অসমৰ স্বাস্থ্য মন্ত্ৰীয়ে নৰ্থ ইষ্ট ডাইজেষ্টিভ এণ্ড লিভাৰ ফাউণ্ডেচনৰ দ্বাৰা আয়োজিত 'ৰান ফৰ ইয়ৰ লিভাৰ' শুভাৰম্ভ কৰে - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday 28 July 2023

অসমৰ স্বাস্থ্য মন্ত্ৰীয়ে নৰ্থ ইষ্ট ডাইজেষ্টিভ এণ্ড লিভাৰ ফাউণ্ডেচনৰ দ্বাৰা আয়োজিত 'ৰান ফৰ ইয়ৰ লিভাৰ' শুভাৰম্ভ কৰে


 

w7s news গুৱাহাটী, ২৮ জুলাই, ২০২৩: নৰ্থ ইষ্ট ডাইজেষ্টিভ এণ্ড লিভাৰ ফাউণ্ডেচনে প্ৰতি বছৰে ২৮ জুলাইত বিশ্ব হেপাটাইটিছ দিৱস উপলক্ষে 'ৰান ফৰ ইয়ৰ লিভাৰ'  এক সমদল আয়োজন কৰে।   আজি অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী শ্ৰী কেশৱ মহন্তই   লতাশিল খেলপথাৰত এই সমদলৰ শুভাৰম্ভ কৰে।ভাষণত  কেশৱ মহন্তই কয়, তেওঁ   ডাঃ  বিডি গোস্বামীৰ প্ৰচেষ্টাৰ সাক্ষী হৈ আহিছে যিয়ে প্ৰতি বছৰে বিশ্ব হেপাটাইটিছ দিৱস আন্তৰিকতাৰে পালন কৰি এজন প্ৰকৃত যোদ্ধাৰ দৰে এই ৰোগৰ বিৰুদ্ধে  নেতৃত্ব দি আহিছে।সমদলটোত ২০০০ ৰো অধিক লোকৰ লগতে সমাজৰ কেইজনমান বিশিষ্ট ব্যক্তি যেনে ড০ সমুজ্জল ভট্টাচাৰ্য- উপদেষ্টা,  আছু;  চেতনা দাস, অভিনেত্ৰী;  নৰেশ কলিতা- সম্পাদক, নিয়মীয়া বাৰ্তা;  সত্যেন  শৰ্মা- জ্যেষ্ঠ অধিবক্তা, গুৱাহাটী উচ্চ ন্যায়ালয়;   ডাঃ প্ৰতুল শৰ্মা,  ডাঃ অমিতাভ গোস্বামী আৰু আন কেইবাজনো লোকে  অংশগ্ৰহণ কৰিছিল।   গুৱাহাটীৰ জ্যেষ্ঠ গেষ্ট্ৰোএণ্টেৰোলজিষ্ট আৰু হেপাটোলজিষ্ট   ডাঃ বি ডি. গোস্বামীয়ে তেওঁৰ চিন্তা ব্যক্ত কৰি কয়, “আমি ২০০৮ চনৰ পৰা এই দিনটো পালন কৰি আহিছো। আমি আশা কৰোঁ যে আমি হেপাটাইটিছ, বিশেষকৈ হেপাটাইটিছ বি আৰু চি সম্পৰ্কে আমাৰ সম্প্ৰদায়বোৰৰ মাজত সজাগতা সৃষ্টি কৰিবলৈ সক্ষম হ'ম। আজি আমাৰ সৈতে যোগদান কৰা সকলোকে  আৰু আমাৰ অনুষ্ঠানটো সফল কৰাৰ বাবে মই  আটাইলৈ ধন্যবাদ জনাইছো।  আমি আশা কৰোঁ যে আমি ইয়াক আগুৱাই নিবলৈ সক্ষম হ'ম আৰু ৰোগটো দূৰ কৰাত সফল হ'ম।" হেপাটাইটিছ হৈছে  লিভাৰৰ প্ৰদাহ, সাধাৰণতে ভাইৰেল সংক্ৰমণৰ  ফলত হেপাটাইটিছ  হোৱা দেখা যায় । ই হৈছে এক বিশ্বব্যাপী স্বাস্থ্য সমস্যা য'ত প্ৰতি  ৩০ ছেকেণ্ডত, ভাইৰেল হেপাটাইটিছ সম্পৰ্কীয় ৰোগৰ ফলত কাৰোবাৰ  নহয় কাৰোবাৰ মৃত্যু হয়। অৱশ্যে, প্ৰতিটো হেপাটাইটিছ-সম্পৰ্কীয় মৃত্যু পৰীক্ষা আৰু চিকিৎসা সেৱাৰ  দ্বাৰা প্ৰতিৰোধ  কৰিব পাৰি ।ড. সমুজ্জল ভট্টাচাৰ্য, উপদেষ্টা, আছু সমদলটোত উপস্থিত থাকি কয়,” মই  ডাঃ গোস্বামীৰ প্ৰচেষ্টাক প্ৰশংসা কৰো। যদি আমি আমাৰ চুবুৰীয়া, নিকটতম সম্প্ৰদায়ৰ মাজত হেপাটাইটিছ সম্পৰ্কে সজাগতা বিয়পোৱাৰ দায়িত্ব লওঁ, আমি এই ৰোগটো প্ৰতিৰোধ  কৰাত সফল হ'ম। ২০o৮ ত আৰম্ভ হোৱা এই সজাগতাৰ লগত লাগি থকা চেতনা দাসে  কয় হেপাটাইটিছ  ৰোগটো চিনাক্ত কৰিবলৈ প্ৰতিজন ব্যক্তিয়ে নিয়মীয়াকৈ পৰীক্ষা কৰিব লাগিব। সমদলটো নেহৰু ষ্টেডিয়ামত সমাপ্ত হয়,এনডিআৰএফ, বিএছএফ, অসম আৰক্ষী, ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণ, স্কাউট আৰু গাইড, দিচপুৰ হস্পিটেল নাৰ্চিং স্কুল, দিচপুৰ পলিক্লিনিক নাৰ্চিং স্কুল, ৰহমান হস্পিটেল নাৰ্চিং স্কুল, আৰ্য হস্পিটেল নাৰ্চিং স্কুল আদিৰ পৰা সক্ৰিয় অংশগ্ৰহণ কৰা দেখা যায়। অংশগ্ৰহণকাৰীসকলক এক পৰিষ্কাৰ আৰু সেউজীয়া পৰিৱেশ সৃষ্টিত সহায় কৰিবলৈ আয়োজক দলৰ ফালৰ পৰা গছপুলিও  প্ৰদান কৰা হয় ।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here