আকাশ বাইজুছে আৰম্ভ কৰিলে ইয়াৰ আটাইতকৈ ডাঙৰ আৰু বহুপ্ৰত্যাশিত ৰাষ্ট্ৰীয় অনুসন্ধানী পৰীক্ষা এন্থে ২০২৩ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday 1 August 2023

আকাশ বাইজুছে আৰম্ভ কৰিলে ইয়াৰ আটাইতকৈ ডাঙৰ আৰু বহুপ্ৰত্যাশিত ৰাষ্ট্ৰীয় অনুসন্ধানী পৰীক্ষা এন্থে ২০২৩

 


আগবঢ়াইছে সপ্তম-দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীক ১০০% পৰ্যন্ত বৃত্তি আৰু নগদ ধনৰ বঁটা


সপ্তম-দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে নিৰ্ধাৰিত আকাশ ইন্সষ্টিটিউটৰ ৰাষ্ট্ৰীয় বৃত্তি পৰীক্ষা এন্থে ২০২৩ চনৰ ৭-১৫ অক্টোবৰৰ ভিতৰত অনলাইন আৰু অফলাইন দুয়োটা পদ্ধতিত অনুষ্ঠিত হ’ব

১০০ণ পৰ্যন্ত বৃত্তি প্ৰদান কৰা হ’ব; ৭০০ ছাত্ৰ-ছাত্ৰীক নগদ বঁটা প্ৰদান কৰা হ’ব

গ্ৰেডসমূহৰ ১০০জন ছাত্ৰ-ছাত্ৰীয়ে ৰাষ্ট্ৰীয় বিজ্ঞান অভিযানৰ অংশ হোৱাৰ সুযোগ পাব

যোৱা বছৰ ১৬.৫ লাখতকৈ অধিক ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষাত অৱতীৰ্ণ হৈ অভিলেখ গঢ়িছিল৷

বহু টপাৰ (নিট ইউজি ২০২৩ সৰ্বভাৰতীয় ৰেংক ৩, ৫, ৬ আৰু জেইই এডভান্স ২০২৩ সৰ্বভাৰতীয় ৰেংক ২৭, ২৮)এ এন্থেৰ  সৈতে যাত্ৰা আৰম্ভ কৰিছিল


W7s news গুৱাহাটী: পৰীক্ষা প্ৰস্তুতি সেৱাৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় পৰ্যায়ৰ আগশাৰীৰ আকাশ বাইজুছে আজি ইয়াৰ জনপ্ৰিয় আৰু বহুলভাৱে বিচৰা এন্থে (Aakash National Talent Hunt Exam) ২০২৩ৰ ১৪ সংখ্যক সংস্কৰণ আৰম্ভ কৰে৷ প্ৰমুখ বাৰ্ষিক ছাত্ৰ-বৃত্তি পৰীক্ষা সপ্তম-দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলক ১০০% পৰ্যন্ত বৃত্তি আৰু উল্লেখযোগ্য নগদ বঁটাৰে নিজৰ সম্ভাৱনা মুকলি কৰাৰ সুযোগ প্ৰদান কৰে৷ চিকিৎসা বা অভিযান্ত্ৰিকত এক আশাব্যঞ্জক ভৱিষ্যতৰ নিজৰ সপোনৰ দিশে উৰি যাবলৈ যুৱ মনক শক্তিশালী কৰি এন্থে ২০২৩ সফলতাৰ এক অসাধাৰণ দুৱাৰমুখ হোৱাৰ প্ৰতিশ্ৰুতি দিয়ে ৷


এন্থে ছাত্ৰ-বৃত্তি লাভ কৰাসকলে আকাশত নামভৰ্তি কৰিব পাৰে আৰু নিট, জেইই, ৰাজ্যিক চিইটি, স্কুলযব’ৰ্ড পৰীক্ষা আৰু এনটিএছই আৰু অলিম্পিয়াডসহ প্ৰতিযোগিতামূলক বৃত্তিকে ধৰি বিভিন্ন পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাবলৈ বিশেষজ্ঞৰ গাইডেন্স আৰু মেণ্টৰশ্বিপ লাভ কৰিব পাৰে৷

এই বছৰ ছাত্ৰ-ছাত্ৰীৰ বাবে এটা ৰোমাঞ্চকৰ সংযোজন হ’ল বিভিন্ন শ্ৰেণীৰ ১০০জন ছাত্ৰ-ছাত্ৰীয়ে ৰাষ্ট্ৰীয় বিজ্ঞান অভিযানলৈ ৫ দিনীয়া সকলো খৰচ পৰিশোধ কৰা ভ্ৰমণ জয় কৰাৰ সুযোগ পাব৷

বছৰ বছৰ ধৰি এন্থেয়ে উল্লেখযোগ্য সফলতা লাভ কৰিছে, আকাশ বাইজুছৰ কেইবাজনো ছাত্ৰই নিট (ইউজি) আৰু জেইই (ইউজি)ৰ দৰে পৰীক্ষাত শীৰ্ষ ৰেংকাৰ হিচাপে আত্মপ্ৰকাশ কৰিছে ৷ কৌস্তৱ বাউৰী (সৰ্বভাৰতীয় ৰেংক ৩), ধ্ৰুৱ আদৱানী (সৰ্বভাৰতীয় ৰেংক ৫) আৰু সূৰ্য সিদ্ধাৰ্থ এন (সৰ্বভাৰতীয় ৰেংক ৬)কে ধৰি এনথিৰ জৰিয়তে আকাশত শিক্ষা যাত্ৰা আৰম্ভ কৰা কেইবাজনো আকাশিয়ান নিট[ইউ) ২০২৩ত চেম্পিয়ন হয়৷ একেদৰে এন্থেইৰ সৈতেও যাত্ৰা আৰম্ভ কৰা আদিত্য নীৰজ (এআইআৰ ২৭) আৰু আকাশ গুপ্তাই (এআইআৰ ২৮) ২০২৩ চনত জেইই (এডভান্সড)ত প্ৰশংসনীয় পদবী লাভ কৰে ৷


এন্থে ২০২৩ সন্দৰ্ভত মন্তব্য কৰি আকাশ এডুকেচনেল চাৰ্ভিচেছ লিমিটেডৰ (এইএছএল) চিইঅ’ মিঃ অভিষেক মহেশ্বৰীয়ে কয়, “এন্থে সপোন আৰু সামৰ্থৰ মাজৰ ব্যৱধান দূৰ কৰি লাখ লাখ ছাত্ৰ-ছাত্ৰীৰ আকাংক্ষা পূৰণৰ অনুঘটক হিচাপে কাম কৰি আহিছে ৷ ২০১০ চনত ইয়াৰ আৰম্ভণিৰ পৰাই আমি স্থানৰ বাধা আঁতৰাই দেশজুৰি প্ৰাপ্য ছাত্ৰ-ছাত্ৰীসকললৈ আমাৰ প্ৰশিক্ষণৰ সুযোগ সম্প্ৰসাৰণ কৰিবলৈ চেষ্টা কৰিছো৷ এন্থেই ছাত্ৰ-ছাত্ৰীসকলৰ বাবে দুৱাৰ মুকলি কৰে, য’তেই নাথাকক কিয়, যাতে তেওঁলোকে নিজৰ গতিৰে নিট আৰু আইআইটি-জেইই পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাব পাৰে৷ আমি এন্থে ২০২৩ত ব্যাপক অংশগ্ৰহণৰ আশা কৰিছো আৰু ছাত্ৰ-ছাত্ৰীসকলক আশাব্যঞ্জক ভৱিষ্যতৰ ওচৰলৈ লৈ যোৱাৰ আমাৰ অভিযানত অটল হৈ আছো ৷”

এন্থে ২০২৩ ভাৰতৰ ২৬ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত অনলাইন আৰু অফলাইন দুয়োটা পদ্ধতিত ২০২৩ চনৰ ৭-১৫ অক্টোবৰৰ ভিতৰত অনুষ্ঠিত হ’ব৷ ১০০% পৰ্যন্ত বৃত্তিৰ উপৰি শীৰ্ষস্থান দখল কৰাসকলে নগদ ধনৰ বঁটাও লাভ কৰিব ৷


এন্থে সকলো পৰীক্ষা দিনৰ ১০:০০ বজাৰ পৰা নিশা ০৯:০০ বজাৰ ভিতৰত অনলাইনত অনুষ্ঠিত হ’ব, আনহাতে সমগ্ৰ দেশৰ আকাশ বাইজুছৰ ৩১৫+ সকলো কেন্দ্ৰত অফলাইন পৰীক্ষা ২০২৩ চনৰ জ্জ্ব আৰু ১৫ অক্টোবৰত দুটা শ্বিফটত অনুষ্ঠিত হ’ব – পুৱা ১০:৩০ বজাৰ পৰা ১১:৩০ বজালৈ আৰু সন্ধিয়া ০৪: ০০ – ০৫:০০ বজালৈ ৷ ছাত্ৰ-ছাত্ৰীসকলে তেওঁলোকৰ সুবিধাজনক এঘণ্টাৰ শ্লট বাছি ল’ব পাৰে ৷


এন্থে এঘণ্টাৰ পৰীক্ষা  হ’ব, য’ত মুঠ ৯০ নম্বৰ থাকিব আৰু ইয়াত ছাত্ৰ-ছাত্ৰীৰ গ্ৰেড আৰু ষ্ট্ৰিম আকাংক্ষাৰ ওপৰত ভিত্তি কৰি ৪০টা বহু বিকল্প পছন্দৰ প্ৰশ্ন থাকিব৷ সপ্তম-নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে প্ৰশ্নসমূহত পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান, জীৱবিজ্ঞান, গণিত আৰু মানসিক ক্ষমতা আদি বিষয়সমূহ সামৰি লোৱা হ’ব৷ চিকিৎসা শিক্ষাৰ আকাংক্ষিত দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে প্ৰশ্নসমূহে পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান, জীৱবিজ্ঞান আৰু মানসিক ক্ষমতাক সামৰি লোৱাৰ বিপৰীতে একেটা শ্ৰেণীৰ অভিযান্ত্ৰিকৰ আকাংক্ষিতসকলৰ বাবে প্ৰশ্নসমূহত পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান, গণিত আৰু মানসিক সামৰ্থক সামৰি লোৱা হ’ব৷ একেদৰে নিটৰ লক্ষ্য লোৱা একাদশ-দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে প্ৰশ্নসমূহে পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান, উদ্ভিদ বিজ্ঞান আৰু প্ৰাণীবিজ্ঞানক সামৰি ল’ব, আনহাতে অভিযান্ত্ৰিকৰ আকাংক্ষিতসকলৰ বাবে পদাৰ্থ বিজ্ঞান, ৰসায়ন আৰু গণিত বিষয় সামৰি ল’ব ৷


এন্থে ২০২৩ৰ নামভৰ্তি প্ৰ-পত্ৰ জমা দিয়াৰ অন্তিম তাৰিখ অনলাইন পৰীক্ষা আৰম্ভ হোৱাৰ তিনিদিন আগতে আৰু অফলাইন পৰীক্ষাৰ সাত দিন আগতে৷ অফলাইন পদ্ধতিৰ বাবে পৰীক্ষাৰ মাচুল ১০০ টকা আৰু অনলাইন পদ্ধতিৰ বাবে বিনামূলীয়া ৷


এন্থে ২০২৩ৰ ফলাফল দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে ২৭ অক্টোবৰ, ২০২৩, সপ্তম শ্ৰেণীৰ পৰা নৱম শ্ৰেণীৰ বাবে ০৩ নৱেম্বৰ, ২০২৩ আৰু একাদশ আৰু দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে ০৮ নৱেম্বৰ, ২০২৩ তাৰিখে ঘোষণা কৰা হ’ব৷ ফলাফল আমাৰ ৱেবছাইটত উপলব্ধ হ’ব ৷

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here