অভিনয়াৰ দশম বৰ্ষপূৰ্তি - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday 1 August 2023

অভিনয়াৰ দশম বৰ্ষপূৰ্তি


 *অভিনয়াৰ দশম বৰ্ষপূৰ্তি*

*দুখন শিশুনাট মঞ্চস্হ*


                                         


W7s news,,,গুৱাহাটী: ন লেখক প্ৰত্যুষ ডেকাৰ দুখন শিশু নাটেৰে যোৱা ২৭ জুলাইত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আড়ম্বৰপূৰ্ণভাৱে উদ্‌যাপন কৰা হ’ল অভিনয়া- জংকী বৰঠাকুৰ পৰিৱেশ্য কলাকেন্দ্ৰৰ দশম বৰ্ষপূৰ্তিৰ অনুষ্ঠান৷ ২০ দিনীয়া গ্ৰীষ্মকালীন কৰ্মশালাৰ অন্তত নিৱেদিত 'ভদাই সংস্কৃতি' আৰু 'বাহুবলী মন্ত্ৰী' শীৰ্ষক নাট দুখন পৰিচালনা কৰে সঞ্জীৱ বুঢ়াগোহাঁয়ে৷ দুয়োখন নাটৰ পৰিচালনাত সহযোগিতা কৰে থুৰীয়া শইকীয়া আৰু ৰোহন গৌতম শৰ্মাই৷ 'বাহুবলী মন্ত্ৰী' নাটখনৰ মাজেৰে ৰাজ্যৰ সাম্প্ৰতিক পৰিস্থিতি আৰু ভৱিষ্যতৰ অশনি সংকেত হাস্য- ব্যংগৰ মাধ্যমেৰে প্ৰকাশ কৰা হৈছে৷ আনহাতে, প্ৰচলিত ভাষাৰ প্ৰয়োগৰ পৰা ফালৰি কাটি নামনি অসমৰ কথিত ভাষা তথা লোকাচাৰৰ প্ৰয়োগেৰে উপস্থাপন কৰা হৈছে 'ভদাই সংস্কৃতি' নাটখন৷ ৰসৰাজৰ বুঢ়ী আইৰ সাধুৰ জোঁৱাইৰ সাধু, সৰৱজান আদি সাধুৰ আধাৰত বৰ্তমান সময়ৰ পৰিপ্ৰেক্ষিতত নাটখনৰ অভিযোজনা কৰা হৈছে৷ অসমীয়া সমাজ জীৱনৰ লুপ্ত হ'বলৈ ধৰা লোকাচাৰৰ সাৱলীল সংযোজন আৰু উপস্থাপনে নাটখনক প্ৰদান কৰিছে অনন্য মাত্ৰা৷ অভিনয়াৰ দশম বৰ্ষপূৰ্তিৰ এই ৰং বিৰঙী অনুষ্ঠানটোত সংযোজিত হয় দীপ ৰাহাং আৰু ইমৰাণৰ পৰিচালনাত দুটা নৃত্যানুষ্ঠান৷  ঋতুপ্ৰয়াগ গাৰ্গৰ ব্যৱস্থাপনাত আৰু দীপাংকৰ বৰ্মনৰ সহযোগত অনুষ্ঠিত অনুষ্ঠানটোৰ দৃশ্যসজ্জা আছিল উমাকান্ত সোণোৱাল আৰু বিনয় দাসৰ৷ ৰূপসজ্জা  ভাস্কৰজ্যোতি দত্ত আৰু তীব্ৰজ্যোতি বৈৰাগীৰ৷ সাজ সজ্জা গৰিমা শইকীয়া গাৰ্গ আৰু থুৰীয়া শইকীয়াৰ৷ পোহৰ ব্যৱস্থাপনা ডিম্পল দাসৰ৷ দুয়োখন নাটৰ সংগীতত আছিল ৰুন্টি প্ৰশান্ত, ডিম্পল সঞ্জীৱন কাশ্যপ, অৰিন্দম বৰা, জ্ঞানদ্বীপ ডেকা আৰু ৰোহন গৌতম শৰ্মা৷ শশাংক সমীৰ আৰু থুৰীয়া শইকীয়াই আঁত ধৰা অনুষ্ঠানটোত বিশিষ্ট সাহিত্যিক- সাংবাদিক  অনুৰাধা শৰ্মা পূজাৰী, বিশিষ্ট অভিনেত্ৰী ডাঃ জাহানাৰা বেগম, অভিনেতা যতীন বৰা, জুবিন গাৰ্গ আদি উপস্থিত থাকে ৷

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here