W7s news,,,গুৱাহাটী : গোৰ্খা উন্নয়ন পৰিষদ আৰু সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ সহযোগত চাণক্য আইএএছ একাডেমীয়ে গুৱাহাটীস্থিত চাণক্য আইএএছ একাডেমী কেন্দ্ৰত চুপাৰ ২০ৰ উদ্বোধনীমূলক শ্ৰেণীৰ শুভাৰম্ভণি কৰে। উপযুক্ত প্ৰশিক্ষণ আৰু পথ-প্ৰদৰ্শনৰ দ্বাৰা অসম লোকসেৱা আয়োগৰ পৰীক্ষাৰ বাবে প্ৰস্তুত কৰি তুলিবলৈ গোৰ্খা সম্প্ৰদায়ৰ মুঠ ২০গৰাকী শিক্ষাৰ্থীক বাছনি কৰা হৈছিল।চাণক্য আইএএছ একাডেমীৰ উত্তৰ-পূৱ ভাৰতৰ সঞ্চালিকা কুৰঙ্গনয়নী চেতিয়াই কয়, “সৰ্বপ্ৰথমে মই গোৰ্খা সম্প্ৰদায়ৰ ২০ গৰাকী ছাত্ৰ-ছাত্ৰীক প্ৰশিক্ষণ প্ৰদানৰ দৰে এই মহান পদক্ষেপ গ্ৰহণ কৰাৰ বাবে গোৰ্খা উন্নয়ন পৰিষদৰ অধ্যক্ষ শ্ৰীযুত প্ৰেম তামাঙক ধন্যবাদ জনাইছোঁ! লগতে, অদূৰ ভৱিষ্যতে অসমৰ প্ৰশাসনযন্ত্ৰৰ এক অংশ হোৱাৰ দিশত যাত্ৰা আৰম্ভ কৰা চুপাৰ ২০ৰ নিৰ্বাচিত প্ৰতিগৰাকী শিক্ষাৰ্থীলৈ অভিনন্দন জ্ঞাপন কৰিছোঁ। ৫ জুলাই ২০২৩ তাৰিখটো কেৱল উপস্থিত ২০গৰাকী শিক্ষাৰ্থীৰ বাবেই নহয়, বৰঞ্চ গোৰ্খা সম্প্ৰদায়ৰ পৰা ওলাই আহিবলগীয়া ভৱিষ্যতৰ এপিএছচি আৰু ইউপিএছচি প্ৰাৰ্থীসকলৰ বাবেও এক মাইলৰ খুঁটি হিচাপে পৰিগণিত হ’ব বুলি আশা কৰিছোঁ।”
Post Top Ad
Responsive Ads Here
Thursday, 6 July 2023

গুৱাহাটী চাণক্য আই এ এছ একাডেমীত গোৰ্খা উন্নয়ন পৰিষদৰ চুপাৰ ২০ কাৰ্যসূচী আৰম্ভ
Subscribe to:
Post Comments (Atom)
Post Bottom Ad
Responsive Ads Here
Author Details
Templatesyard is a blogger resources site is a provider of high quality blogger template with premium looking layout and robust design. The main mission of templatesyard is to provide the best quality blogger templates which are professionally designed and perfectlly seo optimized to deliver best result for your blog.
No comments:
Post a Comment