কাৰ্বন নিউট্ৰেলিটি লাভ কৰাত সহায় কৰাৰ প্ৰতিশ্ৰুতি শ্বুইং ষ্টেটাৰ ইণ্ডিয়াৰ; ২০২৩ চনৰ ভিতৰত ২,৫০,০০০ গছপুলি ৰোপণৰ লক্ষ্য - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday 4 August 2023

কাৰ্বন নিউট্ৰেলিটি লাভ কৰাত সহায় কৰাৰ প্ৰতিশ্ৰুতি শ্বুইং ষ্টেটাৰ ইণ্ডিয়াৰ; ২০২৩ চনৰ ভিতৰত ২,৫০,০০০ গছপুলি ৰোপণৰ লক্ষ্য

 


“ইয়াৰ ২৫ বছৰীয়া বৰ্ষপূৰ্তি উদযাপনৰ অংশ হিচাপে অসম আৰু তামিলনাডুত গছপুলি ৰোপন কাৰ্যসূচীৰ ফ্লেগ অফ”


 W7s news গুৱাহাটী : দেশৰ অন্যতম আগশাৰীৰ নিৰ্মাণ খণ্ড আৰু কংক্ৰিটিঙৰ সঁজুলি নিৰ্মাতা প্ৰতিষ্ঠান শ্বুইং ষ্টেটাৰ ইণ্ডিয়াই ২০২৩ৰ ভিতৰত বিশ্বজুৰি ২,৫০,০০০ গছ ৰোপণৰ লক্ষ্যৰে ইয়াৰ বহনক্ষমতা অভিযান #GoGreenwithSchwing আৰম্ভ কৰিছে । এই পদক্ষেপ হৈছে ভাৰতত চলি থকা শ্বুইং ষ্টেটাৰৰ উপস্থিতিৰ ২৫ বছৰীয়া বৰ্ষপূৰ্তি উদযাপনৰ এক গুৰুত্বপূৰ্ণ অংশ । ইৰুংগট্টুকোট্টাই(তামিলনাডু) আৰু গুৱাহাটী(অসম), ভাৰতৰ এই দুই স্থানৰ পৰা আৰম্ভ কৰা এই সেউজ অভিযান সমগ্ৰ দেশলৈ প্ৰসাৰিত হ’ব, য’ত অন্তৰ্ভুক্ত হ’ব উল্লেখযোগ্য আন্তঃগাঁথনি প্ৰকল্পসমূহ সফলতাৰে ৰূপায়ণ কৰা অঞ্চলসমূহো ।


শ্বুইং ষ্টেটাৰ ইণ্ডিয়াৰ পৰিচালন সঞ্চালক ভি.জি শক্তিকুমাৰৰ দ্বাৰা পৰিচালিত ইৰুংগাট্টুকোট্টাই বৃক্ষৰোপণ অভিযানেৰে আৰম্ভ হৈছিল #GoGreewithSchwing পদক্ষেপ, য’ত মুঠ ৩০,০০০ গছপুলি ৰোপণ কৰা হয়। অসম প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডৰ অধ্যক্ষ অৰূপ কুমাৰ মিশ্ৰ আৰু “ভাৰতৰ অৰণ্য মানৱ” নামেৰে বিখ্যাত জাদৱ পায়েঙৰ উদ্যোগত আৰম্ভ হোৱা অসম অধ্যায়ৰ অভিযানৰ অধীনত গছপুলি ৰোপণ কৰা হয়, যাৰ জৰিয়তে অসমৰ গুৱাহাটীত বৃক্ষৰোপণ অভিযানৰ শুভাৰম্ভ হয়।


আন্তঃগাঁথনি উন্নয়ন খণ্ডৰ অগ্ৰণী প্ৰতিষ্ঠান হিচাপে শ্বুইঙে নিজৰ অত্যাধুনিক কংক্ৰিট আৰু নিৰ্মাণ যন্ত্ৰপাতিৰে দেশৰ অগ্ৰগতিক পুনৰ গঢ় দিয়াৰ প্ৰচেষ্টা চলাইছে। প্ৰতিষ্ঠানটোৱে পৰিৱেশ, সামাজিক, আৰু শাসন (ই এছ জি) নীতিৰ প্ৰতি গভীৰভাৱে শিপাই থকা প্ৰতিশ্ৰুতি আকোৱালি লৈছে। তেওঁলোকে সেউজ শক্তি গ্ৰহণৰ দিশত প্ৰচেষ্টা অব্যাহত ৰাখিছে আৰু ইয়াৰ কাৰ্বনৰ নিৰ্গমণ বহু পৰিমাণে হ্ৰাস কৰিছে।


#GoGreenwithSchwingৰ জৰিয়তে প্ৰতিষ্ঠানটোৱে কৰ্মচাৰী, গ্ৰাহক, ব্যৱসায় সহযোগী আৰু ডীলাৰকে ধৰি একাধিক অংশীদাৰীক জড়িত কৰি পুনৰ বনানীকৰণৰ প্ৰসাৰ আৰু কাৰ্বনৰ নিৰ্গমণ হ্ৰাস কৰাৰ বাবে এক পদক্ষেপ গ্ৰহণ কৰিছে। শ্বুইং ষ্টেটাৰ ইণ্ডিয়াই ২০২৩ চনৰ ভিতৰত বিশ্বজুৰি ২,৫০,০০০ গছপুলি ৰোপণৰ লক্ষ্যত উপনীত হোৱাৰ লক্ষ্য ৰাখিছে।


এই সন্দৰ্ভত ভাষণ দি শ্বুইং ষ্টেটাৰ ইণ্ডিয়াৰ অধ্যক্ষ আৰু পৰিচালন সঞ্চালক শ্ৰী ভি.জি সক্তিকুমাৰে কয় “আমি ২৫ বছৰ সম্পূৰ্ণ কৰাৰ এই অবিশ্বাস্য যাত্ৰাত উপনীত হোৱাৰ সময়তে আমি বহনক্ষমতা আৰু পৰিৱেশৰ প্ৰতি থকা আমাৰ দায়বদ্ধতাক প্ৰতিফলিত কৰা এনে কাৰ্য্যকলাপেৰে জড়িত হৈ থাকিব বিচাৰো । ইয়াৰ জৰিয়তে আমি অধিক সেউজীয়া, অধিক বহনক্ষম ভৱিষ্যতৰ বীজ সিঁচাৰ লক্ষ্য লৈছো । এই যাত্ৰাত আমি ‘জলবায়ু পৰিৱৰ্তন’ৰ বাবে অক্লান্তভাৱে কাম কৰা ইয়ং ইণ্ডিয়াৰ স্বেচ্ছাসেৱকসকলৰ লগতে চি আই আই আৰু বি এ আইক সমগ্ৰ ভাৰতৰ বিভিন্ন ৰাজ্যত এই উদাৰ কাৰ্য্যৰ প্ৰতি সমৰ্থন আগবঢ়োৱাৰ বাবে গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰিছো ।”


২০২৩ৰ ৩ আৰু ৪ আগষ্টত শ্বুইং ষ্টেটাৰ ইণ্ডিয়াৰ হৈ ইৰুংগাট্টুকোট্টাই আৰু গুৱাহাটীত মুঠ ৭৫,০০০+ পুলি ৰোপণ কৰা হ’ব । এই বছৰৰ ভিতৰতে বাকী থকা পুলিবোৰ বিভিন্ন স্থানত পৰ্যায়ক্ৰমে ৰোপণ কৰা হ’ব ।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here