W7s news,,,,গুৱাহাটী, : ৰেনোমেড লাইফ চাইন্সেছ প্ৰাইভেট লিমিটেডৰ সহযোগত এপোলো এপোলো হস্পিতালে ৩০ জুলাই, দেওবাৰে গুৱাহাটীৰ বেলতলাৰ প্ৰমোদ তালুকদাৰ মেম'ৰিয়েল অল্ড এজ হোমত এক সজাগতা আৰু স্বাস্থ্য পৰীক্ষা শিবিৰৰ আয়োজন কৰে । এপোলো হস্পিটেলচ আৰু ৰেনোমেড লাইফ চাইন্সেছ প্ৰাইভেট লিমিটেডে বিশ্ব হেপাটাইটিছ দিৱস ২০২৩ উপলক্ষে এই স্বাস্থ্য শিবিৰ পৰিচালনা কৰে। গুৱাহাটীৰ এপোলো হস্পিটেলৰ চিকিৎসক আৰু নাৰ্ছৰ এটা দলে শিবিৰত অংশগ্ৰহণ কৰে। এই পদক্ষেপৰ ওপৰত মতামত আগবঢ়াই, এপোলো হস্পিটেলছৰ জ্যেষ্ঠ গেষ্ট্ৰোএণ্টেৰোলজিষ্ট আৰু হেপাটোলজিষ্ট ডাঃ মুকেশ আগৰৱালে কয়, “ "আমাৰ স্বাস্থ্যৰ ওপৰত নিৰীক্ষণ কৰিবলৈ আৰু যিকোনো ধৰণৰ ৰোগ আগতীয়াকৈ চিনাক্ত কৰাৰ বাবে নিয়মীয়া স্বাস্থ্য পৰীক্ষা কৰাটো গুৰুত্বপূৰ্ণ। এই পদক্ষেপটো হৈছে আমাৰ সমাজৰ বৃদ্ধ শ্ৰেণীক এক মানদণ্ডৰ স্বাস্থ্য পৰীক্ষা প্ৰদান কৰা।" প্ৰমোদ তালুকদাৰ মেম'ৰিয়েল অল্ড এজ হোমৰ প্ৰায় ৭০ জনী আবাসীক বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰত পৰীক্ষা কৰা হয় লগতে তেওঁলোকক বিনামূলীয়া ঔষধো প্ৰদান কৰা হয়। আয়োজকসকলৰ দ্বাৰা আবাসীসকলক এযোৰকৈ মেখেলা চাদৰৰ উপহাৰ দিয়া হয়।অনুষ্ঠানটোৰ বিষয়ে অধিক বৰ্ণনা কৰি ৰেনোমেড লাইফচাইন্সেছ প্ৰাইভেট লিমিটেডৰ এমডি শ্ৰী প্ৰণৱ কুমাৰ শৰ্মাই কয়, "আমি আনন্দিত যে আমি এই বৃদ্ধাশ্ৰমৰ আবাসীসকলক আমাৰ সেৱা প্ৰদান কৰিবলৈ সক্ষম হৈছো। তেওঁলোকক তেওঁলোকৰ জীৱনৰ এই পৰ্যায়ত অধিক যত্নৰ প্ৰয়োজন। স্বাস্থ্য সেৱা প্ৰতিজন ব্যক্তিৰ ওচৰলৈ অনাৰ বাবে যিমান সম্ভৱ সঘনাই আমি এই কাম চলাই যাম। " অনুষ্ঠানটোত জনপ্ৰিয় অভিনেত্ৰী চেতনা দাস উপস্থিত আছিল। তেওঁ তেওঁৰ অনুপ্ৰেৰণামূলক ভাষণেৰে আবাসীসকলৰ আত্ম বিশ্বাস বৃদ্ধি কৰে আৰু চিকিৎসক দলটোক তেওঁলোকৰ পদক্ষেপৰ বাবে ধন্যবাদ জনায়।
No comments:
Post a Comment