক হুইস্কিৰ আকৰ্ষণ বঢ়াই তুলি গ্ৰাহকক সঁচাকৈয়ে অসাধাৰণ পানীয়ৰ অভিজ্ঞতা প্ৰদান কৰে।ইয়াক আগলৈ অধিক উন্নীত কৰিবলৈ নতুন পেকেজিঙে ৮পিএম প্ৰিমিয়াম ব্লেক হুইস্কিক মণ্ড ছিলেকচন গোল্ড এৱাৰ্ডক বিশিষ্টভাৱে প্ৰদৰ্শন কৰিছে, ই এক সন্মানীয় প্ৰশংসা যিয়ে ব্ৰেণ্ডটোৰ অতুলনীয় মানদণ্ডৰ প্ৰতি অটল প্ৰতিশ্ৰুতিৰ প্ৰমাণ হিচাপে থিয় দিছে। এই উল্লেখযোগ্য কৃতিত্বই ৮পিএম প্ৰিমিয়াম ব্লেক হুইস্কিক ধন-সম্পত্তি আৰু উচ্চমানৰ মদ্যপানৰ প্ৰতিমূৰ্তি হিচাপে দৃঢ়ভাৱে প্ৰতিষ্ঠা কৰিছে।আস্থা আৰু সমৰ্থনে ব্ৰেণ্ডটোক এনে এক অভূতপূৰ্ব উচ্চতালৈ লৈ যোৱাত অৱদান আগবঢ়োৱা নিষ্ঠাবান গ্ৰাহকসকলৰ প্ৰতি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে ৰেডিকো খেইটানৰ মুখ্য পৰিচালন বিষয়া অমৰ সিনহাই।তেওঁ কয়, "ব্ৰাউন স্পিৰিটছে আধিপত্য কৰি থকা বজাৰখনত ভাৰতে সদায় হুইস্কিৰ প্ৰতি গভীৰ শ্ৰদ্ধা ৰাখি আহিছে। এক অনন্য ব্ৰেণ্ড হিচাপে নিজকে প্ৰতিষ্ঠা কৰা ৮পিএম প্ৰিমিয়াম ব্লেক হুইস্কিৰ অভূতপূৰ্ব সফলতাৰে হুইস্কিৰ বজাৰখনক মোহিত কৰি ৰাখি আমি নিজকে অপৰিসীম সৌভাগ্যৱান বুলি গণ্য কৰোঁ। আৰম্ভণিৰ মাত্ৰ পাঁচ বছৰৰ ভিতৰতে ই নিজৰ একক পৰিচয় গঢ়ি তুলিছে আৰু গৌৰৱেৰে সন্মানীয় বহু-কোটিপতি ক্লাবত যোগদান কৰিছে। আমি আমাৰ গ্ৰাহকসকলক তেওঁলোকৰ অটল বিশ্বাসৰ বাবে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছো আৰু ৮পিএম প্ৰিমিয়াম ব্লেক হুইস্কিৰ উল্লেখনীয় সফলতাত আমি আকৰ্ষণীয় নতুন পেকেজিঙৰ জৰিয়তে ইয়াৰ স্বকীয় বৈশিষ্ট্যবোৰ প্ৰদৰ্শন আৰু সন্মানীয় গ্ৰাহকসকলৰ সৈতে ইয়াৰ সফলতাক ভাগ বতৰা কৰি আনন্দিত হৈছো।"৮পিএম হুইস্কি ব্ৰেণ্ডৰ এক উৎকৃষ্ট সম্প্ৰসাৰণ হিচাপে ২০১৮ চনত মুকলি কৰা ৮পিএম প্ৰিমিয়াম ব্লেক হুইস্কিয়ে দ্ৰুততাৰে এক নিষ্ঠাবান গ্ৰাহক আধাৰ গঢ়ি তুলিছে। এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটিত উপনীত হৈ ব্ৰেণ্ডটোৱে একেৰাহে তিনি বছৰৰ বাবে এক নিযুত ইউনিটতকৈও অধিক বিক্ৰী কৰিছে। ২০২১ বিত্তীয় বৰ্ষত ১.১নিযুত কেছ, ২০২২ বিত্তীয় বৰ্ষত ২.১নিযুত কেছ আৰু ২০২৩বিত্তীয় বৰ্ষত ৩.০নিযুত কেছ বিক্ৰী হৈছে।

ই ব্যতিক্ৰমী হুইস্কি হিচাপে বিশ্বব্যাপী স্বীকৃতি লাভ কৰিছে, যাৰ ফলত ই ‘দ্য মিলিয়নেয়াৰ্ছ ক্লাব ২০২২’ত স্থান লাভ কৰিবলৈ সক্ষম হৈছে।তদুপৰি, ইয়াৰ ব্যতিক্ৰমী মিশ্ৰণ গুণগত মানদণ্ডৰ বাবে ইয়াক চাৰিটাকৈ মণ্ডে ছিলেকচন গ’ল্ডবঁটাৰে সন্মানিত কৰা হৈছে।১৯৯৮ চনত মুকলি কৰা ইয়াৰ মাতৃ ব্ৰেণ্ড৮পিএম হুইস্কিয়ে সুৰা উদ্যোগৰ প্ৰথম ব্ৰেণ্ড হিচাপে লিমকা বুক অফ ৰেকৰ্ডছত স্থান লাভ কৰে আৰু ইয়াৰ উদ্বোধনী বৰ্ষত এক নিযুত কেছ বিক্ৰী কৰাৰ উল্লেখযোগ্য কৃতিত্ব অৰ্জন কৰে। বৰ্তমানে ৮পিএম হুইস্কিয়ে বিশ্বব্যাপী শীৰ্ষ ৩০ টা হুইস্কিৰ নৱম স্থান আৰু শীৰ্ষ ভাৰতীয় হুইস্কিত আকৰ্ষণীয় ষষ্ঠ স্থান দখল কৰিছে। ইয়াৰ বাৰ্ষিক বিক্ৰীপৰিমাণ প্ৰায় ৯ নিযুত কেছ।ইয়াৰ মনোমোহা নতুন পেকেজিঙৰ সৈতে ৮পিএম প্ৰিমিয়াম ব্লেক হুইস্কিয়ে ভাৰতীয় হুইস্কি বজাৰত ইয়াৰ সুন্দৰ সফলতা, স্বকীয় বৈশিষ্ট্য আৰু এক অতুলনীয় সুৰাপানৰ অভিজ্ঞতা প্ৰদান কৰাৰ বাবে এক পূজনীয় ব্ৰেণ্ড হিচাপে ইয়াৰ স্থিতি অধিক দৃঢ় কৰে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here