আইএনআইএফডি গ্লোবেলৰ মুখ্য কাৰ্যবাহী বিষয়া অনিল খোচলা, বলীউড অভিনেতা আৰু চেলিব্ৰিটি হোষ্ট অমন বাৰ্মাৰ উপস্থিতিত আইএনআইএফডি-ৰ এনএছডিচি-মঞ্জুৰীপ্ৰাপ্ত ডিগ্ৰী আৰু ডিপ্লোমা কাৰ্যসূচী প্ৰৱৰ্তন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday 28 July 2023

আইএনআইএফডি গ্লোবেলৰ মুখ্য কাৰ্যবাহী বিষয়া অনিল খোচলা, বলীউড অভিনেতা আৰু চেলিব্ৰিটি হোষ্ট অমন বাৰ্মাৰ উপস্থিতিত আইএনআইএফডি-ৰ এনএছডিচি-মঞ্জুৰীপ্ৰাপ্ত ডিগ্ৰী আৰু ডিপ্লোমা কাৰ্যসূচী প্ৰৱৰ্তন


 

W7s news,,,গুৱাহাটী,:  ইণ্টাৰ নেচনেল ইনষ্টিটিউট অৱ ফেশ্বন ডিজাইন, আইএনআইএফডি গুৱাহাটীয়ে অলপতে মেধাৱী স্কিলছ ইউনিভাৰ্চিটি আৰু এনএছডিচি-মঞ্জুৰীপ্ৰাপ্ত ডিগ্ৰী আৰু ডিপ্লোমা কাৰ্যসূচী প্ৰৱৰ্তনেৰে এক ঐতিহাসিক পদক্ষেপৰ শুভাৰম্ভণি কৰে। উক্ত অনুষ্ঠানত আইএনআইএফডি গ্লোবেলৰ মুখ্য কাৰ্যবাহী বিষয়া শ্ৰীযুত অনিল খোচলা, বলীউডৰ অভিনেতা তথা চেলিব্ৰিটি হোষ্ট শ্ৰীযুত অমন বাৰ্মা, খ্যাতনামা অসমীয়া চেলিব্ৰিটি বিক্ৰম ৰাজখোৱাকে ধৰি বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।ফেশ্বন আৰু আভ্যন্তৰীণ ডিজাইনৰ এই অভিনৱ কাৰ্যসূচীবোৰ নতুন শিক্ষা নীতি(এনইপি ২০২০)ৰ অধীনত মেধাৱী স্কিলছ ইউনিভাৰ্চিটিৰ শৈক্ষিক উৎকৰ্ষতাৰ সৈতে বিশ্বৰ সৰ্ববৃহৎ ডিজাইন প্ৰতিষ্ঠান আইএনআইএফডিৰ দক্ষতা নিৰ্মাণ ব্যৱস্থাক সংযুক্ত কৰি আগবঢ়োৱা হ'ব।  অনিল খোচলা(আইএনআইএফডিৰ মুখ্য কাৰ্যবাহী বিষয়া)ই অত্যন্ত আত্মবিশ্বাসেৰে সৈতে কয় যে এই পাঠ্যক্ৰমসমূহে ডিগ্ৰী আৰু ডিপ্লোমা শিক্ষাৰ্থীসকলৰ মৌলিক বিষয়বোৰ শক্তিশালী কৰাৰ লগতে তেওঁলোকক ব্যৱহাৰিক পৰীক্ষণৰ সক্ষমতা প্ৰদান কৰিব। এই শৈক্ষিক কাৰ্যসূচীৰ অধীনত আগবঢ়োৱা ব্যৱহাৰিক প্ৰশিক্ষণে তেওঁলোকৰ সৃষ্টিশীলতা, সিদ্ধান্ত লোৱাৰ সামৰ্থ্য আৰু নিযুক্তিৰ সম্ভাৱনা বৃদ্ধি কৰিব। শিক্ষাৰ শেষত তেওঁলোকে নতুন শিক্ষা নীতি অনুসৰি বি.ভি.ও.চি., এম.ভি.ও.চি. আৰু বি.ডেছৰ ইউ.জি.চি.-অনুমোদিত ডিগ্ৰী লাভ কৰিব। তেওঁ শিক্ষাৰ্থীসকলৰ ব্যতিক্ৰমী ডিজাইন দক্ষতাক প্ৰশংসা কৰে আৰু তেওঁলোকৰ সৃষ্টিশীলতাত অনুপ্ৰেৰণা যোগায়। প্ৰাণৱন্ত নৃত্য আৰু উপভোগ্য কাৰ্যসূচীৰ জৰিয়তে তেওঁ এই উৎসাহপূৰ্ণ অনুষ্ঠানটো অধিক আকৰ্ষণীয় কৰি তোলে। অমন বাৰ্মা (বলীউড অভিনেতা আৰু চেলিব্ৰিটি হোষ্ট)ই ডিজাইন খণ্ডত দক্ষ পেছাদাৰীসকলৰ বৰ্ধিত চাহিদাৰ ওপৰত আলোকপাত কৰে। তেওঁ যুৱ আইএনআইএফডিয়ানসকলক প্ৰতিভাৰ বজাৰখনৰ প্ৰয়োজনীয়তাৰ সৈতে সংগতি ৰাখি বিশেষ দক্ষতাৰে সু-সজ্জিত হৈ উঠাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। যথেষ্ট চিন্তা-চৰ্চাৰে আগবঢ়াই দিয়া এই পাঠ্যক্ৰমসমূহ ডমেইন-বিশিষ্ট হ'বলৈ ডিজাইন কৰা হৈছে আৰু ইয়াক ৰাষ্ট্ৰীয় ক্ৰেডিট ফ্ৰেমৱৰ্ক (এনচিএফ)ৰ সৈতে সংৰেখিত কৰা হৈছে।অনুষ্ঠানটোত ভাষণ প্ৰদান কৰি কেন্দ্ৰ সঞ্চালিকা চিঙ্কি আগৰৱালাই কেৰিয়াৰ-মুখী যাত্ৰা আৰু বিশ্বমুখী  দৃষ্টিভংগীৰ জৰিয়তে সৃষ্টিশীলতা বৃদ্ধি কৰি শিক্ষাৰ্থীসকলক পেছাদাৰী উৎকৰ্ষতাৰ বাবে প্ৰস্তুত কৰাৰ বাবে আইএনআইএফডিয়ে প্ৰদান কৰি অহা প্ৰতিশ্ৰুতিৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here