ভাৰতী এয়াৰটেলে ভাৰতৰ ২২টা টেলিকম চক্ৰৰ সকলোতে ৫জি সেৱাৰ নূন্যতম ৰোল-আউটৰ দায়িত্ব সফলতাৰে পূৰণ কৰিলে - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday 18 August 2023

ভাৰতী এয়াৰটেলে ভাৰতৰ ২২টা টেলিকম চক্ৰৰ সকলোতে ৫জি সেৱাৰ নূন্যতম ৰোল-আউটৰ দায়িত্ব সফলতাৰে পূৰণ কৰিলে

 

W7s news,,,,গুৱাহাটী,  ভাৰতৰ অন্যতম আগশাৰীৰ টেলিকম সেৱা প্ৰদানকাৰী ভাৰতী এয়াৰটেলে আজি ঘোষণা কৰে যে টেলিকম বিভাগে নিৰ্ধাৰণ কৰা নীতি অনুসৰি কোম্পানীটোৱে,, ভাৰতৰ ২২টা টেলিকম চক্ৰৰ সকলোতে ২৬ গিগাহাৰ্টজ স্পেকট্ৰমত ৫জি সেৱা ৰোলিং আউট কৰাৰ নূন্যতম ৰোল-আউটৰ প্ৰয়োজনীয়তা সফলতাৰে পূৰণ কৰিছে।নূন্যতম কভাৰেজৰ প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ টেলিকম বিভাগৰ নিয়ম মানি চলিবলৈ আৰম্ভ কৰিলে।২৬ গিগাহাৰ্টজৰ দ্বাৰা সক্ষম কৰা ৫জিৰ বিশাল সম্ভাৱনাৰ সৈতে, কোম্পানীটোৱে নিজেৰ গ্রাহকলৈ এয়াৰটেল ৫জি প্লাছৰ সৰ্বোত্তম অভিজ্ঞতা প্ৰদান কৰিবলৈ অহৰহ নতুন প্ৰযুক্তি বৃদ্ধি কৰিবলৈ  সাজু হৈছে।ব্যৱহাৰিকভাৱে কবলৈ গলে এয়াৰটেলৰ ৫জি নেটৱৰ্কৰ প্ৰদৰ্শনে, ইয়াৰ উল্লেখযোগ্য সম্ভাৱনা আৰু গ্ৰাহকে ৫জি গ্ৰহণৰ ক্ৰমাৎ গতি প্ৰদৰ্শন কৰিলে।এয়াৰটেলৰ ৫জি প্লাছ সেৱা এতিয়া দেশৰ ৫০০০ৰো অধিক চহৰ আৰু নগৰত উপলব্ধ। কোম্পানীটোৱে ৰাষ্ট্ৰীয় পৰ্যায়ত ৫জি নেটৱৰ্কত এক কোটি গ্ৰাহকৰ অভূতপূৰ্ব সংখ্যা অতিক্ৰম কৰিছে আৰু ২০২৩ চনৰ ছেপ্টেম্বৰৰ ভিতৰত কোম্পানীটোৱে ৫জি প্লাছ সেৱাৰ জৰিয়তে প্ৰতিখন চহৰ আৰু গ্ৰাম্য অঞ্চল সামৰি লবলৈ সাজু হৈছে। কোম্পানীটোৱেগ্ৰাহকক উৎসাহিত কৰাৰ লক্ষ্যৰে আনলিমিটেড ৫জি ডাটা প্লেনও আৰম্ভ কৰিছে , যাৰ বাবে তেওঁলোকে এয়াৰটেলৰ ৫জি প্লাছ নেটৱৰ্কৰ অভিজ্ঞতা লাভ কৰিব। এয়াৰটেলে বৰ্তমানৰ সকলো পৰিকল্পনাতে ডাটা ব্যৱহাৰৰ সীমা আঁতৰাই পেলাইছে, গতিকে গ্ৰাহকে এতিয়া ডাটা ব্যৱহাৰৰ চিন্তা নকৰাকৈয়ে অতি দ্ৰুত, নিৰ্ভৰযোগ্য আৰু সুৰক্ষিত ৫জিপ্লাছ সেৱাৰ অভিজ্ঞতা লাভ কৰিব পাৰিব।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here