জোৱানৰ বীৰত্বৰ কাহিনী ইয়াত শুনক- httpsজ্ঞ//linktr.ee/gutsgloryyoutube
W7s news,,,,কলকাতা, ঃ ভাৰতৰ আগশাৰীৰ ব্যক্তিগত ৰেডিঅ’ আৰু মনোৰঞ্জন নেটৱৰ্ক ৰেড এফ এমে বিজয় দিৱস উপলক্ষে ‘গাটছ এণ্ড গ্ল’ৰী – চেলুট ৭১’ৰ এক বৃহৎ অনুষ্ঠানৰ আয়োজন কৰিবলৈ ভাৰতীয় সেনাৰ ইষ্টাৰ্ণ কমাণ্ডৰ সৈতে অংশীদাৰিত্ব বুজাপৰা কৰিছে৷ ১৯৭১ চনৰ যুদ্ধৰ ঐতিহাসিক বিজয়ৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে এই বিজয় সম্ভৱ কৰি তোলা সাহসী জোৱানসকলক সন্মান জনোৱাৰ লক্ষ্যৰে এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে৷এই অনন্য পদক্ষেপৰ অংশ হিচাপে ৰেড এফ এমে ১৯৭১ চনৰ যুদ্ধৰ কেইবাটাও আকৰ্ষণীয় কাহিনী সম্প্ৰচাৰেৰে শ্ৰোতাক ৰোমাঞ্চিত কৰিব, এই কাহিনীত যুদ্ধৰ সময়ত ভাৰতীয় সৈন্যসকলে প্ৰদৰ্শন কৰা সাহসিকতাৰ বিশদ বিৱৰণ দাঙি ধৰা হ’ব৷ শ্ৰোতাসকলে এই যুদ্ধত দেশৰ ঐতিহাসিক বিজয়ৰ সূচনা কৰা আমাৰ জোৱানসকলৰ বীৰত্বপূৰ্ণ কৰ্ম, তেওঁলোকৰ অদম্য মনোভাৱ আৰু ত্যাগৰ বিষয়ে জানিবলৈ সুযোগ পাব, গৌৰৱৰ কথাটো হৈছে যে আমাৰ সৈনিকসকলৰ ত্যাগৰ বাবেই দেশে এই যুদ্ধত ঐতিহাসিক বিজয় সাব্যস্ত কৰিছিল৷ ৰেড এফ এমে এই সকলোবোৰ কাহিনীক খণ্ড খণ্ডকৈ প’ডকাষ্টৰ অধীনত লৈ আহিব, যি বিভিন্ন অডিঅ’ ষ্ট্ৰীমিং প্লেটফৰ্মত উপলব্ধ হ’ব৷ইয়াৰ উপৰি ‘গাটছ এণ্ড গ্ল’ৰী–চেলুট ৭১’ৰ সময়ত উত্তৰ-পূব ভাৰতৰ সেই নাগৰিক আৰু বীৰ জোৱানসকলকো সন্মান জনোৱা হ’ব, যিসকলে এই যুদ্ধৰ সময়ত দেশৰ প্ৰতি অসাধাৰণ বীৰত্ব আৰু নিষ্ঠা প্ৰদৰ্শন কৰিছিল৷
এই উপলক্ষে ভাষণ দি লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতাই কয় যে, ‘১৯৭১ চনৰ যুদ্ধৰ জোৱানসকলৰ সাহস আৰু ত্যাগৰ কাহিনী জনসাধাৰণৰ মাজলৈ নিয়াৰ বাবে ৰেড এফ এমে এই অনন্য পদক্ষেপ লোৱাৰ বাবে মই অত্যন্ত আনন্দিত হৈছো৷ আমি আনন্দিত যে এইবাৰৰ বিজয় দিৱস উপলক্ষে আমি আমাৰ সাহসী সৈনিকসকলক গাটচ এণ্ড গ্ল’ৰী–চেলুট ৭১১ জৰিয়তে ছালামী দিয়াৰ সুযোগ পাইছো৷ ভাৰতীয় ইতিহাসৰ এই বিজয় আমি গৌৰৱেৰে দৰ্শকৰ মাজলৈ লৈ আহিম বুলি আমি আশাবাদী৷ এই উপলক্ষে ভাষণ দি ৰেড এফ এম এণ্ড মেজিক এফ এমৰ সঞ্চালক আৰু চি অ’ অ’ নিশা নাৰায়ণনে কয় যে বিজয় দিৱস উপলক্ষে ১৯৭১ চনৰ যুদ্ধৰ বিজয়ী জোৱানসকলক সন্মান জনোৱাৰ বাবে ভাৰতীয় সেনাৰ ইষ্টাৰ্ণ কমাণ্ডৰ সৈতে অংশীদাৰিত্ব কৰি আমি অতি আনন্দিত৷ আমাৰ সৈনিকসকলে এনে কঠিন পৰিস্থিতিত যুদ্ধ কৰে, যিটো আমি কল্পনাও কৰিব নোৱাৰো৷ তেওঁলোকৰ ত্যাগ সঁচাকৈয়ে অসীম, আমাৰ এই সৰু পদক্ষেপৰ জৰিয়তে আমি তেওঁলোকৰ প্ৰতি আমাৰ কৃতজ্ঞতা প্ৰকাশ কৰিব বিচাৰিছো৷ গাটছ এণ্ড গ্ল’ৰী–চেলুট ৭১’ ৰ অধীনত সেই হেৰাই যোৱা নায়কসকলক চিনি পোৱা যাব, যিসকল আমাৰ সাধাৰণ নাগৰিকৰ মাজত বিদ্যমান৷ আমি আশা কৰোঁ এই বীৰ জোৱানসকলৰ বীৰত্বৰ কাহিনীয়ে দেশৰ স্বাধীনতাৰ বাবে তেওঁলোকৰ পৰম ত্যাগক পোহৰলৈ আনি মানুহক অনুপ্ৰাণিত কৰিব৷উত্তৰ ভাৰতৰ ১২খন ৰাজ্য- কলকাতা, ভুৱনেশ্বৰ, আছানছল, শিলিগুৰি, আগৰতলা, পাটনা, মুজাফ্ফৰপুৰ, জামছেদপুৰ, গুৱাহাটী, শ্বিলং, আইজল আৰু গংটকত এই পদক্ষেপৰ সম্প্ৰচাৰ কৰা হ’ব৷ গতিকে এই কাহিনীবোৰ শুনিবলৈ ৯৩.প্ত ৰেড এফ এমৰ লগত থাকক৷
No comments:
Post a Comment