ৰাণীত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ প্ৰতিষ্ঠা দিৱস উদযাপন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Sunday 30 July 2023

ৰাণীত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ প্ৰতিষ্ঠা দিৱস উদযাপন

 

W7s news


গুৱাহাটী  ঃ কেন্দ্রীয় সংৰক্ষিত আৰক্ষী বাহিনী চমুকৈ চি আৰ পি এফৰ  প্ৰতিষ্ঠা দিৱস গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ ৰাণীস্থিত ১৭৫ নং  চি আৰ পি এফ বেটেলিয়ানৰ মুখ্য কাৰ্যালয় চৌহদত ২৭ জুলাইত অতি উলহ-মালহেৰে উদ্‌যাপন কৰা হয়। উল্লেখ্য যে কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী সম্পর্কীয় ইতিহাস হ'ল ১৯৩৯ চনৰ ২৭ জুলাইত ক্রাউন প্রতিনিধি আৰক্ষী নামেৰে কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী গঠন কৰা হৈছিল। স্বাধীনতাৰ পিছত তদানীন্তন গৃহমন্ত্ৰী চৰ্দাৰ বল্লভভাই পেটেলে ইয়াক ক্রাউন ৰিপ্লেজেন্টেটিভ পুলিচৰ পৰা চেণ্ট্ৰেল ৰিজাৰ্ভ পুলিচ ফৰ্চলৈ সলনি কৰে। এই উপলক্ষে ১৭৫ চি আৰ পি এফৰ কমাডেণ্ট ৰাজীৱ কুমাৰ ঝাই প্ৰথমেই  কৰ্তব্যৰ সময়ত প্ৰাণ আহুতি দিয়া বাহিনীৰ বীৰ শ্বহীদ জোৱান - বিষয়া সকলক শ্ৰদ্ধা নিবেদন কৰে। তাৰ পাছত বাহিনীটোৰ  অন্যান্য বিষয়া আৰু অধীনস্থ বিষয়াসকলে শ্বহীদ স্মৃতিসৌধত শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে। অানহাতে প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি প্ৰেক্ষাগৃহত এখন সৈনিক সন্মিলন অনুষ্ঠিত হয় । সন্মিলনত কমাডেণ্ট ৰাজীৱ কুমাৰ ঝাই উপস্থিত বিষয়া - জোৱান সকলক সম্বোধন কৰি চি আৰ পি এফৰ  ইতিহাস আৰু গৌৰৱৰ বিষয়ে  ব্যক্ত কৰি  প্ৰতিষ্ঠা দিৱসত সকলোলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে। ইয়াৰ উপৰি প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি নিশা সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হয়। অনুষ্ঠানত কেবাজনো বিষয়া - জোৱান আৰু তেওঁলোকৰ সন্তানে নৃত্য, গীত অাৰু আলেখ্য পৰিবেশন কৰে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here