#ৰোৱনী-দাৱনীৰে ভৰি পৰিছে পশ্চিম গুৱাহাটীৰ খেতিপথাৰ# - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Sunday 30 July 2023

#ৰোৱনী-দাৱনীৰে ভৰি পৰিছে পশ্চিম গুৱাহাটীৰ খেতিপথাৰ#



# আন্ধেৰীজুলিত  ভূঁই ৰোৱা উৎসৱ পালন#





W7s news গুৱাহাটী : প্ৰকৃতিৰ চিৰাচৰিত নিয়মৰে শাওনৰ মাহ আৰম্ভ হোৱাৰ পিছত ৰাজ্যৰ খেতিপথাৰত বছৰটোৰ বাবে লখিমীক নিজ ঘৰলৈ যাতে নিব পাৰে সেই লক্ষ্যৰে কৃষক, ৰোৱনী সকল কৃষি কৰ্মত নামি পৰিছে। অৱশ্যে ৰাজ্যৰ বহু অঞ্চল । ইফালে খৰাং আৰু বানৰ পৰা  তুলনামূলকভাৱে মুক্ত অঞ্চল সমূহত শাওনৰ মাহ পৰাৰ লগে লগে কৃষকসকল শালিধানৰ খেতি কৰাৰ বাবে সাজু হোৱা পৰিলক্ষিত হৈছে। ৰাজ্যৰ আন প্ৰান্তৰ লগতে পশ্চিম গুৱাহাটীৰ শালি ধানৰ খেতিৰ বাবে বিগত বৃহত্তৰ ৰাণী অঞ্চলত শাওন মাহৰ প্ৰথম দিনটোৰ পৰাই কৃষক সকল হালৰ গৰু, পাৱাৰ টিলাৰ, টেক্টৰ লৈ নামি পৰা পৰিলক্ষিত হৈছে। নয়নাভিৰাম প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপুৰ ৰাণীকে ধৰি পশ্চিম গুৱাহাটীৰ খেতিপথাৰ সমূহ ৰোৱনী-দাৱনীৰে ভৰি পৰা পৰিলক্ষিত হৈছে। এই সন্দৰ্ভত পশ্চিম গুৱাহাটীৰ কৃষি কৰ্মৰ লগত জড়িত উদ্যমী ব্যক্তি দেউচোতালৰ  বলেশ্বৰ ৰংপী, ৰোৱনী হিচাপে অভিজ্ঞ মহিলা তথা আজাৰা গাঁও পঞ্চয়াতৰ সভানেত্ৰী কবিতা বড়ো ৰংপীকে ধৰি কৃষি কৰ্মত ব্যস্ত একাংশ কৃষকে জানিবলৈ দিয়া মতে  পূৰ্বৰ গৰুৰ সলনি বেছিভাগতে পাৱাৰ টিলাৰ, ট্ৰেক্টৰকে ধৰি কৃষি ক্ষেত্ৰত যান্ত্ৰিক পদ্ধতিৰ বহুল ব্যৱহাৰৰ বাবে উঠি অহা নতুন প্ৰজন্মৰ বহু শিক্ষিত যুৱক কৃষি খণ্ডত নামি পৰিছে। যিটো অতি শুভ লক্ষণ। সমান্তৰালভাৱে শাওন মাহৰ ভিতৰত শালিধানৰ খেতিৰ কামখিনি বা কঠীয়া তথা ভুই ৰুৱ পাৰিলেহে আঘোণ মাহত পথাৰৰ পৰা লখিমীক ঘৰলৈ নিব পাৰিব।  অানহাতে আজি ৰাণীৰ কাষৰীয়া আন্ধেৰীজুলিৰ খেতি পথাৰত বলেশ্বৰ ৰংপীৰ উদ্যোগত ভূঁই ৰোৱা উৎসৱ পালন কৰা হয়। প্ৰথমতে লক্ষ্মী দেৱীক আৰাধনা কৰি এগছি ভূঁই ৰুই ১০ জনী ৰোৱনীৰ সৈতে খেতি পথাৰত ভূঁই ৰোৱা উৎসৱৰ শুভাৰম্ভ কৰে আজাৰা গাঁও পঞ্চায়তৰ সভানেত্ৰী কবিতা বড়ো ৰংপীয়ে। তেনেদৰে ভূঁই ৰোৱাৰ পূৰ্বে পথাৰত পাৱাৰ টিলাৰ চলাই সকলোকে আপ্লুত কৰে প্ৰাক্তন কৃষক নেতা বলেশ্বৰ ৰংপীয়ে। ইফালে কৃষি প্ৰধান অঞ্চল হিচাপে পৰিচিত আৰু শালি ধানৰ খেতিৰ বাবে বিখ্যাত বৃহত্তৰ ৰাণী অঞ্চলত এতিয়া পুৱাৰে পৰা সন্ধিয়ালৈ কৃষক ৰাইজৰ সীমাহীন ব্যস্ততা পৰিলক্ষিত হৈছে। সকলোৰে লক্ষ্য শাওন মাহ শেষ হোৱাৰ পূৰ্বে ভূঁই ৰোৱা কামখিনী সম্পুৰ্ণ কৰা। তেতিয়াহে আঘোণ মাহত পথাৰৰ লখিমীক ঘৰলৈ নিব পাৰিব।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here