আন্তৰিকতাৰে ঐক্যবদ্ধ হৈ জীৱন ৰক্ষা: ৰক্তদান অভিযানৰ জৰিয়তে শ্যাম ষ্টীলে তেজপুৰক প্ৰদান কৰিছে সামৰ্থতা - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Sunday 20 August 2023

আন্তৰিকতাৰে ঐক্যবদ্ধ হৈ জীৱন ৰক্ষা: ৰক্তদান অভিযানৰ জৰিয়তে শ্যাম ষ্টীলে তেজপুৰক প্ৰদান কৰিছে সামৰ্থতা

 



W7s news,,,,তেজপুৰ 20 আগষ্ট, : তীখা উদ্যোগটোৰ এক অগ্ৰণী প্ৰতিষ্ঠান শ্যাম ষ্টীল-এ কেইটামান বেচৰকাৰী সংগঠন (এনজিঅ')ৰ লগতে মাৰোৱাৰী যুৱ মঞ্চ (এমৱাইএম)ৰ বদান্যতা আৰু সহযোগিতাৰ যোগেদি, এক উল্লেখনীয় তিনিদিনীয়া ৰক্তদান শিবিৰৰ আয়োজন কৰি, অসমৰ তেজপুৰত, সামাজিক দায়বদ্ধতা তথা সমাজ কল্যাণৰ প্ৰতি থকা তেওঁলোকৰ নিজৰ অঙ্গীকাৰবদ্ধতাক আকৌ এবাৰ প্ৰতিপন্ন কৰিছে। সেই উপলক্ষ্যে আয়োজিত এই অনুষ্ঠানটো স্থানীয় ৰাইজৰ মাজৰপৰা অহা দাতা তথা অংশগ্ৰহণকাৰীসকলৰ অকুণ্ঠ সমৰ্থনৰ সাক্ষী হৈ ৰ'ব। জীৱন ৰক্ষা আৰু সমাজৰ কল্যাণত অৰিহণা যোগোৱাৰ লক্ষ্যৰে হাতত লোৱা এক মহৎ পদক্ষেপ, এই ৰক্তদান শিবিৰটো অসমৰ তেজপুৰত আয়োজন কৰা হৈছিল। এই তিনিটা দিনত, জীৱনৰ বিভিন্ন ক্ষেত্ৰৰ উৎসাহী ব্যক্তিসকলকে ধৰি আনুমানিক প্ৰায় 150 জন দাতাই নিস্বাৰ্থভাৱে ৰক্তদান কৰিবলৈ আগবাঢ়ি আহিছিল। তেজৰ প্ৰয়োজন হৈ থকা লোকসকলৰ জীৱনত এক উল্লেখনীয় পৰিৱৰ্তন সাধন কৰাৰ সম্ভাৱনাৰে চিকিৎসাজনিত জৰুৰীকালীন অৱস্থা আৰু বিভিন্ন চিকিৎসা প্ৰক্ৰিয়াত তেজৰ নিৰন্তৰ প্ৰয়োজনীয়তাৰ সমস্যা সমাধান কৰাত এই অনুষ্ঠানটোৱে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিলে।এই অনুষ্ঠানটো সম্ভৱপৰ কৰি তোলাত আগবঢ়োৱা সহায়ৰ বাবে আয়োজক আৰু পৃষ্ঠপোষকসকলে শ্যাম ষ্টীললৈ আন্তৰিকতাৰে কৃতজ্ঞতা জ্ঞাপন কৰিছে। এই সাৰ্থক প্ৰচেষ্টাৰ যোগেদি তেওঁলোকৰ সহযোগিতাৰ জৰিয়তে বাণিজ্যিক গোষ্ঠীৰ সামাজিক দায়বদ্ধতা আৰু সমাজ কল্যাণৰ প্ৰতি থকা শ্যাম ষ্টীলৰ অঙ্গীকাৰবদ্ধতাখিনি জিলিকি উঠিছে। মাৰোৱাৰী যুৱ মঞ্চ আৰু অন্যান্য বেচৰকাৰী সংগঠনসমূহৰ সৈতে সহযোগিতা স্থাপন কৰি, শ্যাম ষ্টীলে এখন সুস্থ তথা অধিক প্ৰাণৱন্ত সমাজ গঢ়ি তোলাৰ প্ৰতি থকা তেওঁলোকৰ নিষ্ঠাকে প্ৰদৰ্শন কৰিছে। এই ৰক্তদান অভিযানৰ লগতে, আয়োজকসকলে "এক শাম দেশ কে নাম" শীৰ্ষক এক সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰে। দেশৰ বৈচিত্ৰ্যতা, একতা আৰু দেশখনৰ স্বাধীনতা সংগ্ৰামীসকলৰ ত্যাগৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা এই বিশেষ সন্ধিয়াটো আছিল ভাৰতবৰ্ষৰ সমৃদ্ধিশালী সাংস্কৃতিক ঐতিহ্যৰ এক উৎসৱ। উক্ত অনুষ্ঠানটোত স্থানীয় শিল্পীসকলে বিভিন্ন মনোমোহা কলা-কৃতি, নৃত্য শৈলী আৰু সংগীতৰ প্ৰদৰ্শন দাঙি ধৰিছিল য'ত ভাৰতবৰ্ষৰ সাৰমৰ্ম প্ৰতিফলিত হৈছিল।এই মহান পদক্ষেপৰ সন্দৰ্ভত মন্তব্য কৰি শ্যাম ষ্টীল ইণ্ডাষ্ট্ৰিজ লিমিটেডৰ সঞ্চালক শ্ৰীযুত ললিত বেৰিৱালাই অনুষ্ঠানটোৰ প্ৰতি থকা তেওঁৰ আগ্ৰহ প্ৰকাশ কৰি কয়, "ৰক্তদান কেৱল কিবা এটা দান কৰা কামেই নহয়, ই হৈছে মানৱতাৰ এক গভীৰ অভিব্যক্তি। তেজপুৰত, আমি এই ৰক্তদান অভিযানৰ জৰিয়তে জীৱন ৰক্ষাৰ বাবে ঐক্যবদ্ধভাৱে অগ্ৰসৰ হোৱাৰ গুৰুত্বপূৰ্ণ তাৎপৰ্যক স্বীকাৰ কৰিছোঁ। ইয়াত দান কৰা প্ৰতিটোপাল তেজ হৈছে আমাৰ সতীৰ্থ নাগৰিকসকলৰ আশা, তেওঁলোকৰ প্ৰতি থকা সহানুভূতি আৰু প্ৰতিশ্ৰুতিৰ প্ৰতীক। মাৰোৱাৰী যুৱ মঞ্চ আৰু অন্যান্য বেচৰকাৰী সংগঠনসমূহৰ সৈতে খোজত খোজ মিলাই আগবঢ়াৰ লগে লগে আমাৰ অনুভৱ হৈছে যে এই মহান প্ৰচেষ্টাই সীমাৰ পৰিধি অতিক্ৰম কৰি যাব আৰু আমাক এক অংশীদাৰী উদ্দেশ্যত একত্ৰিত কৰিব। আমাৰ বিশ্বাস আমি সেৱা আগবঢ়োৱা সমাজখনক আমি এক প্ৰতিদান দিব পাৰিম আৰু অংশগ্ৰহণকাৰীসকলৰ উদাৰতা আৰু বদান্যতাৰ দ্বাৰা অনুপ্ৰাণিত হ'ম।" অনুষ্ঠানটোৰ সন্দৰ্ভত বক্তব্য ৰাখি মাৰোৱাৰী যুৱ মঞ্চৰ এগৰাকী মুখপাত্ৰই কয়, "আমাৰ এই ৰক্তদান শিবিৰ আৰু সাংস্কৃতিক অনুষ্ঠানটোৰ প্ৰতি ৰাইজে আগবঢ়োৱা সঁহাৰি দেখি আমি অভিভূত হৈ পৰিছোঁ। এই অটুট একাত্মবোধৰ যোগেদি, তেজপুৰত ৰক্তদানৰ দৰে মহৎ কাৰ্যসূচী হাতত লৈ জীৱনটো পোহৰাই তুলিবৰ বাবে মাৰোৱাৰী যুৱ মঞ্চই শ্যাম ষ্টীলৰ সৈতে হাতত হাত মিলাই আগবাঢ়িছে। এক মহৎ উদ্দেশ্যত অৰিহণা যোগাবৰ বাবে আৰু আমাৰ দেশৰ অখণ্ডতাক উদযাপন কৰিবৰ বাবে বিভিন্নজন ব্যক্তিক একত্ৰিত হোৱা দেখিবলৈ পাই আমি অতি আনন্দিত হৈছোঁ। এই পদক্ষেপক বাস্তৱত পৰিণত কৰাৰ ক্ষেত্ৰত শ্যাম ষ্টীলে আগবঢ়োৱা অকুণ্ঠ সমৰ্থনৰ বাবে আমি তেওঁলোকলৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছো।" এই ৰক্তদান শিবিৰ তথা সাংস্কৃতিক অনুষ্ঠানটোৱে, সমাজখনৰ ওপৰত এক ইতিবাচক প্ৰভাৱ পেলোৱাৰ ক্ষেত্ৰত থকা মাৰোৱাৰী যুৱ মঞ্চ, অন্যান্য বেচৰকাৰী সংগঠন আৰু শ্যাম ষ্টীলৰ সহযোগিতামূলক প্ৰচেষ্টাখিনিকে দাঙি ধৰিছে। সামাজিক দায়বদ্ধতা আৰু সমাজখনক জড়িত কৰোৱাৰ গুৰুত্ব শক্তিশালী কৰি তুলি বৃহত্তৰ কল্যাণৰ বাবে বাণিজ্যিক গোষ্ঠী তথা স্থানীয় সংস্থাসমূহ কেনেদৰে একত্ৰিত হৈ ওলাই আহিব পাৰে তাৰ এক উজ্জ্বল উদাহৰণ হিচাপে এই অনুষ্ঠানটোৱে আত্মপ্ৰকাশ কৰিছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here