গুৱাহাটীত বিনামূলীয়া কৰ্কট সজাগতা সম্পৰ্কীয় আলোচনাচক্ৰ আৰু চিকিৎসা শিবিৰৰ আয়োজন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Sunday 30 July 2023

গুৱাহাটীত বিনামূলীয়া কৰ্কট সজাগতা সম্পৰ্কীয় আলোচনাচক্ৰ আৰু চিকিৎসা শিবিৰৰ আয়োজন


 


W7s news,,,,গুৱাহাটী:   ৰ'টাৰী ক্লাব গুৱাহাটী লুইত, চেতনা লেডিজ ক্লাব আৰু লিম্ফোমা ছাপ'ৰ্ট গ্ৰুপৰ সহযোগত গুৱাহাটীত এক বিনামূলীয়া কৰ্কট সজাগতা আলোচনাচক্ৰ আৰু চিকিৎসা শিবিৰ অনুষ্ঠিত হয়। অনুষ্ঠানটোত ফৰ্টিছ হেল্থকেয়াৰৰ প্ৰখ্যাত চিকিৎসকসকল উপস্থিত থাকে। কৰ্কট ৰোগ জয় কৰা ব্যক্তিসকলৰ সংগঠন লিম্ফোমা চাপোৰ্ট গ্ৰুপ অফ ইণ্ডিয়াই কৰ্কট ৰোগীসকলৰ মাজত তেওঁলোকৰ মূলমন্ত্ৰ 'জানোগে তো জিতোগে' (জ্ঞানেই হৈছে বিজয়)ৰ জৰিয়তে কৰ্কট ৰোগ সম্পৰ্কে সজাগতা বৃদ্ধি আৰু মানুহৰ মাজত অনুপ্ৰেৰণা যোগোৱাৰ ক্ষেত্ৰত সক্ৰিয় ভূমিকা গ্ৰহণ কৰি আহিছে। দিল্লীৰ ফৰ্টিছ হেল্থকেয়াৰৰ বিশিষ্ট চিকিৎসকসকলৰ সহযোগত লিম্ফোমা ছাপোৰ্ট গ্ৰুপে গুৱাহাটীৰ লায়ন আইজ হস্পিটেলত এক বিনামূলীয়া কৰ্কট সজাগতা আৰু চিকিৎসা শিবিৰৰ আয়োজন কৰে।ফৰ্টিছ হেল্থকেয়াৰৰ প্ৰখ্যাত অংক'লজী বিশেষজ্ঞ ড. ৰাহুল ভাৰ্গৱে আগতীয়াকৈ কৰ্কট ৰোগ চিনাক্তকৰণৰ অতি প্ৰয়োজনীয়তা আৰু গুৰুতৰ  পৰ্যায়তো ৰোগবিধৰ পৰা সম্পূৰ্ণ আৰোগ্য লাভ কৰাৰ সম্ভাৱনাৰ বিষয়ে উপস্থিত সকলক শিক্ষা প্ৰদান কৰি শিবিৰত মুখ্য অৱদান আগবঢ়ায়। "কৰ্কট ৰোগ মৃত্যুদণ্ড নহয়। তাৎক্ষণিক আৰু উপযুক্ত চিকিৎসাৰ দ্বাৰা আমি এই ৰোগটো দূৰ কৰিব পাৰোঁ," ড০ ৰাহুল ভাৰ্গৱে কয়। শিবিৰৰ সময়ত, কাৰ্কিনোছ হেল্থকেয়াৰৰ সহকাৰী উপ-সভাপতি শ্ৰীমতী কৌছাৰ কিদৱাইও গৰ্ভাশয়ৰ কৰ্কট ৰোগৰ ওপৰত বক্তৃতা প্ৰদান কৰি এই নিৰ্দিষ্ট কৰ্কট প্ৰকাৰৰ লক্ষণ আৰু চিকিৎসাৰ বিষয়ে মূল্যৱান পৰামৰ্শ দিয়ে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here