আটঘৰাৰ মহিম হালদাৰ' উন্মোচন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday 3 July 2023

আটঘৰাৰ মহিম হালদাৰ' উন্মোচন


 '


W7s news,,, গুৱাহাটী২ জুলাই 

সোমবাৰে গুৱাহাটীৰ জোনাকী নগৰৰ শিৱ মন্দিৰ প্ৰাঙ্গনত অংকুৰণ প্ৰকাশনৰ দ্বাৰা প্ৰকাশিত শেহতীয়া অনুবাদ গল্প সংকলন 'আটঘৰাৰ মহিম হালদাৰ' উন্মোচিত হয়। জনপ্ৰিয় কবি, গল্পকাৰ তথা নিৱন্ধকাৰ গুনীন চৌধুৰীয়ে অনুবাদ কৰা এই গ্ৰন্থখন উন্মোচন কৰে বিশিষ্ট সাহিত্যিক, নাট্যকাৰ তথা অভিনেতা কিশোৰী মোহন পাঠকে। প্ৰতিষ্ঠিত কবি তথা গল্পকাৰ উত্তম কুমাৰ কলিতাই আঁত ধৰা এই গ্ৰন্থ উন্মোচনী অনুষ্ঠানটোত উপস্থিত থাকি জোনাকী নগৰ উন্নয়ন কমিটিৰ সভাপতি  নীলমনি হাজৰিকা, ষ্টেট বেংক অৱ ইণ্ডিয়া অফিচাৰচ এচোছিয়েশ্যনৰ দুই প্ৰাক্তন সভাপতি দিলীপ কুমাৰ ৰায়চৌধুৰী আৰু  শ্ৰীকান্ত ডেকা আৰু অংকুৰণ প্ৰকাশনৰ  হেমেন নাথৰ লগতে বহুকেইজন বিশিষ্ট ব্যক্তিয়ে সাৰুৱা ভাষণ আগবঢ়ায়। সভাৰ আৰম্ভণিতে বিশিষ্ট ব্যক্তিসকলৰ লগতে গ্ৰন্থখনৰ বেটুপাত অংকণ কৰোঁতা নিবেদিতা কলিতাকো লেখক গুনীণ চৌধুৰীয়ে এই অনুষ্ঠানতে সম্বৰ্ধনা জনায়। অনুষ্ঠানৰ আৰম্ভণিতে ৰীমা বৈশ্যই মহাপুৰুষ মাধৱদেৱদেৱ বিৰচিত এটা বড়গীত পৰিবেশন কৰে। উল্লেখ্য যে কলিকতাৰ প্ৰতিষ্ঠিত লেখক প্ৰয়াত ৰাধানাথ মণ্ডলৰ একে নামৰ জনপ্ৰিয় গ্ৰন্থখনৰ অসমীয়া অনুবাদৰ এই সংকলনটি ইতিমধ্যে এমাজনত উপলব্ধ হৈছে বুলি প্ৰকাশকে জানিবলৈ দিছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here