পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ প্ৰশিক্ষাৰ্থীৰ তিনিদিনীয়া ক্ষেত্ৰ পৰিদৰ্শন কাৰ্যসূচীৰ সামৰণি - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Sunday 30 July 2023

পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ প্ৰশিক্ষাৰ্থীৰ তিনিদিনীয়া ক্ষেত্ৰ পৰিদৰ্শন কাৰ্যসূচীৰ সামৰণি

 

W7s news


গুৱাহাটী :  অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে কৰ্মচাৰী সকলৰ দক্ষতা বৃদ্ধিৰ বাবে ক্ষেত্ৰ পৰিদৰ্শন কাৰ্যসূচীৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে । ইয়াৰ অংশহিচাপে বিভাগৰ খানাপাৰাস্থিত সঞ্চালকালয়ৰ উদ্যোগত আৰু গুৱাহাটীৰ আজাৰা কাঁহিকুছিস্থিত ৰাজ্যিক গ্ৰামোন্নয়ন প্ৰতিষ্ঠানৰ (এছ আই আৰ ডি ) সহযোগত ২৭ জুলাইৰ পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত ক্ষেত্ৰ পৰিদৰ্শন কাৰ্যসূচীৰ আজি সামৰণি পৰে। এই কাৰ্যসূচীৰ অধীনত বিভাগৰ জ্যেষ্ঠ সহায়ক, কনিষ্ঠ সহায়ক, কাৰ্যসূচী সহায়ক আৰু তথ্য অন্তৰ্ভুক্ত সহায়ক সকলক গোৱালপাৰা জিলাৰ পৰিষ্কাৰ গাওঁ হিচাপে পৰিচিত ৰাংচাপাৰা আৰু নিচানগ্ৰামলৈ লৈ যোৱা হয়।  ক্ষেত্ৰ পৰিদৰ্শন কাৰ্যসূচীত প্ৰশিক্ষাৰ্থী সকলক কাৰ্যালয় পৰিচালনাৰ নিয়ামাবলী আৰু পৰিচালনা বিধিৰ বিষয়ে প্ৰশিক্ষণ দিয়া হয় । অানহাতে ক্ষেত্ৰ পৰিদৰ্শন কাৰ্যসূচীত নেতৃত্ব প্ৰদান কৰে মুখ্য কাৰ্যালয়ৰ উপ সঞ্চালক অনুপম দত্ত, জেষ্ঠ্য প্ৰশাসনিক বিষয়া অৰুন্ধতী মিশ্ৰ, প্ৰশাসনিক বিষয়া হেৰাম নাথ, অধীক্ষক ৰাতুল শৰ্মাই । তেনেদৰে এছ আই আৰ ডিৰ ফালৰ পৰা নেতৃত্ব প্ৰদান কৰে প্ৰতিষ্ঠানখনৰ অধ্যক্ষা লালৰেম চিয়ামি গামলাই, দায়িত্ববাহী বিষয়া শিৱ প্ৰসাদ বৰা, ফেকাল্টি সদস্য ফুলেশ্বৰ চহৰীয়া আৰু হিচাপ ৰক্ষক হেমেন বৈশ্যই । ইফালে ক্ষেত্ৰ পৰিদৰ্শনৰ সময়ত ৰাংচাপাৰা গাঁৱত পৰ্যটকৰ সুবিধাৰ বাবে নিৰ্মাণ কৰা "ৰুৰেল হোম ষ্টে" আদি পৰিদৰ্শন কৰা হয়।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here