ৰাষ্ট্ৰীয় পৰীক্ষা সংস্থা(নেচনেল টেষ্টিং এজেন্সী)ই আৰম্ভ কৰিছে ইণ্টিগ্ৰেটেড টিচাৰ এডুকেচন প্ৰগ্ৰাম(সমন্বিত শিক্ষক শিক্ষা কাৰ্যসূচী)ৰ বাবে কমন এনট্ৰেন্স টেষ্টৰ বাবে অনলাইন আবেদন প্ৰপত্ৰৰ প্ৰক্ৰিয়া - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday 3 July 2023

ৰাষ্ট্ৰীয় পৰীক্ষা সংস্থা(নেচনেল টেষ্টিং এজেন্সী)ই আৰম্ভ কৰিছে ইণ্টিগ্ৰেটেড টিচাৰ এডুকেচন প্ৰগ্ৰাম(সমন্বিত শিক্ষক শিক্ষা কাৰ্যসূচী)ৰ বাবে কমন এনট্ৰেন্স টেষ্টৰ বাবে অনলাইন আবেদন প্ৰপত্ৰৰ প্ৰক্ৰিয়া

 


W7s news,,,গুৱাহাটী, ৩ জুলাইঃ নেচনেল টেষ্টিং এজেন্সী(ৰাষ্ট্ৰীয় পৰীক্ষা সংস্থা)ই ২০২৩-২৪ শিক্ষাবৰ্ষৰ বাবে আই আই টি, এন আই টি, আৰ আই ই আৰু বিভিন্ন চৰকাৰী মহাবিদ্যালয়কে ধৰি নিৰ্বাচিত কেন্দ্ৰীয়/ৰাজ্যিক বিশ্ববিদ্যালয়/প্ৰতিষ্ঠানসমূহত ৪ বছৰীয়া ইণ্টিগ্ৰেটেড টিচাৰ এডুকেচন প্ৰগ্ৰাম চমুকৈ আইটিইপি(সমন্বিত শিক্ষক শিক্ষা কাৰ্যসূচী)ত নামভৰ্তিৰ বাবে নেচনেল কমন এনট্ৰেন্স টেষ্ট (ৰাষ্ট্ৰীয় উমৈহতীয়া প্ৰৱেশ পৰীক্ষা) ২০২৩ৰ বাবে অনলাইন আবেদন পত্ৰ গ্ৰহণৰ প্ৰক্ৰিয়া আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছে। এই আৱেদনৰ ক্ষেত্ৰত সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ একমাত্ৰ এন চি ই টি পৰীক্ষা সহায়ক কেন্দ্ৰ(এক্সাম হেল্প চেণ্টাৰ) হিচাপে বাচনি কৰা হৈছে গুৱাহাটীৰ কাহিলীপাৰাস্থিত মডাৰ্ন ইংলিছ স্কুলক। যিসকল শিক্ষাৰ্থীয়ে একেলগে স্নাতক আৰু বি. এড কৰিব বিচাৰে, তেনে ছাত্ৰ-ছাত্ৰীৰ বাবে সহায়ক হ'ব এই কাৰ্যসূচী। এই আৱেদনৰ ক্ষেত্ৰত সমগ্ৰ উত্তৰ-পূব অঞ্চলৰ একমাত্ৰ এনচিইটি পৰীক্ষা সহায়ক কেন্দ্ৰ(এক্সাম হেল্প চেণ্টাৰ) হিচাপে বাচনি কৰা হৈছে গুৱাহাটীৰ কাহিলীপাৰাস্থিত মডাৰ্ন ইংলিছ স্কুলক। যিসকল শিক্ষাৰ্থীয়ে একেলগে স্নাতক আৰু বি. এড কৰিব বিচাৰে, তেনে ছাত্ৰ-ছাত্ৰীৰ বাবে সহায়ক হ'ব এই কাৰ্যসূচী। এই পদক্ষেপৰ আঁৰত এটাই মূল উদ্দেশ্য, সেয়া হৈছে এনচিইটি পৰীক্ষা ২০২৩ত অৱতীৰ্ণ হ'ব বিচৰা প্ৰাৰ্থীসকলে যাতে কোনো অসুবিধা নোহোৱাকৈ ইয়াৰ বাবে আবেদন কৰিব পাৰে আৰু যিকোনো প্ৰয়োজনীয় সাহায্য বা নিৰ্দেশনা অথবা মুহূৰ্ততে সমাধান লাভ কৰিব পাৰে।গুৱাহাটীস্থিত মডাৰ্ন ইংলিছ স্কুলত এগৰাকী সমৰ্পিত কাৰিকৰী জ্ঞানেৰে অভিজ্ঞতালব্ধ ব্যক্তি উপস্থিত থাকিব, যিয়ে প্ৰাৰ্থীসকলক অনলাইন আবেদন কৰা বা প্ৰ-পত্ৰ পূৰণ কৰাৰ ক্ষেত্ৰত বিশেষভাৱে সহায় কৰিব।। এই হেল্পলাইন সেৱা সম্পূৰ্ণ বিনামূলীয়াকৈ প্ৰদান কৰা হৈছে।এনচিইটি ২০২৩ৰ বাবে আৱেদন প্ৰক্ৰিয়াত সন্মুখীন হোৱা যিকোনো সমস্যাৰ সমাধানৰ বাবে প্ৰাৰ্থী-অভিভাৱকে মডাৰ্ন ইংলিছ স্কুলৰ WhatsApp নম্বৰ ৮৪৭৩০ ১৩৫০৭ত অথবা ই-মেইল digantaroy@mhs.ac.in-ৰ জৰিয়তে যোগাযোগ কৰিব পাৰিব।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here