ডালমিয়া ভাৰত ফাউণ্ডেচনৰ খাদ্য সেৱা উদ্যোগত দক্ষতা প্ৰশিক্ষণ প্ৰদান কৰিবলৈ জুবিলেন্ট ভাৰতীয় ফাউণ্ডেচনৰ সৈতে সহযোগিতা - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday 29 July 2023

ডালমিয়া ভাৰত ফাউণ্ডেচনৰ খাদ্য সেৱা উদ্যোগত দক্ষতা প্ৰশিক্ষণ প্ৰদান কৰিবলৈ জুবিলেন্ট ভাৰতীয় ফাউণ্ডেচনৰ সৈতে সহযোগিতা


 

~বহনক্ষম জীৱিকাৰ সুযোগৰ জৰিয়তে   গাওঁৰ  যুৱক-যুৱতীসকলক প্ৰশিক্ষণ~



W7s news,,,,নতুন দিল্লী,,,    ডালমিয়া ভাৰত লিমিটেড (DBL) , এক আগশাৰীৰ চিমেণ্ট  আৰু চেনী কোম্পানীৰ  কৰ্পোৰেট সামাজিক দায়বদ্ধতা শাখা  (CSR) ডালমিয়া ভাৰত ফাউণ্ডেচনে (DBF), জুবিলেণ্ট ভাৰতীয় গ্ৰুপৰ চিএছআৰ শাখা জুবিলেণ্ট ভাৰতীয় ফাউণ্ডেচনৰ সৈতে  সহযোগিতা  কৰিছে। কুইক চাৰ্ভিচ ৰেষ্টুৰেণ্ট (QSR)  কাম কাজত  গাওঁৰ  যুৱক-যুৱতীসকলক প্ৰশিক্ষণ দিয়াৰ বাবে খাদ্য সেৱা, ফাৰ্মাচিউটিকেল, জীৱন বিজ্ঞান আদিৰ বিভিন্ন ব্যৱসায়িক  কামত  জড়িত ।  কিউএছআৰ (QSR)  উদ্যোগত নিযুক্তিৰ সুযোগ প্ৰদান আৰু বহনক্ষম জীৱিকা লাভ কৰাৰ উদ্দেশ্যৰে আজি এক বুজাবুজিৰ চুক্তি স্বাক্ষৰ  কৰা হয়। ভাৰতত কিউ.এছ.আৰ. উদ্যোগৰ গুৰুত্বপূৰ্ণ বিকাশ হৈছে, ই  এক বজাৰ সমৃদ্ধ আৰু খাদ্য সেৱা ব্যৱসায়ৰ বাবে অনেক সুযোগ থকা  উদ্যোগ। প্ৰশিক্ষণ কাৰ্যসূচীবোৰ ডি.বি.এফ.(DBF)-ৰ DIKSHa কেন্দ্ৰত পৰিচালনা কৰা হ'ব,  এই  DIKSHa কেন্দ্ৰ সমগ্ৰ ভাৰতত  ১৮ টা স্থানত অৱস্থিত। এই প্ৰচেষ্টাই শিক্ষাৰ্থীসকলক  গ্ৰাহক (Customer) আৰু কিউএছআৰ (QSR)উদ্যোগ দুয়োটাৰে  প্ৰত্যাশা আৰু মানদণ্ডৰ প্ৰতি সচেতন কৰিব বিচাৰে। ডিবিএফে (DBF) 24 বিত্তীয় বৰ্ষত। ৩৬০০ প্ৰশিক্ষাৰ্থীক প্ৰশিক্ষণ দিয়াৰ লক্ষ্য ৰাখিছে।শ্ৰেণীকোঠাৰ প্ৰশিক্ষণৰ 84 ঘণ্টা জুৰি থকা এই পাঠ্যক্ৰমটোৱে   প্ৰশিক্ষাৰ্থীসকলক কিউ.এছ.আৰ. (QSR) উদ্যোগত কেৰিয়াৰ গঢ়ি তুলিবলৈ প্ৰয়োজনীয় দক্ষতাৰে  সাজু কৰিব। এই সামগ্ৰিক কাৰ্যসূচীয়ে শিক্ষাৰ্থীসকলক কুইক চাৰ্ভিচ ৰেষ্টুৰেণ্ট অপাৰেচনৰ  সেৱাৰ উৎকৰ্ষতাৰ ওপৰত বিশেষ গুৰুত্ব দি তাত্ত্বিক আৰু ব্যৱহাৰিক দুয়োটা দিশৰ সৈতে পৰিচয় কৰাব । ইয়াৰ উপৰিও, জুবিলেণ্ট ভাৰতীয় ফাউণ্ডেচনে এক অন জব ট্ৰেইনিং (OJT) সুযোগ প্ৰদান কৰিব, যত প্ৰশিক্ষাৰ্থীসকলেও বৃত্তি লাভ কৰিব।   ওজেটি (OJT) সফলতাৰে সম্পূৰ্ণ হোৱাৰ পিছত, প্ৰশিক্ষাৰ্থীসকলক কিউএছআৰ (QSR) উদ্যোগৰ সংগঠিত খণ্ডত পূৰ্ণ-সময়ৰ পদ (Full Time Position) প্ৰদান কৰা হ'ব আৰু নয়ডাৰ নেচনেল ইনষ্টিটিউট ফৰ এণ্টাৰপ্ৰিনিয়ৰশ্বিপ এণ্ড স্মল বিজনেছ ডেভেলপমেণ্ট (National Institute for Entrepreneurship and Small Business Development (NIESBUD), Noida ৰ দ্বাৰা প্ৰমাণপত্ৰ প্ৰদান কৰা হ'ব।এই সন্দৰ্ভত মন্তব্য কৰি ডালমিয়া ভাৰত ফাউণ্ডেচনৰ মুখ্য কাৰ্যবাহী বিষয়া শ্ৰী অশোক কে গুপ্তাই কয়,” ডালমিয়া ভাৰত ফাউণ্ডেশ্যনত (DBF), আমি সামগ্ৰিক উন্নয়নৰ প্ৰচাৰ আৰু সেৱা আগবঢ়োৱা সম্প্ৰদায়বোৰক এক ইতিবাচক প্ৰভাৱ সৃষ্টি কৰিবলৈ সমৰ্পিত। জুবিলেণ্ট ভাৰতীয় ফাউণ্ডেচনৰ সৈতে আমাৰ সহযোগিতা আমাৰ দৃষ্টিভংগীৰ সৈতে সম্পূৰ্ণৰূপে সংগতি ৰাখে, কিয়নো আমি দক্ষতা বিকাশৰ জৰিয়তে  গাওঁ অঞ্চলৰ যুৱ প্ৰতিভাক শক্তিশালী কৰিবলৈ চেষ্টা কৰিছো। কিউ.এছ.আৰ.(QSR) উদ্যোগটোৱে বিকাশ আৰু নিযুক্তিৰ বাবে অপৰিসীম সুযোগ প্ৰদান কৰে আৰু আমাৰ সমগ্ৰ ভাৰত দীক্ষা (DIKSHa) কেন্দ্ৰবোৰে তেওঁলোকক শিকাৰ কেন্দ্ৰ হিচাপে কাম কৰিব।এই পৰিৱৰ্তনশীল যাত্ৰাত আমাৰ সৈতে হাত  মিলোৱা বাবে  আমি আনন্দিত,  আমি জুবিলেণ্ট ভাৰতীয় ভাৰতীয় ফাউণ্ডেচনক প্ৰশংসা কৰিছো। একেলগে আমি কেৱল বহনক্ষম জীৱিকাৰ পথ সৃষ্টি নকৰোঁ, দেশৰ অৰ্থনৈতিক বিকাশত অৰিহণা যোগাব পাৰিম– এক  আত্মনিৰ্ভৰ ভাৰতৰ দিশত।" অনুষ্ঠানত ,  বিবেক প্ৰকাশে, ভিপি(VP) আৰু হেড-চিএছআৰ  (Head CSR) , জুবিলেণ্ট  ভাৰতীয় গ্ৰুপ , কয়, " "জুবিলেণ্ট ভাৰতীয় ফাউণ্ডেশ্যনত, আমি যুৱ সকলক (পুৰুষ/মহিলা) কৰ্মশক্তিত সফল হোৱাৰ বাবে প্ৰয়োজনীয় দক্ষতা বিকাশৰ সমান সুযোগ প্ৰদান কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ। কিউ.এছ.আৰ. (QSR) উদ্যোগ টো কেৰিয়াৰ আৰম্ভ কৰাৰ বাবে এক উৎকৃষ্ট স্থান, আৰু আমাৰ নতুন প্ৰশিক্ষণ কাৰ্যসূচীয়ে যুৱ সকলক এই বৰ্ধিত উদ্যোগত চাকৰি পাবলৈ প্ৰয়োজনীয় দক্ষতা প্ৰদান কৰিব। কিউ.এছ.আৰ.-ৰ এক নেতা জুবিলেণ্ট ফুডৱৰ্কছ লিমিটেড আৰু প্ৰশিক্ষণ অংশীদাৰ ডালমিয়া ভাৰত ফাউণ্ডেচনৰ সমৰ্থনৰ জৰিয়তে, এই দক্ষতা প্ৰশিক্ষণ কাৰ্যসূচীৰ শুভাৰম্ভ সংগঠিত খণ্ডৰ যুৱ লোকসকলৰ বাবে এক ইতিবাচক পদক্ষেপ, বিশেষকৈ উচ্চাকাংক্ষী জিলা আৰু ইতিবাচক গোটৰ পৰা অহা লোকসকলৰ বাবে কিউ.এছ.আৰ. (QSR)উদ্যোগ হৈছে এক বৰ্ধিত উদ্যোগ, আৰু দক্ষ শ্ৰমিকৰ উচ্চ চাহিদা আছে। এই অভিজ্ঞতাই তেওঁলোকক তেওঁলোকৰ  দক্ষতা বিকাশ কৰাত সহায় কৰিব, যেনে দলবদ্ধ কাম, যোগাযোগ, আৰু সমস্যা সমাধান। এই দক্ষতাবোৰে তেওঁলোকক তেওঁলোকৰ ভৱিষ্যতৰ কেৰিয়াৰৰ বাবে এক শক্তিশালী ভেটি গঢ়ি তোলাত সহায় কৰিব।" ডালমিয়া ভাৰত ফাউণ্ডেচনে সমগ্ৰ ভাৰতত ইয়াৰ প্ৰকল্পটোৰ ওচৰৰ গ্ৰাম্য সম্প্ৰদায়সমূহৰ আৰ্থ-সামাজিক উন্নতিৰ দিশত নিৰন্তৰ ভাৱে কাম কৰি আহিছে। ফাউণ্ডেচনে দক্ষতা বিকাশ, কৃষকসকলৰ বাবে আধুনিক কৃষি পদ্ধতিৰ ওপৰত প্ৰশিক্ষণ, স্বাস্থ্য শিবিৰ আৰু অঞ্চলটোৰ অন্যান্য উন্নয়নমূলক কাৰ্যসূচীৰ ওপৰত গুৰুত্ব দি বিভিন্ন কাৰ্যসূচী পৰিচালনা কৰি আহিছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here