W7s news,,,গুৱাহাটী, ১৮ আগষ্টঃ গুৱাহাটীৰ পল্টন বজাৰস্থিত আশি অপ্সৰাত ব্যতিক্ৰমী ইণ্টেৰিঅ’ৰ তথা নিৰ্মাণ বি২বি প্ৰদৰ্শনী অনুষ্ঠিত কৰা হৈছে৷ তিনিদিনীয়াকৈ অনুষ্ঠিত আই এন টি চি অ’ এন মেলা, গুৱাহাটী, ২০২৩ৰ চতুৰ্দশ সংস্কৰণ ২০ আগষ্টলৈ বাহাল থাকিব৷ উত্তৰ-পূৰ্বাঞ্চলৰ উৎপাদক, পাইকাৰী ব্যৱসায়ী, বিতৰক, ডিলাৰ, সমাধান নিয়ামক আৰু উপভোক্তাৰ সম্পৰ্ক উন্নীতকৰণৰ অৰ্থে এই অনুষ্ঠান হৈছে একমাত্ৰ বি২বি পৰ্ব৷ তিনিদিনীয়া মেলাত ৬০ৰো অধিক জনাজাত ৰাষ্ট্ৰীয় গোষ্ঠীয়ে অংশগ্ৰহণৰ লগতে নিজৰ সামগ্ৰী প্ৰদৰ্শন কৰিছে৷ এই ব্যতিক্ৰমী মেলা মুকলি কৰে ইণ্টেৰিঅ’ৰ তথা নিৰ্মাণ খণ্ডৰ বাণিজ্যিক প্ৰতিষ্ঠানে৷ অনুষ্ঠান আয়োজনত সহায় কৰিছে গুৱাহাটীৰ ছেনিটাৰী এণ্ড হাৰ্ডৱেৰ মাৰ্চেণ্ট এছ’ছিয়েশ্যন আৰু বিল্ডাৰ্ছ এছ’ছিয়েশ্যন অৱ ইণ্ডিয়াই৷ এনে অনুষ্ঠান নিৰ্মাণ তথা ডিজাইন উদ্যোগৰ বাবে প্ৰয়োজনীয় হিচাপে অভিহিত কৰিছে এক্সিবিটৰ্গ প্ৰাইভেট লিমিটেডৰ সঞ্চালক তথা প্ৰদৰ্শনীৰ আয়োজক জয়ন্ত সৰকাৰে৷
Post Top Ad
Responsive Ads Here
Friday, 18 August 2023

গুৱাহাটীত তিনিদিনীয়া কাৰ্যসূচীৰে আই এন টি চি অ’ এন মেলা
Subscribe to:
Post Comments (Atom)
Post Bottom Ad
Responsive Ads Here
Author Details
Templatesyard is a blogger resources site is a provider of high quality blogger template with premium looking layout and robust design. The main mission of templatesyard is to provide the best quality blogger templates which are professionally designed and perfectlly seo optimized to deliver best result for your blog.
No comments:
Post a Comment