১ জুলাই,২০২৩ ৰ পৰা কাৰ্যকৰী হোৱাকৈ এইচ ডি এফচি বেংকত একত্ৰিত হ’ব এইচ ডি এফচি লিমিটেডে - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday 3 July 2023

১ জুলাই,২০২৩ ৰ পৰা কাৰ্যকৰী হোৱাকৈ এইচ ডি এফচি বেংকত একত্ৰিত হ’ব এইচ ডি এফচি লিমিটেডে

 

W7s news,,,,গুৱাহাটী, ০৩ জুলাই, ২০২৩: ভাৰতৰ আগশাৰীৰ ব্যক্তিগত খণ্ডৰ বেংক এইচ ডি এফ চি বেংকে  ভাৰতৰ প্ৰিমিয়াৰ হাউছিং ফাইনেন্স কোম্পানী এইচ ডি এফ চি লিমিটেডক এইচ ডি এফ চি বেংকৰ সৈতে একত্ৰীকৰণ সফলভাৱে সম্পূৰ্ণ কৰাৰ কথা ঘোষণা কৰে। প্ৰয়োজনীয় শ্বেয়াৰ হল্ডাৰ আৰু নিয়ন্ত্ৰণমূলক অনুমোদন লাভ কৰাৰ পাছত বেংকে এই সিদ্ধান্ত ঘোষণা কৰে। এইচ ডি এফ চি বেংক আৰু এইচ ডি এফ চি লিমিটেডে ২০২২ চনৰ ৪ এপ্ৰিলত একত্ৰীকৰণৰ সিদ্ধান্ত ঘোষণা কৰিছিল, যাৰ বাবে প্ৰয়োজনীয় সন্মতি আৰু অনুমোদন লাভ কৰিব লাগিব আৰু প্ৰক্ৰিয়াটো সমাপ্ত হ’বলৈ ১৫ৰ পৰা ১৮ মাহৰ সময়সীমাৰ ইংগিত দিছিল। দুয়োটা কোম্পানীৰে নিজ নিজ বৈঠকত উল্লেখ কৰে যে এই একত্ৰীকৰণ  ১ জুলাই ২০২৩ ৰ পৰা কাৰ্যকৰী হ’ব।একত্ৰিত সংস্থাই অন্যান্য বিষয়ৰ লগতে দুয়োটা  সংস্থাৰ মাজত থকা উল্লেখযোগ্য পৰিপূৰকতাক একত্ৰিত কৰে আৰু বৰ্ধিত পৰিসৰ, ব্যাপক পণ্য প্ৰদান  বেলেন্স শ্বীটৰ স্থিতিস্থাপকতাৰ পৰা দুয়োটা সংস্থাৰ নিজ নিজ গ্ৰাহক, কৰ্মচাৰী, আৰু শ্বেয়াৰহোল্ডাৰকে ধৰি বিভিন্ন অংশীদাৰৰ বাবে অৰ্থপূৰ্ণ মূল্য সৃষ্টি কৰিবলৈ সাজু হৈছে আৰু ৰাজহৰ সুযোগ, পৰিচালনাৰ দক্ষতা আৰু আণ্ডাৰৰাইটিং দক্ষতাৰ মাজেৰে সহযোগিতা আগবঢ়াই নিয়াৰ ক্ষমতাও বৃদ্ধি কৰিছে। একত্ৰীকৰণ আঁচনিৰ শ্বেয়াৰ বিনিময় অনুপাত অনুসৰি এইচ ডি এফ চি বেংকে যোগ্য শ্বেয়াৰহোল্ডাৰ সকলক  নিৰ্ধাৰিত ১ টকা মূল্যত ৪২ টা ইক্যুটি শ্বেয়াৰ ঘোষণা আৰু আবন্টন কৰিব। নিৰ্ধাৰিত টকাৰ প্ৰত্যেক ২৫ টা  ইক্যুটি শ্বেয়াৰৰ বাবে ১ টকাকৈ সম্পূৰ্ণ পেইড-আপ হিচাপে জমা কৰা হব। প্ৰতি ২৫ টা ইক্যুটি শ্বেয়াৰৰ মূল্য ২ টকা । আজিৰ তাৰিখ অৰ্থাৎ ১৩ জুলাই, ২০২৩ তাৰিখত এইচ ডি এফ চি লিমিটেডৰ এনে শ্বেয়াৰহোল্ডাৰৰ হাতত থকা প্ৰতিটো সম্পূৰ্ণ পেইড-আপ।একত্ৰীকৰণ সম্পূৰ্ণ হোৱাৰ সন্দৰ্ভত ভাষণ দি এইচ ডি এফ চি বেংকৰ চি ই অ’ এণ্ড এম ডি ছাছি জগদীশানে কয় যে, “এয়া আমাৰ যাত্ৰাৰ এক সংজ্ঞায়িত পৰিঘটনা আৰু মই নিশ্চিত যে আমাৰ সংযুক্ত শক্তিয়ে আমাক বিত্তীয় সেৱাৰ এক সামগ্ৰিক পৰিৱেশ তন্ত্ৰ সৃষ্টি কৰিবলৈ সক্ষম কৰিব।এইচ ডি এফ চি লিমিটেডৰ প্ৰতিভাৱান দলটোক এইচ ডি এফ চি বেংক পৰিয়াললৈ আদৰণি জনাই আমি সঁচাকৈয়ে সুখী ৷ মোৰ বিশ্বাস আমাৰ যাত্ৰা উদ্যমী , অভিযোজন ক্ষমতা, আৰু উৎকৃষ্টতাৰ অদম্য সাধনাৰ দ্বাৰা সংজ্ঞায়িত হ’ব। আমি আগন্তুক পথত আগবাঢ়ি যোৱাৰ লগে লগে আমি প্ৰত্যাহ্বান সমূহক সুযোগ হিচাপে আকোৱালি ল’ম, আমাৰ অভিজ্ঞতাৰ পৰা শিকিম, আৰু বিত্তীয় সেৱা উদ্যোগত সফলতা আৰু সততাৰ মাপকাঠী হ’বলৈ চেষ্টা কৰিম”।একত্ৰীকৰণৰ পিছত এইচডিএফচি বেংকৰ কোনো চিনাক্তকৃত প্ৰমোটাৰ নাই। ইয়াৰ উপৰিও ই এইচ ডি এফ চি বেংকক বিত্তীয় সেৱাৰ সংঘবদ্ধ সংস্থালৈ ৰূপান্তৰিত কৰে যিয়ে বেংকিঙৰ পৰা বীমালৈকে বিত্তীয় সেৱাৰ সম্পূৰ্ণ চুইট, আৰু ইয়াৰ সহযোগী কোম্পানীসমূহৰ জৰিয়তে মিউচুৱেল ফাণ্ড আগবঢ়ায়। এতিয়ালৈকে এই সমূহৰ বিতৰক আছিল বেংক।ভাৰতৰ সৰ্ববৃহৎ হাউছিং ফাইনেন্স কোম্পানী এইচ ডি এফ চি লিমিটেডৰ ভাৰতৰ সৰ্ববৃহৎ ব্যক্তিগত খণ্ডৰ বেংকৰ সৈতে একত্ৰীকৰণে কম খৰচী ধন লাভ কৰা প্ৰতিষ্ঠানৰ সৈতে বিশ্বাসযোগ্য হোম লোন ব্ৰেণ্ডৰ শক্তিৰ সংমিশ্ৰণ ঘটায়। বৃহৎ নেট ৱৰ্থৰ ফলত অৰ্থনীতিলৈ ঋণৰ অধিক প্ৰবাহৰ সুবিধা হ’ব। ইয়াৰ উপৰিও আন্তঃগাঁথনি ঋণকে ধৰি বৃহৎ টিকট ঋণৰ আণ্ডাৰৰাইটিং সম্ভৱ হ’ব আৰু জাতি গঠনৰ লগতে নিয়োগ সৃষ্টিত অধিক অৰিহণা যোগাব।কাৰ্যকৰী তাৰিখ অনুসৰি এইচ ডি এফ চি লিমিটেডৰ সকলো কৰ্মচাৰী এতিয়া এইচ ডি এফ চি বেংকৰ কৰ্মচাৰী হয়। যোৱা কেইমাহমানৰ পৰা বেংকে কেৱল ব্যৱস্থা আৰু প্ৰক্ৰিয়াৰ নহয়, সকলো দিশৰ মসৃণ সংহতিৰ বাবে প্ৰস্তুতি চলাইছে, যিয়ে এইচ ডি এফ চি বেংকক এইচ ডি এফ চি লিমিটেডৰ কৰ্মচাৰীসকলৰ বাবে আদৰণীয় কামৰ স্থান হিচাপে গঢ়ি তুলিব।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here