এয়াৰটেলে মুকলি কৰিলে ভাৰতৰ প্ৰথমটো স্ব-সেৱা বিপণন সঞ্চাৰ মঞ্চ- এয়াৰটেল আই কিউ ৰিচ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday 2 August 2023

এয়াৰটেলে মুকলি কৰিলে ভাৰতৰ প্ৰথমটো স্ব-সেৱা বিপণন সঞ্চাৰ মঞ্চ- এয়াৰটেল আই কিউ ৰিচ

 

প্ৰিপেইড ছেল্ফ-চাৰ্ভ প্লেটফৰ্মে ব্যৱসায়ী সকলক পূৰ্বনিৰ্ধাৰিত গ্ৰাহক খণ্ডলৈ ব্যক্তিগতকৃত যোগাযোগ প্ৰেৰণ কৰিবলৈ সক্ষম কৰিব

ব্যৱসায়ী সকলে এতিয়া কম খৰচত তেওঁলোকৰ গ্ৰাহকৰ সৈতে জড়িত হোৱাৰ অধিক নিয়ন্ত্ৰণ উপভোগ কৰিব পাৰিব


W7s news,,,গুৱাহাটী, : ভাৰতৰ অন্যতম আগশাৰীৰ টেলিকমিউনিকেচন সেৱা প্ৰদানকাৰী ভাৰতী এয়াৰটেলে (“এয়াৰটেল”) এয়াৰটেল আইকিউ ৰিচ মুকলিৰ কথা ঘোষণা কৰে। প্ৰথমবাৰৰ বাবে মুকলি কৰা স্ব-সেৱা বিপণন সঞ্চাৰ মঞ্চ, যিয়ে ব্ৰেণ্ড/ কোম্পানীসমূহক ব্যক্তিগত যোগাযোগৰ জৰিয়তে লক্ষ্য নিৰ্ধাৰিত গ্ৰাহকৰ সংযোগক আগুৱাই নিবলৈ সক্ষম কৰিব।এক সেৱা হিচাপে এয়াৰটেল আই কিউৰ অধীনত আৰম্ভ কৰা  বিশ্বৰ প্ৰথম নেটৱৰ্ক-এম্বেডেড কমিউনিকেচন প্লেটফৰ্ম (CPaaS) এয়াৰটেল আইকিউ ৰিচ হৈছে এক সহজ প্লেটফৰ্ম যিয়ে ক্ষুদ্ৰ আৰু মজলীয়া ব্যৱসায়ী সকলক নিজৰ মাৰ্কেটিঙত নিৱেশৰ অধিকতম লাভ উঠোৱাত সহায় কৰিব। কাৰণ ই নিৰ্ধাৰিৰ গ্ৰাহকৰ সৈতে এক খৰচ-বহনক্ষম পদ্ধতি প্ৰিপেইড পে-এজ-ইউ-গো পৰিকল্পনাৰ সৈতে জড়িত।এই স্ব-সেৱা পৰ্টেলটোৱে ব্যৱসায়ীসকলক, বিশেষকৈ উদীয়মান ব্যৱসায়ীসকলকৰ বাবে এক ষ্টপ গন্তব্যস্থান হ’ব। তেওঁলোকৰ অভিযান সম্পাদনৰ সম্পূৰ্ণ নিয়ন্ত্ৰণ ৰাখিবলৈ, এটা পৰ্টেলত লগ ইন কৰি কেৱল কাষ্টমাইজড বাৰ্তা ডিজাইন কৰা, তেওঁলোকৰ লক্ষ্য গ্ৰাহক আপলোড বা নিৰ্বাচন কৰা, সময়সূচী নিৰ্ধাৰণ কৰাকে ধৰি এই সকলোবোৰ মাত্ৰ কেইটামান ক্লিকতে সম্ভৱ।এয়াৰটেল বিজনেছৰ ডিজিটেল প্ৰডাক্টছ এণ্ড চাৰ্ভিচেছৰ মূৰব্বী অভিষেক বিশ্বলে কয় যে আমি কৰা প্ৰতিটো কামৰ মূলতে আমাৰ গ্ৰাহকসকল। এয়াৰটেল আইকিউ ৰিচ আমি বিশেষকৈ এছএমবি ছেগমেণ্টৰ বাবে ডিজাইন কৰিছো। যাতে তেওঁলোকে তেওঁলোকৰ গ্ৰাহকৰ যোগাযোগ উন্নীত কৰিব পাৰে।এই প্লেটফৰ্মে এয়াৰটেলৰ আন্তঃগাঁথনি, ডাটা আৰু অভিযান্ত্ৰিক বিশেষজ্ঞতাৰ শক্তিৰ সৈতে অত্যাধুনিক প্ৰযুক্তিৰ সহায় লৈ উদ্যোগসমূহক নিৰ্ধাৰিত গ্ৰাহক যোগাযোগত সুবিধা প্ৰদান কৰে।আমাৰ গ্ৰাহকসকলে এতিয়া তেওঁলোকৰ ব্যৱসায়িক বৃদ্ধিৰ বাবে প্লেটফৰ্মখনৰ লাভ উঠাব পাৰে, আনকি তেওঁলোকে তেওঁলোকৰ গ্ৰাহক আহৰণৰ খৰচ হ্ৰাস কৰি আমাৰ উদ্ভাৱনী সমাধানৰ জৰিয়তে সঠিক ব্যক্তিগতকৃত যোগাযোগৰ সৈতে সঠিক সময়ত সঠিক দৰ্শকক লক্ষ্য কৰি ল’ব পাৰে।”ব্যৱসায়ীসকলক তেওঁলোকৰ অভিযানৰ ফলপ্ৰসূতা জুখিব পৰাকৈ সক্ষম কৰাৰ লক্ষ্যৰে এই প্লেটফৰ্মে কেন্দ্ৰীভূত ডেচব’ৰ্ডত বাস্তৱ সময়ৰ অন্তৰ্দৃষ্টি আৰু বিস্তৃত বিশ্লেষণো আগবঢ়াব।এয়াৰটেল আইকিউ ৰিচে এছএমবিসমূহক বিপণন অভিযানৰ পৰিকল্পনা কৰাৰ সময়ত মূল প্ৰত্যাহ্বানসমূহ সমাধান কৰাত সহায় কৰিব – যেনে সঠিক দৰ্শক চিনাক্ত কৰা, অভিযানৰ ফলপ্ৰসূতা অনুসৰণ কৰা, তেওঁলোকৰ দৰ্শকৰ ওচৰলৈ যাবলৈ একাধিক মাধ্যম পৰিচালনা কৰা, ইত্যাদি।এয়াৰটেল আইকিউ ৰিচ পৰ্টেল এতিয়া হোৱাটছএপৰ জৰিয়তে যোগাযোগৰ বাবে লাইভ আৰু অতি সোনকালে এছএমএছ, ভইচ আৰু অন্যান্য মাধ্যমত মুকলি কৰা হ’ব।এয়াৰটেল আইকিউ হৈছে এটা অম্নি-চেনেল ক্লাউড সঞ্চাৰ প্লেটফৰ্ম যিয়ে ক্লাউড সঞ্চাৰ আৰু গ্ৰাহকৰ অভিজ্ঞতা ব্যৱস্থাপনাক একত্ৰিত কৰে যাতে ব্ৰেণ্ডসমূহে ভইচ, এছএমএছ আৰু হোৱাটছএপ মাধ্যমৰ জৰিয়তে তেওঁলোকৰ গ্ৰাহকৰ সৈতে জড়িত হ’ব পাৰে। এয়াৰটেল হৈছে বিশ্বৰ প্ৰথমটো টেলিকম কোম্পানী যিয়ে হোৱাটছএপৰ বাবে বিজনেছ চাৰ্ভিচ প্ৰভাইডাৰ (বিএছপি)  হিচাপে কাম কৰে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here