অসমৰ ৩.২ কোটি জনসংখ্যাৰ মাজত প্ৰায় ৫,৪৪,০০০ জন লোক কৰজনৰ হার্নিয়াত আক্ৰান্ত হৈ আছে
৪৫ বছৰৰ উৰ্ব্বৰ বয়সৰ লোকৰ মাজত প্রায় ৪ শতাংশ লোক কৰৰ্ত্তনৰ হার্নিয়াত আক্রান্ত হয়
জীৱনশৈলীৰ পৰিৱৰ্তন কৰি এই ৰোগৰ পৰা ৰক্ষা পৰিব পৰা যায়
W7s news গুৱাহাটী : উত্তৰ পূৰ্বাঞ্চলৰ মাল্টিস্পেচিয়েলিটী জিএনআৰচি হাস্পতালৰ দিছপুৰ শাখাত মেচলেছ স্মল ইনচি অ'পেন হার্নিয়া ছাঞ্জাবী আৰম্ভ কৰা হৈছে। এই ন্যূনতম ইনভেচিত পদ্ধতিয়ে ৰোগীসকলক সোনকালে আৰোগ্য কৰাৰ লগতে পৰম্পৰাগত হার্নিয়াৰ মেৰামতিতকৈ ইয়াত জটিলতাৰ আশংকাও বহু পৰিমাণে কম।জিএনআৰচি দিছপুৰৰ লেপাৰ 'স্কপী এণ্ড মিনিমেলী ইনভেটিভ ছাৰ্জাৰী বিভাগৰ মুখ্য পৰামৰ্শদাতা ডাঃ নিপাংক গোস্বামীয়ে শনিবাৰে গুৱাহাটীৰ জি এন আৰ চি দিছপুৰ হাস্পতালত অনুষ্ঠিত এখন সংবাদ মেলত কয় -"উত্তৰ- পূব ভাৰতৰ লগতে অসমৰ ভিন্ন প্ৰান্তৰ পৰা অহা দুখীয়া ৰোগীসকলেও যাতে কম খৰচতে মেচবিহীন অ'পেন গ্ৰইন হার্নিয়া অস্ত্ৰোপচাৰ কৰি সন্তোষজনক ফল লাভ কৰে সেয়াই আমাৰ লক্ষ্য। এই সেবা জিএনআৰচি হাস্পতালৰ "ব্যয়সাধ্য স্বাস্থ্য আঁচনিৰ কথা মনত ৰাখিয়েই প্ৰদান কৰা হৈছে। বর্তমান যুৱ তথা সক্রিয় ব্যক্তিৰ ক্ষেত্ৰত অধিক পৰিমাণে হোৱা গ্ৰইন হার্নিয়াৰ দৰে সংশোধনযোগ্য অস্ত্ৰোপচাৰ কৰিব লগীয়া ৰোগীৰ সংখ্যা সমাজত অত্যধিক পৰিমাণে বৃদ্ধি হৈছে। ৪৫ বছৰৰ উৰ্ব্বৰ বয়সৰ লোকৰ মাজত প্রায় ৪ শতাংশ লোক কৰৰ্ত্তনৰ হার্নিয়াত আক্রান্ত হয়। সকলো বয়স সামৰি ল'লে এই ৰোগত আক্ৰান্ত লোকৰ সংখ্যা প্রায় ১.৭ শতাংশ। অসমৰ ৩.২ কোটি জনসংখ্যাৰ মাজত প্ৰায় ৫,৪৪,০০০ জন লোক কৰঙনৰ হার্নিয়াত আক্ৰান্ত হৈ আছে। ফলত গ্ৰইন অঞ্চলত ফুলা (হার্নিয়া), কেতিয়াবা দুয়োফালে ফুলাৰ বাবে পৰিয়ালৰ পুৰুষ উপাৰ্জনকাৰী সদস্যজনে বা কৃষিকৰ্মৰ লগত জড়িত ব্যক্তিগৰাকীয়ে উপাৰ্জন কৰিবলৈ অক্ষম হৈ পৰে যাৰ বাবে সমাজৰ অৰ্থনৈতিক দিশতো ঋণাত্মক প্রভাৱ পৰা পৰিলক্ষিত হৈছে।
ভাৰতত গ্ৰইন হাৰ্নিয়াৰ প্ৰাদুৰ্ভাৱ প্ৰায় ২৫ শতাংশই পুৰুষ ৰোগীৰ হয়। গ্ৰইন হার্নিয়াৰ বেছিভাগে চহৰ অঞ্চলত ন্যূনতম ইনভেচিভ অস্ত্ৰোপচাৰ বা লেপাৰ স্কপীৰ দ্বাৰা কৃত্রিম ইমপ্লান্টৰ জৰিয়তে সংস্থাপন কৰা হয়। কিন্তু ইয়াৰ খৰচ ইমানেই বেছি যে যিটো দেশৰ নিম্ন আৰু মধ্যবিত্ত পৰিয়ালৰ বাবে সামৰ্থৰ বাহিৰত। ইয়াৰ উপৰিও লেপাৰস্কপী পদ্ধতি সাধাৰণ এনাছেছিয়াৰ অধীনত কৰা হয়। সেয়েহে বয়োজ্যেষ্ঠ ব্যক্তিসকলৰ বাবে উপযুক্ত নহবও পাৰে। তেওঁলোক এইন হার্নিয়াত আক্রান্ত হ'লে হৃদযন্ত্র আৰু শ্বাস- প্ৰশ্বাসৰ সমস্যাতো ভুগিব পাৰে।
সেয়েহে আমি জিএনআৰচি দিছপুৰত গ্ৰইন হার্নিয়া ৰোগীৰ চিকিৎসাৰ বাবে জালবিহীন (Meshless). টিছ্যু অ'পেন হার্নিয়া অস্ত্ৰোপচাৰ কৰিবলৈ পদক্ষেপ গ্ৰহণ কৰিছো যিটো সাধাৰণতে মেৰুদণ্ড বা কঁকালৰ তলত এনাস্থেছিয়াৰ সহায়ত কৰা হয়। নার্ভ ব্লক বা লোকেল এনাস্থেছিয়া প্রয়োগ কৰি চিকিৎসালয়ত কম সময়ৰ বাবে থকা বা নির্বাচিত ৰোগীসকলক ডে কেয়াৰ সেৱাৰ যোগেদিও চিকিৎসা প্রদান কৰিবলৈ ব্যৱস্থা হাতত লৈছো। ইয়াৰ ফলত ৰোগীসকলে হাস্পতালত কম সময় থাকিব লগা হোৱা বাবে চিকিৎসালয়ৰ খৰচৰ মাত্ৰাও কম হয়। আমি ডাক্তৰ মোহন ডেছাৰদাৰে উদ্ভাৱন কৰা Desarda Repair নামৰ স্থানীয় টিত্যু মেৰামতি পদ্ধতিটোৰে অস্ত্ৰোপচাৰ কৰিবলৈ সিদ্ধান্ত লৈছো । তেওঁ পুনেৰ এগৰাকী প্ৰখ্যাত সাধারণ শল্য বিশেষজ্ঞ। এই পদ্ধতি প্রয়োগ কৰি অতি কম খৰচতে ৰোগীয়ে সন্তোষজনক ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব বুলিও ডাঃ নিপাকে গোস্বামীয়ে জনায়।
হাৰ্নিয়া হৈছে পেটৰ ছালৰ তলত উখহি উঠা অংশ, যিটো পেশীৰ দুৰ্বল ঠাইৰ মাজেৰে কোনো অংগ বা টিচা ঠেলি বাহিৰলৈ ওলাই আহে। হার্নিয়া অস্ত্ৰোপচাৰ পদ্ধতিৰ দ্বাৰা হার্নিয়া মেৰামতি কৰা হয় আৰু ইয়াক পুনৰাই নহ'বলৈ প্ৰতিৰোধ কৰা হয়। প্রায়ভাগ হার্নিয়া ৰোগীৰ ক্ষেত্ৰত মেচ ব্যৱহাৰ কৰি অস্ত্ৰোপচাৰ কৰা হয়।
সংবাদ মেলত জ্যেষ্ঠ সাংবাদিক পৰা প্ৰণয় বৰদলৈ য়ে চমু বক্তব্য আগবঢ়োৱাৰ লগতে,হার্নিয়া ৰোগৰ অস্ত্ৰোপচাৰ কৰি সফলতা লাভ কৰা
বনমালী ডেকাই চমু বক্তব্য আগবঢ়ায়।
No comments:
Post a Comment